--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফ্ৰান্সক হৰুৱাই আমিয়ে বিশ্ব চেম্পিয়ন হ’ম আৰু তাত মই গ’ল কৰিম! বিশ্বকাপৰ ফাইনেলৰ পূৰ্বেই নিজৰ পত্নীক এইদৰে ভৱিষ্যদ্বাণী ব্যক্ত কৰিছিল আৰ্জেণ্টিনাৰ তাৰকা এঞ্জেল ডি মাৰিয়াই। তাৎপৰ্যপূৰ্ণভাৱে তাৰকাগৰাকীৰ প্ৰতিটো কথা আখৰে আখৰে ফলিয়াই গৈছিল। ডি মাৰিয়াই এটা দূৰ্দান্ত গ’লো কৰিলে আৰু জিকিও গ’ল আৰ্জেণ্টিনা!

শেহতীয়াকৈ ইনষ্টাগ্ৰাম ষ্ট’ৰীত স্বামী ডি মাৰিয়াৰ হোৱাটচআপ বাৰ্তালাপৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে পত্নী জৰ্জেলিনা কাৰ্ড’ছ’ৱে। ফাইনেলৰ পূৰ্বে স্পেনিছ ভাষাত লিখা বাৰ্তালাপটোত আৰ্জেণ্টিনাৰ তাৰকা উইংগাৰগৰাকীয়ে কৈছিল- ''আমি বিশ্বজয়ী হ’ম। এয়া ইতিমধ্যে লিখা হৈ গৈছে। আৰু মই গ’লো কৰিম।’’

''কাইলে আনন্দ উপভোগ কৰা। কাৰণ আমিয়ে বিশ্বচেম্পিয়ন হ’ম। ট্ৰফীটো আমাৰ প্ৰাপ্য, আমি প্ৰত্যাশা কৰো।’’- ডি মাৰিয়াই এইদৰে লিখে।

''মই তোমাক কৈছো যেতিয়া তুমি বিশ্বাস কৰিবিই লাগিব।’’- স্মাইলী ইমোজী প’ষ্ট কৰি ডি মাৰিয়াই পত্নীক এইদৰে কয়।

উল্লেখ্য যে বিশ্বকাপৰ ফাইনেলত ডি মাৰিয়াই প্ৰথমাৰ্ধত দূৰ্দান্ত খেলা প্ৰদৰ্শন কৰিছিল। আৰ্জেণ্টিনাৰ প্ৰথমটো গ’ল হৈছিল পেনাল্টিৰ জৰিয়তে। লিঅ’নেল মেছিয়ে লোৱা সেই পেনাল্টিটো আৰ্জেণ্টিনাই লাভ কৰিছিল ডি মাৰিয়াৰ ওপৰত হোৱা ফাউলৰ বাবে। ফ্ৰান্সৰ ওচমান ডেম্বেলেই ডি মাৰিয়াক পেনাল্টি বক্সৰ ভিতৰত গটা মাৰি দিয়ে।

তাৰপাছতে ডি মাৰিয়াই নিজৰ গ’লটো দিবলৈ সক্ষম হয়। মিডফিল্ডৰ পৰা লিঅ’নেল মেছিয়ে দিয়া এটা ক্ৰ’ছ মেক  এলিষ্টাৰে ডি মাৰিয়ালৈ এছিষ্ট কৰে। তাৰপাছৰ খিনি এতিয়া ইতিহাস।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক