--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফ্ৰান্সক হৰুৱাই আমিয়ে বিশ্ব চেম্পিয়ন হ’ম আৰু তাত মই গ’ল কৰিম! বিশ্বকাপৰ ফাইনেলৰ পূৰ্বেই নিজৰ পত্নীক এইদৰে ভৱিষ্যদ্বাণী ব্যক্ত কৰিছিল আৰ্জেণ্টিনাৰ তাৰকা এঞ্জেল ডি মাৰিয়াই। তাৎপৰ্যপূৰ্ণভাৱে তাৰকাগৰাকীৰ প্ৰতিটো কথা আখৰে আখৰে ফলিয়াই গৈছিল। ডি মাৰিয়াই এটা দূৰ্দান্ত গ’লো কৰিলে আৰু জিকিও গ’ল আৰ্জেণ্টিনা!

শেহতীয়াকৈ ইনষ্টাগ্ৰাম ষ্ট’ৰীত স্বামী ডি মাৰিয়াৰ হোৱাটচআপ বাৰ্তালাপৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে পত্নী জৰ্জেলিনা কাৰ্ড’ছ’ৱে। ফাইনেলৰ পূৰ্বে স্পেনিছ ভাষাত লিখা বাৰ্তালাপটোত আৰ্জেণ্টিনাৰ তাৰকা উইংগাৰগৰাকীয়ে কৈছিল- ''আমি বিশ্বজয়ী হ’ম। এয়া ইতিমধ্যে লিখা হৈ গৈছে। আৰু মই গ’লো কৰিম।’’

''কাইলে আনন্দ উপভোগ কৰা। কাৰণ আমিয়ে বিশ্বচেম্পিয়ন হ’ম। ট্ৰফীটো আমাৰ প্ৰাপ্য, আমি প্ৰত্যাশা কৰো।’’- ডি মাৰিয়াই এইদৰে লিখে।

''মই তোমাক কৈছো যেতিয়া তুমি বিশ্বাস কৰিবিই লাগিব।’’- স্মাইলী ইমোজী প’ষ্ট কৰি ডি মাৰিয়াই পত্নীক এইদৰে কয়।

উল্লেখ্য যে বিশ্বকাপৰ ফাইনেলত ডি মাৰিয়াই প্ৰথমাৰ্ধত দূৰ্দান্ত খেলা প্ৰদৰ্শন কৰিছিল। আৰ্জেণ্টিনাৰ প্ৰথমটো গ’ল হৈছিল পেনাল্টিৰ জৰিয়তে। লিঅ’নেল মেছিয়ে লোৱা সেই পেনাল্টিটো আৰ্জেণ্টিনাই লাভ কৰিছিল ডি মাৰিয়াৰ ওপৰত হোৱা ফাউলৰ বাবে। ফ্ৰান্সৰ ওচমান ডেম্বেলেই ডি মাৰিয়াক পেনাল্টি বক্সৰ ভিতৰত গটা মাৰি দিয়ে।

তাৰপাছতে ডি মাৰিয়াই নিজৰ গ’লটো দিবলৈ সক্ষম হয়। মিডফিল্ডৰ পৰা লিঅ’নেল মেছিয়ে দিয়া এটা ক্ৰ’ছ মেক  এলিষ্টাৰে ডি মাৰিয়ালৈ এছিষ্ট কৰে। তাৰপাছৰ খিনি এতিয়া ইতিহাস।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু