--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হৈছে। নিৰ্বাচনত ইভিএমৰ ব্যৱহাৰ বন্ধ কৰিব লাগে বুলি বহুতে মন্তব্য কৰি আহিছে। মুখ্য নিৰ্বাচন আয়ুক্তই বুধবাৰে ই ভি এম ব্যৱহাৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবে  বিৰোধীপক্ষক সমালোচনাও কৰিছে। 

শেহতীয়াকৈ  কংগ্ৰেছে ইভিএমৰ প্ৰসংগত সুৰ কোমল কৰিছে। দলটোৰ মুখ্য মুখপাত্ৰ জয়ৰাম ৰমেশে কয়, "কংগ্ৰেছ বা ইণ্ডিয়া মিত্ৰজোঁট ই ভি এমৰ বিৰোধী নহয়। কিন্তু যিধৰণে ই ভি এমৰ  'হেৰফেৰ' কৰা হৈছে,  সেই কথাৰহে বিৰোধিতা কৰা হৈছে।"

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে লগতে  কয়, "যোৱা ডিচেম্বৰ মাহত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকত আমি সকলো দলৰ সৈতে এই বিষয়ে আলোচনা কৰিছিলো। আমি ই ভি এমৰ বিৰোধী নহয়, আমি ইলেক্ট্ৰনিক ভোটিং মেচিনৰ  মেনিপুলেচনৰহে বিৰোধী"। জয়ৰাম ৰমেশে স্পষ্ট কৰি দিয়ে  যে ইণ্ডিয়া মিত্ৰজোঁটে  ভিভিপিএটি১০০ শতাংশ বুথত ব্যৱহাৰ কৰিব লাগে বুলি দাবী জনাই আহিছে। "

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পিছত কংগ্ৰেছে ইভিএমকলৈ প্ৰশ্ন উত্থাপন কৰিছিল। শেহতীয়াকৈ বিৰোধীয়ে ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰ পুনৰ ব্যৱহাৰ কৰাৰ দাবী জনাইছিল। কিন্তু লোকসভা নিৰ্বাচনৰ দিন  ঘোষণাৰ পিছত  জয়ৰাম ৰমেশে হঠাতে তেওঁৰ সুৰ সলনি কৰিছে। এই সুৰ  কোমল কৰাৰ কাৰণ সম্ভৱতঃ নিৰ্বাচন আয়ুক্তই শেহতীয়াকৈ প্ৰকাশ কৰা  শ্লেষ। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে শনিবাৰে নিৰ্বাচন ঘোষণা কৰাৰ সময়ত কয়, " ই.ভি.এম.-ৰ বিৰুদ্ধে  অভিযোগ কৰাটো সঠিক নহয়। নিজৰ ওপৰত বিশ্বাসৰ অভাৱৰ বাবে ই ভি এমকলৈ এনে  আক্ৰমণ কৰাটো অন্যায়" ।

অৱশ্যে, কেৱল ই ভি এমেই নহয়, কংগ্ৰেছে নিৰ্বাচনী বণ্ডৰ বিষয়তো বিজেপিক সমালোচনা কৰিছিল। জয়ৰাম ৰমেশে কয়, "চন্দা দো, ধাণ্ডা লো, এয়া বিজেপিৰ নীতি। ২০ কোটি টকাৰ লাভ থকা এটা কোম্পানীয়ে কেনেকৈ ৪০০ কোটি টকাৰ বণ্ড ক্ৰয় কৰিব পাৰে? এয়া  বিত্তীয় অনিয়মৰ  বাহিৰে আন একো নহয়। এফালে, আমাৰ একাউণ্ট বন্ধ হৈ আছে, আনহাতে, তেওঁলোকে তেওঁলোকৰ নিজা বণ্ড সংগ্ৰহ কৰি  আছে। এয়া  কংগ্ৰেছৰ বিৰুদ্ধে  এক বিত্তীয় চাৰ্জিকেল ষ্ট্ৰাইক। "


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ