--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হৈছে। নিৰ্বাচনত ইভিএমৰ ব্যৱহাৰ বন্ধ কৰিব লাগে বুলি বহুতে মন্তব্য কৰি আহিছে। মুখ্য নিৰ্বাচন আয়ুক্তই বুধবাৰে ই ভি এম ব্যৱহাৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবে  বিৰোধীপক্ষক সমালোচনাও কৰিছে। 

শেহতীয়াকৈ  কংগ্ৰেছে ইভিএমৰ প্ৰসংগত সুৰ কোমল কৰিছে। দলটোৰ মুখ্য মুখপাত্ৰ জয়ৰাম ৰমেশে কয়, "কংগ্ৰেছ বা ইণ্ডিয়া মিত্ৰজোঁট ই ভি এমৰ বিৰোধী নহয়। কিন্তু যিধৰণে ই ভি এমৰ  'হেৰফেৰ' কৰা হৈছে,  সেই কথাৰহে বিৰোধিতা কৰা হৈছে।"

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে লগতে  কয়, "যোৱা ডিচেম্বৰ মাহত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকত আমি সকলো দলৰ সৈতে এই বিষয়ে আলোচনা কৰিছিলো। আমি ই ভি এমৰ বিৰোধী নহয়, আমি ইলেক্ট্ৰনিক ভোটিং মেচিনৰ  মেনিপুলেচনৰহে বিৰোধী"। জয়ৰাম ৰমেশে স্পষ্ট কৰি দিয়ে  যে ইণ্ডিয়া মিত্ৰজোঁটে  ভিভিপিএটি১০০ শতাংশ বুথত ব্যৱহাৰ কৰিব লাগে বুলি দাবী জনাই আহিছে। "

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পিছত কংগ্ৰেছে ইভিএমকলৈ প্ৰশ্ন উত্থাপন কৰিছিল। শেহতীয়াকৈ বিৰোধীয়ে ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰ পুনৰ ব্যৱহাৰ কৰাৰ দাবী জনাইছিল। কিন্তু লোকসভা নিৰ্বাচনৰ দিন  ঘোষণাৰ পিছত  জয়ৰাম ৰমেশে হঠাতে তেওঁৰ সুৰ সলনি কৰিছে। এই সুৰ  কোমল কৰাৰ কাৰণ সম্ভৱতঃ নিৰ্বাচন আয়ুক্তই শেহতীয়াকৈ প্ৰকাশ কৰা  শ্লেষ। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে শনিবাৰে নিৰ্বাচন ঘোষণা কৰাৰ সময়ত কয়, " ই.ভি.এম.-ৰ বিৰুদ্ধে  অভিযোগ কৰাটো সঠিক নহয়। নিজৰ ওপৰত বিশ্বাসৰ অভাৱৰ বাবে ই ভি এমকলৈ এনে  আক্ৰমণ কৰাটো অন্যায়" ।

অৱশ্যে, কেৱল ই ভি এমেই নহয়, কংগ্ৰেছে নিৰ্বাচনী বণ্ডৰ বিষয়তো বিজেপিক সমালোচনা কৰিছিল। জয়ৰাম ৰমেশে কয়, "চন্দা দো, ধাণ্ডা লো, এয়া বিজেপিৰ নীতি। ২০ কোটি টকাৰ লাভ থকা এটা কোম্পানীয়ে কেনেকৈ ৪০০ কোটি টকাৰ বণ্ড ক্ৰয় কৰিব পাৰে? এয়া  বিত্তীয় অনিয়মৰ  বাহিৰে আন একো নহয়। এফালে, আমাৰ একাউণ্ট বন্ধ হৈ আছে, আনহাতে, তেওঁলোকে তেওঁলোকৰ নিজা বণ্ড সংগ্ৰহ কৰি  আছে। এয়া  কংগ্ৰেছৰ বিৰুদ্ধে  এক বিত্তীয় চাৰ্জিকেল ষ্ট্ৰাইক। "


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু