--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ভিতৰত তিনিখন বিৰোধীশাসিত ৰাজ্যত পেট্ৰ’ল-ডিজেলৰ দাম সৰ্বাধিক৷
অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু কেৰালাত পেট্ৰ’ল আৰু ডিজেলৰ দাম আটাইতকৈ ব্যয়বহুল বুলি দেওবাৰে পিটিআইয়ে এটা তথ্য প্ৰকাশ কৰিছে। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দিল্লী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ইন্ধনৰ দাম আটাইতকৈ সুলভ বুলি তথ্যই দেখুৱাইছে।

ইণ্ডিয়ান অইল কৰ্পোৰেচন, ভাৰত পেট্ৰ’লিয়াম কৰ্পোৰেচন লিমিটেড আৰু হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্পোৰেচন লিমিটেড- তিনিটা ইন্ধন ৰিটেইলাৰে যোৱা সপ্তাহত পেট্ৰ’ল আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত দুটকাকৈ হ্ৰাস কৰিছিল।

দাম হ্ৰাসৰ ফলত সাধাৰণ নাগৰিকসকলৰ বাবে কিছু সকাহ পোৱা গৈছিল৷ কিন্তু উচ্চ মূল্য সংযোজন কৰ (ভেট)ৰ বাবে হাৰ প্ৰতি লিটাৰত দাম ১০০ টকাৰ ওপৰত হৈ আছে।
 
অন্ধ্ৰত পেট্ৰ’ল, ডিজেল আটাইতকৈ ব্যয়বহুল:
ৱাইএছ জগন মোহন ৰেড্ডী নেতৃত্বাধীন ৱাইএছআৰচিপি চৰকাৰৰ দ্বাৰা শাসিত অন্ধ্ৰ প্ৰদেশত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ১০৯.৮৭ টকা৷ বাঁওশাসিত কেৰালা প্ৰতি লিটাৰত ১০৭.৫৪ টকা দামেৰে দ্বিতীয় স্থানত আছে। তেলেংগানা এতিয়া কংগ্ৰেছৰ শাসনত৷ তাত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ১০৭.৩৯ টকা৷  
তিৰুৱনন্তপুৰমত প্ৰতি লিটাৰত ৯৬.৪১ টকাকৈ ডিজেল বিক্ৰী কৰা হৈছে আৰু হায়দৰাবাদত প্ৰতি লিটাৰত ৯৫.৬৩ টকাকৈ৷

বিজেপি শাসিত ৰাজ্যসমূহত পেট্ৰ’লৰ দাম কিমান?
বিজেপি ৰাজ্যসমূহৰ ভিতৰত, ৰাজস্থানৰ ৰাজধানী জয়পুৰত পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ১০৪.৮৬ টকা৷ ভূপালত পেট্ৰ’ল প্ৰতি লিটাৰত ১০৬.৪৫ টকাত বিক্ৰী হয়৷ আনহাতে প্ৰতি লিটাৰত ১০৫.১৬ টকা হৈছে বিহাৰৰ ৰাজধানী পাটনাত পেট্ৰ’লৰ দাম, যি বৰ্তমান বিজেপি-জনতা দল (ইউ) মিত্ৰজোঁটৰ দ্বাৰা শাসিত। ছত্তীশগড়ত, পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ১০০.৩৭ টকা৷ 

গোৱাৰ ৰাজধানী পানাজীত পেট্ৰ'লৰ দাম ৯৫.১৯ টকা আৰু অসমৰ গুৱাহাটীত প্ৰতি লিটাৰত দাম ৯৬.১২ টকা৷ পশ্চিম বংগত পেট্ৰ'লৰ দাম প্ৰতিলিটাৰত ১০৩.৯৩ টকা। ওড়িশাত (ভুবনেশ্বৰত ১০১.০৪ প্ৰতি লিটাৰ), আৰু তামিলনাডুত (চেন্নাইত ১০০.৭৩ টকা) পেট্ৰ’লৰ দাম৷
 
আন্দামান আৰু নিকোবৰ দ্বীপত পেট্ৰ'ল আটাইতকৈ সুলভ, য'ত প্ৰতি লিটাৰ ৮২ টকাত বিক্ৰী হয়৷ তাৰ পাছত আছে চিলভাচা আৰু দমন য'ত ই প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম ৯২.৩৮-৯২.৪৯ টকা৷ দিল্লীত পেট্ৰ'ল প্ৰতি লিটাৰ ৯৪.৭৬ টকাত বিক্ৰী কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ