--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ভিতৰত তিনিখন বিৰোধীশাসিত ৰাজ্যত পেট্ৰ’ল-ডিজেলৰ দাম সৰ্বাধিক৷
অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু কেৰালাত পেট্ৰ’ল আৰু ডিজেলৰ দাম আটাইতকৈ ব্যয়বহুল বুলি দেওবাৰে পিটিআইয়ে এটা তথ্য প্ৰকাশ কৰিছে। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দিল্লী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ইন্ধনৰ দাম আটাইতকৈ সুলভ বুলি তথ্যই দেখুৱাইছে।

ইণ্ডিয়ান অইল কৰ্পোৰেচন, ভাৰত পেট্ৰ’লিয়াম কৰ্পোৰেচন লিমিটেড আৰু হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্পোৰেচন লিমিটেড- তিনিটা ইন্ধন ৰিটেইলাৰে যোৱা সপ্তাহত পেট্ৰ’ল আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত দুটকাকৈ হ্ৰাস কৰিছিল।

দাম হ্ৰাসৰ ফলত সাধাৰণ নাগৰিকসকলৰ বাবে কিছু সকাহ পোৱা গৈছিল৷ কিন্তু উচ্চ মূল্য সংযোজন কৰ (ভেট)ৰ বাবে হাৰ প্ৰতি লিটাৰত দাম ১০০ টকাৰ ওপৰত হৈ আছে।
 
অন্ধ্ৰত পেট্ৰ’ল, ডিজেল আটাইতকৈ ব্যয়বহুল:
ৱাইএছ জগন মোহন ৰেড্ডী নেতৃত্বাধীন ৱাইএছআৰচিপি চৰকাৰৰ দ্বাৰা শাসিত অন্ধ্ৰ প্ৰদেশত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ১০৯.৮৭ টকা৷ বাঁওশাসিত কেৰালা প্ৰতি লিটাৰত ১০৭.৫৪ টকা দামেৰে দ্বিতীয় স্থানত আছে। তেলেংগানা এতিয়া কংগ্ৰেছৰ শাসনত৷ তাত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ১০৭.৩৯ টকা৷  
তিৰুৱনন্তপুৰমত প্ৰতি লিটাৰত ৯৬.৪১ টকাকৈ ডিজেল বিক্ৰী কৰা হৈছে আৰু হায়দৰাবাদত প্ৰতি লিটাৰত ৯৫.৬৩ টকাকৈ৷

বিজেপি শাসিত ৰাজ্যসমূহত পেট্ৰ’লৰ দাম কিমান?
বিজেপি ৰাজ্যসমূহৰ ভিতৰত, ৰাজস্থানৰ ৰাজধানী জয়পুৰত পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ১০৪.৮৬ টকা৷ ভূপালত পেট্ৰ’ল প্ৰতি লিটাৰত ১০৬.৪৫ টকাত বিক্ৰী হয়৷ আনহাতে প্ৰতি লিটাৰত ১০৫.১৬ টকা হৈছে বিহাৰৰ ৰাজধানী পাটনাত পেট্ৰ’লৰ দাম, যি বৰ্তমান বিজেপি-জনতা দল (ইউ) মিত্ৰজোঁটৰ দ্বাৰা শাসিত। ছত্তীশগড়ত, পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ১০০.৩৭ টকা৷ 

গোৱাৰ ৰাজধানী পানাজীত পেট্ৰ'লৰ দাম ৯৫.১৯ টকা আৰু অসমৰ গুৱাহাটীত প্ৰতি লিটাৰত দাম ৯৬.১২ টকা৷ পশ্চিম বংগত পেট্ৰ'লৰ দাম প্ৰতিলিটাৰত ১০৩.৯৩ টকা। ওড়িশাত (ভুবনেশ্বৰত ১০১.০৪ প্ৰতি লিটাৰ), আৰু তামিলনাডুত (চেন্নাইত ১০০.৭৩ টকা) পেট্ৰ’লৰ দাম৷
 
আন্দামান আৰু নিকোবৰ দ্বীপত পেট্ৰ'ল আটাইতকৈ সুলভ, য'ত প্ৰতি লিটাৰ ৮২ টকাত বিক্ৰী হয়৷ তাৰ পাছত আছে চিলভাচা আৰু দমন য'ত ই প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম ৯২.৩৮-৯২.৪৯ টকা৷ দিল্লীত পেট্ৰ'ল প্ৰতি লিটাৰ ৯৪.৭৬ টকাত বিক্ৰী কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু