--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেছাত তেওঁ এজন ব্যৱসায়ী আৰু উদ্যোগপতি। কিন্তু ৰাজ কুন্দ্ৰাক বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টীৰ স্বামী হিচাপে বেছি পৰিচিত। দুবছৰমান আগতে পৰ্ণগ্ৰাফী গোচৰৰ লগত তেওঁৰ নাম জড়িত আছিল। যাৰ বাবে তেওঁ বহুদিন কাৰাবাস খাটিছিল। যদিও ৰাজে পিছত জামিন পাইছিল। যদিও তেওঁ জেলৰ পৰা মুক্তি পাইছিল, তথাপিও তেওঁ জীৱনৰ সেই অধ্যায়টো পাহৰি যোৱা নাছিল।

এইবাৰ তেওঁ সেই অধ্যায়টো চিনেমাৰ পৰ্দাত উপস্থাপন কৰাৰ পৰিকল্পনা কৰিছে। ৰাজৰ বায়’পিক নিৰ্মাণ হ’বলৈ ওলাইছে। সেই বায়’পিকখনত ৰাজৰ জীৱনৰ কঠিন অধ্যায়টো সন্নিবিষ্ট কৰা হৈছে। বাতৰি অনুসৰি, ৰাজে নিজেই তেওঁৰ বায়’পিকখনত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে। শুনা যায় যে শিল্পাৰ স্বামীয়ে এই ছবিৰ জৰিয়তে বলীউডত অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে।

২০২১ চনত পৰ্ণগ্ৰাফী গোচৰৰ সৈতে জড়িত আছিল শিল্পী শ্বেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা। অভিযোগৰ ভিত্তিত তেওঁও সেই বছৰ কাৰাগাৰত ভৰ্তি হৈছিল। প্ৰায় দুমাহ কাৰাগাৰত থকা ৰাজক মুকলি কৰি দিয়া হয়। মুম্বাইৰ আৰ্থাৰ ৰোড জেলত ৬৩ দিন কটালে ৰাজে। বাতৰি, তেওঁ নিজৰ বায়’পিকখনত সেই ৬৩ দিনটোক আটাইতকৈ বেছি অগ্ৰাধিকাৰ দিবলৈ ওলাইছে। ৰাজৰ এই বায়’পিকখন কোনে পৰিচালনা কৰিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে সৃষ্টিশীল দৃষ্টিকোণৰ পৰা ৰাজ নিজেই ছবিখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হ’ব বুলি শুনা গৈছে। শিল্পাৰ স্বামীয়ে অভিনয়ৰ লগতে প্ৰডাকচনৰ কামতো গুৰুত্ব দিব।

বাতৰি অনুসৰি ৰাজে ছবিখনৰ চিত্ৰনাট্য শুদ্ধকৈ লিখাৰ ওপৰত অধিক গুৰুত্ব দিছে। ৰাজৰ জেললৈ যোৱাৰ পৰা আৰম্ভ কৰি তাত ৬৩ দিন কটোৱাৰ পৰা আৰম্ভ কৰি জামিন পোৱালৈকে তেওঁ নিজৰ বায়’পিকখনত সকলো কথা উজ্জ্বল কৰি তুলিব বিচাৰে। ছবিখনৰ চিত্ৰনাট্য লিখা সম্পূৰ্ণ হোৱাৰ পিছতহে ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু