--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তাৰা সিং হৈ ছানী দেউলে পুনৰবাৰ ‘গদৰ ২’ত ইমানেই আলোড়নৰ সৃষ্টি কৰিলে যে বক্স অফিচত ধুমুহাৰ সৃষ্টি হৈছে। এতিয়া ছানীৰ এই শক্তিৰ মূলধন হিচাপে ব্যৱহাৰ কৰিবলৈ আমিৰ খানে তাৰা সিঙৰ হাত ধৰি নিজৰ ডুব যোৱা নাওখন চলাবলৈ নতুন কৌশল উলিয়াইছে। আমিৰ খানে ঘোষণা কৰিছে তেওঁৰ নতুন ছবি য’ত ছানী দেউলে মুখ্য চৰিত্ৰত অভিনয় কৰিব। এই ছবিখনৰ ঘোষণাৰ পিছত অনুৰাগীসকল অতিশয় উৎসাহিত হৈ ছ’চিয়েল মিডিয়াত বহু মন্তব্য আগবঢ়াইছে।

ৰাজকুমাৰ সন্তোষীয়ে ছানী দেউলৰ বহু ছবিখন পৰিচালনা কৰিছে। আমিৰ খানে ইনষ্টাগ্ৰামত এই ছবিখনৰ কথা ঘোষণা কৰাৰ লগতে ছবিখনৰ তাৰকা অভিনেতাৰ নামো প্ৰকাশ কৰে। অভিনেতাগৰাকীয়ে পোষ্টত লিখিছে- 'মই আৰু আমিৰ খান প্ৰডাকচনৰ সমগ্ৰ দলটো অতিশয় উৎসাহিত আৰু আনন্দিত হৈছো যে আমাৰ পৰৱৰ্তী ছবিখন পৰিচালনা কৰিব ৰাজকুমাৰ সন্তোষীয়ে, যত ছানী দেউলে অভিনয় কৰিব। এই নতুন যাত্ৰাৰ বাবে আমাক আপোনালোকৰ প্ৰাৰ্থনা লাগে।

দীৰ্ঘদিন ধৰি আমিৰ খানৰ কোনো এখন ছবিয়েই বক্স অফিচত জুই জ্বলাব পৰা নাছিল। শেষবাৰৰ বাবে দেখা গৈছিল ‘লাল সিং চদ্দা’ত। য’ত কৰীনা কাপুৰে তেওঁৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখন ফ্লপ বুলি প্ৰমাণিত হ’ল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু