--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তাৰা সিং হৈ ছানী দেউলে পুনৰবাৰ ‘গদৰ ২’ত ইমানেই আলোড়নৰ সৃষ্টি কৰিলে যে বক্স অফিচত ধুমুহাৰ সৃষ্টি হৈছে। এতিয়া ছানীৰ এই শক্তিৰ মূলধন হিচাপে ব্যৱহাৰ কৰিবলৈ আমিৰ খানে তাৰা সিঙৰ হাত ধৰি নিজৰ ডুব যোৱা নাওখন চলাবলৈ নতুন কৌশল উলিয়াইছে। আমিৰ খানে ঘোষণা কৰিছে তেওঁৰ নতুন ছবি য’ত ছানী দেউলে মুখ্য চৰিত্ৰত অভিনয় কৰিব। এই ছবিখনৰ ঘোষণাৰ পিছত অনুৰাগীসকল অতিশয় উৎসাহিত হৈ ছ’চিয়েল মিডিয়াত বহু মন্তব্য আগবঢ়াইছে।

ৰাজকুমাৰ সন্তোষীয়ে ছানী দেউলৰ বহু ছবিখন পৰিচালনা কৰিছে। আমিৰ খানে ইনষ্টাগ্ৰামত এই ছবিখনৰ কথা ঘোষণা কৰাৰ লগতে ছবিখনৰ তাৰকা অভিনেতাৰ নামো প্ৰকাশ কৰে। অভিনেতাগৰাকীয়ে পোষ্টত লিখিছে- 'মই আৰু আমিৰ খান প্ৰডাকচনৰ সমগ্ৰ দলটো অতিশয় উৎসাহিত আৰু আনন্দিত হৈছো যে আমাৰ পৰৱৰ্তী ছবিখন পৰিচালনা কৰিব ৰাজকুমাৰ সন্তোষীয়ে, যত ছানী দেউলে অভিনয় কৰিব। এই নতুন যাত্ৰাৰ বাবে আমাক আপোনালোকৰ প্ৰাৰ্থনা লাগে।

দীৰ্ঘদিন ধৰি আমিৰ খানৰ কোনো এখন ছবিয়েই বক্স অফিচত জুই জ্বলাব পৰা নাছিল। শেষবাৰৰ বাবে দেখা গৈছিল ‘লাল সিং চদ্দা’ত। য’ত কৰীনা কাপুৰে তেওঁৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখন ফ্লপ বুলি প্ৰমাণিত হ’ল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক