--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলমান খানে ৱাইআৰএফৰ আহিবলগীয়া চলচ্চিত্ৰ টাইগাৰ ৩ ত ৰ এজেণ্ট টাইগাৰৰ চৰিত্ৰটোত  অভিনয় কৰিছে। 'টাইগাৰ কা মেচেজ' বুলি অভিহিত কৰা ছবিখনৰ টিজাৰ যোৱা সপ্তাহত মুক্তি পোৱাৰ পিছত অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে।নৃত্য চাই  অনুৰাগীসকলে  বলীউডৰ চুপাৰষ্টাৰগৰাকীৰ  স্বাস্থ্যক লৈ ক্ৰমান্বয়ে চিন্তিত হৈ পৰিছে। 

দেওবাৰে, নতুন দিল্লীৰ এটা অনুষ্ঠানত চলমানে প্ৰদৰ্শন কৰা এটা ভিডিঅ' ইণ্টাৰনেটত ভাইৰেল হৈছে। ভিডিঅ’টোত চলমানৰ আগৰ সেই প্ৰতিপত্তি দেখিবলৈ পোৱা যোৱা নাই। ফলত অনুৰাগীসকল তেওঁৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত হৈ পৰিছিল।

ভিডিঅ'টোত, চলমানক মঞ্চত দাবাঙৰ তেওঁৰ জনপ্ৰিয় গান 'হুকা পীনি হে'ত নৃত্য কৰা দেখা গৈছে। অৱশ্যে, অনুৰাগীসকলে আঙুলিয়াই দিছে যে অভিনেতাজনক "দুৰ্বল" আৰু "ভাগৰুৱা" যেন লাগিছে। কিছুমানে এইবুলিও কৈছে যে ছলমানৰ যথেষ্ট ওজন বৃদ্ধি হৈছে। এজন নেটিজেনে  লিখিছিল, "তেওঁ তেওঁৰ স্বাস্থ্যৰ সঠিক যত্ন লোৱা উচিত।" আন এজনে কৈছে, "টাইগাৰ ৩ কে বাদ থোড়া ব্ৰেক লেকৰ হেল্থ পাৰ ধ্যান দে... ফিৰ ৱাপাচ আয়ে... আইচে তো নেহি চালেগা।"

টাইগাৰ ৩  ছবি খন মনীশ শৰ্মাই পৰিচালনা কৰিছে আৰু আদিত্য চোপ্ৰাই কাহিনীটো লিখিছে বুলি জনা গৈছে। অনুৰাগীসকলে টাইগাৰ আৰু জয়াক ডাঙৰ পৰ্দাত পুনৰ মিলিত হোৱা চাবলৈ আগ্ৰহী হৈ আছে। খবৰ পোৱা গৈছে যে শ্বাহৰুখ খানৰ পাঠানে টাইগাৰ ৩ ত দেখা দিয়াৰ দৰেই  লমানৰ টাইগাৰেও পাঠানত দেখা দিছিল। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান