--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমি সকলোৱে যেতিয়াই অসুস্থ অনুভৱ কৰো তেতিয়াই দৰব ব্যৱহাৰ কৰো। ডাক্তৰে পৰামৰ্শৰে ক্ৰয় কৰা দৰববোৰ প্ৰায়ে বিভিন্ন ৰঙৰ হোৱা দেখা যায়। এই ঔষধৰ ৰংবোৰৰ ৰোগৰ লগত কিবা সম্পৰ্ক আছে নেকি বা কেৱল ঔষধবোৰ আকৰ্ষণীয় কৰি তুলিবলৈ ৰং ব্যৱহাৰ কৰা হয়। এনে বহুতো প্ৰশ্নই আমাক বিব্ৰত কৰা দেখা যায়। কিন্তু ইয়াৰ শুদ্ধ আৰু সঠিক উত্তৰ জানো আহক।

* বনৌষধিৰ পৰা তৈয়াৰ কৰা হয় দৰব-

প্ৰতিবেদন অনুসৰি যেতিয়া মানুহৰ জীৱনৰ বিকাশ ঘটিছিল তেতিয়াবহু প্ৰকাৰৰ বনৌষধিআৱিষ্কাৰ হৈছিল। সেই সময়ত ঔষধবোৰ টেবলেট আৰু কেপচুলৰ ৰূপত নাছিল বৰঞ্চ উদ্ভিদৰ ৰূপত আছিল। পাছত সেই গছবোৰৰ ৰস উলিয়াই গুড়িলৈ ৰূপান্তৰিত কৰি বড়ি তৈয়াৰ কৰা হয়। ইজিপ্তৰ সভ্যতাৰ সময়ত ঔষধৰ ব্যৱহাৰ প্ৰথমে বড়িৰ ৰূপত কৰা হৈছিল বুলি বিশ্বাস কৰা হয়।

স্মৰ্তব্য যে ইউৰোপত ঔদ্যোগিক বিপ্লৱ আৰম্ভ হোৱাৰ পাছৰে পৰা অৰ্থাৎ ১৯৬০ চনৰ আশে-পাশে বগা বড়িত ঔষধ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে। পাছলৈ উচ্চ প্ৰযুক্তিৰ বিকাশৰ লগে লগে ঔষধ নিৰ্মাণৰ ক্ষেত্ৰতো পৰিৱৰ্তন ঘটিল। ১৯৭৫ চনৰ আশে-পাশে ৰঙীন কেপচুল প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে। লগতে দৰবত বিভিন্ন ৰঙৰ সংযোজন কৰা হয়।

কিয় ৰঙীন ঔষধ তৈয়াৰ কৰা হয়?

প্ৰতিবেদন অনুসৰি এতিয়া ৭৫০০০ৰো অধিক ৰঙৰ সংমিশ্ৰণ ব্যৱহাৰ কৰি ঔষধৰ কেপচুল তৈয়াৰ কৰা হয়। একে সময়তে টেবলেটৰ আৱৰণৰ বাবেও বিভিন্ন ৰং ব্যৱহাৰ কৰা হয়। কিন্তু কিয় ঔষধবোৰ ৰঙীণভাৱে প্ৰস্তুত কৰা হৈছিল। দৰাচলতে এই কাম কৰা হৈছিল যিসকল লোকে ঔষধৰ নাম পঢ়িব বা পঢ়ি পাৰ্থক্য বুজিব নোৱাৰে, তেওঁলোকে ঔষধৰ ৰং চাই সহজেই ঔষধৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰিব পাৰিব। ইয়াৰ ফলত তেওঁলোকৰ বাবে নিৰ্দিষ্ট ঔষধ চিনাক্ত কৰাটো সহজ হৈ পৰিব

* ঔষধৰ ৰঙৰ সৈতে ৰোগৰ কি সম্পৰ্ক?

আমেৰিকাত কৰা এক গৱেষণাত দেখা গৈছে যে ঔষধৰ ৰং ৰোগৰ লগতো কিছু সম্পৰ্ক আছে। যিবোৰ ৰোগত কম ফলপ্ৰসূ ঔষধ দিব লাগে, সেইবোৰৰ ৰং পাতল কৰি ৰখা হয়। আনহাতে তাৎক্ষণিক প্ৰভাৱৰ বাবে ঔষধৰ ৰং ডাঠকৈ বনোৱা হয়। কেৱল এয়াই নহয়, ঔষধৰ ৰঙৰ গোন্ধ আৰু ৰুচিৰ ভিত্তিতো নিৰ্ণয় কৰা হয়। সেয়েহে ঔষধত বিভিন্ন ৰং প্ৰয়াগ কৰা হয়










FOLLOW US F
POPULAR
FEATURE
TRENDY
আধাৰ কাৰ্ড থাকিলেও হ’ব পাৰে ডাঙৰ সমস্যা! শীঘ্ৰেই কৰক এই কাম...
ৰাজা ৰঘুবংশী কাণ্ডত সঞ্জয় বৰ্মাৰ এন্ট্ৰি, কি সংযোগ সোণমৰ সৈতে...
যুৱচামৰ মাজতো বাঢ়িছে বাতবিষৰ সমস্যা
এইবাৰ ইণ্ডিগ' বিমানত বিপত্তি; লেহগামী বিমান পুনৰ উভতিল দিল্লীলৈ
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
জীয়াই থকাৰ হেঁপাহ হেৰুৱাই যুৱতী আই টি ইঞ্জিনিয়াৰৰ চৰম সিদ্ধান্ত
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু