--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমি সকলোৱে যেতিয়াই অসুস্থ অনুভৱ কৰো তেতিয়াই দৰব ব্যৱহাৰ কৰো। ডাক্তৰে পৰামৰ্শৰে ক্ৰয় কৰা দৰববোৰ প্ৰায়ে বিভিন্ন ৰঙৰ হোৱা দেখা যায়। এই ঔষধৰ ৰংবোৰৰ ৰোগৰ লগত কিবা সম্পৰ্ক আছে নেকি বা কেৱল ঔষধবোৰ আকৰ্ষণীয় কৰি তুলিবলৈ ৰং ব্যৱহাৰ কৰা হয়। এনে বহুতো প্ৰশ্নই আমাক বিব্ৰত কৰা দেখা যায়। কিন্তু ইয়াৰ শুদ্ধ আৰু সঠিক উত্তৰ জানো আহক।

* বনৌষধিৰ পৰা তৈয়াৰ কৰা হয় দৰব-

প্ৰতিবেদন অনুসৰি যেতিয়া মানুহৰ জীৱনৰ বিকাশ ঘটিছিল তেতিয়াবহু প্ৰকাৰৰ বনৌষধিআৱিষ্কাৰ হৈছিল। সেই সময়ত ঔষধবোৰ টেবলেট আৰু কেপচুলৰ ৰূপত নাছিল বৰঞ্চ উদ্ভিদৰ ৰূপত আছিল। পাছত সেই গছবোৰৰ ৰস উলিয়াই গুড়িলৈ ৰূপান্তৰিত কৰি বড়ি তৈয়াৰ কৰা হয়। ইজিপ্তৰ সভ্যতাৰ সময়ত ঔষধৰ ব্যৱহাৰ প্ৰথমে বড়িৰ ৰূপত কৰা হৈছিল বুলি বিশ্বাস কৰা হয়।

স্মৰ্তব্য যে ইউৰোপত ঔদ্যোগিক বিপ্লৱ আৰম্ভ হোৱাৰ পাছৰে পৰা অৰ্থাৎ ১৯৬০ চনৰ আশে-পাশে বগা বড়িত ঔষধ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে। পাছলৈ উচ্চ প্ৰযুক্তিৰ বিকাশৰ লগে লগে ঔষধ নিৰ্মাণৰ ক্ষেত্ৰতো পৰিৱৰ্তন ঘটিল। ১৯৭৫ চনৰ আশে-পাশে ৰঙীন কেপচুল প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে। লগতে দৰবত বিভিন্ন ৰঙৰ সংযোজন কৰা হয়।

কিয় ৰঙীন ঔষধ তৈয়াৰ কৰা হয়?

প্ৰতিবেদন অনুসৰি এতিয়া ৭৫০০০ৰো অধিক ৰঙৰ সংমিশ্ৰণ ব্যৱহাৰ কৰি ঔষধৰ কেপচুল তৈয়াৰ কৰা হয়। একে সময়তে টেবলেটৰ আৱৰণৰ বাবেও বিভিন্ন ৰং ব্যৱহাৰ কৰা হয়। কিন্তু কিয় ঔষধবোৰ ৰঙীণভাৱে প্ৰস্তুত কৰা হৈছিল। দৰাচলতে এই কাম কৰা হৈছিল যিসকল লোকে ঔষধৰ নাম পঢ়িব বা পঢ়ি পাৰ্থক্য বুজিব নোৱাৰে, তেওঁলোকে ঔষধৰ ৰং চাই সহজেই ঔষধৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰিব পাৰিব। ইয়াৰ ফলত তেওঁলোকৰ বাবে নিৰ্দিষ্ট ঔষধ চিনাক্ত কৰাটো সহজ হৈ পৰিব

* ঔষধৰ ৰঙৰ সৈতে ৰোগৰ কি সম্পৰ্ক?

আমেৰিকাত কৰা এক গৱেষণাত দেখা গৈছে যে ঔষধৰ ৰং ৰোগৰ লগতো কিছু সম্পৰ্ক আছে। যিবোৰ ৰোগত কম ফলপ্ৰসূ ঔষধ দিব লাগে, সেইবোৰৰ ৰং পাতল কৰি ৰখা হয়। আনহাতে তাৎক্ষণিক প্ৰভাৱৰ বাবে ঔষধৰ ৰং ডাঠকৈ বনোৱা হয়। কেৱল এয়াই নহয়, ঔষধৰ ৰঙৰ গোন্ধ আৰু ৰুচিৰ ভিত্তিতো নিৰ্ণয় কৰা হয়। সেয়েহে ঔষধত বিভিন্ন ৰং প্ৰয়াগ কৰা হয়











FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে