--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ তেজত থকা গ্লুক’জে নিৰ্ধাৰিত সীমা অতিক্ৰম কৰিলে ডায়েবেটিছ ৰোগ হয়। অগ্নাশয়ৰ দ্বাৰা নিৰ্মিত ইনচুলিনে খাদ্যৰ পৰা গ্লুক’জক কোষলৈ ভাঙি শক্তিৰ বাবে ব্যৱহাৰ কৰাত সহায় কৰে। কেতিয়াবা শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন তৈয়াৰ নকৰে বা ইনচুলিন ভালদৰে ব্যৱহাৰ কৰিব নোৱাৰে। তেতিয়া গ্লুক’জ তেজত থাকি কোষৰ ওচৰ নাপায় আৰু তেজত থকা গ্লুক’জ বাঢ়ি যায়।

ডায়েবেটিছ ৰোগত হৃদৰোগ, ষ্ট্ৰোক, বৃক্কৰ সমস্যা, চকুৰ সমস্যা আদি হব পাৰে। শেহতীয়াকৈ মেডিকেল ৱেবছাইট Diabetes.co.uk য়ে জনাইছে যে ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত প্ৰস্ৰাৱৰ সৈতে জড়িত এটা লক্ষণ দেখা যায়। যদি কোনোবাই সেই লক্ষণ দেখা পায়, তেন্তে তেওঁ লগে লগে বিশেষজ্ঞক লগ কৰিব লাগে।

চিকিৎসা ৱেবছাইট Diabetes.co.uk ৰ তথ্য অনুসৰি যিসকল লোকৰ অতিৰিক্ত প্ৰস্ৰাৱ হয় বা যিসকল লোকে সঘনাই প্ৰস্ৰাৱ কৰিবলৈ যায় তেওঁলোকৰ টাইপ ১ আৰু ২ ডায়েবেটিছৰ আশংকা থাকিব পাৰে।

অধিক আৰু বেছিকৈ প্ৰস্ৰাৱ কৰিলে ডিহাইড্ৰেচন হ’ব পাৰে, যাৰ চিকিৎসা নকৰিলে বৃক্কৰ কাৰ্য্যত প্ৰভাৱ পৰিব পাৰে। ডায়েবেটিছত তেজৰ চেনিৰ মাত্ৰা স্বাভাৱিকতকৈ বেছি হয় গতিকে বৃক্কই সকলো চেনি পুনৰ শোষণ কৰিব নোৱাৰে আৰু তেজৰ পৰা অতিৰিক্ত গ্লুক’জ প্ৰস্ৰাৱলৈ যায় আৰু তাৰ পৰা অধিক পানী টানে। অৰ্থাৎ শৰীৰে প্ৰচুৰ পৰিমাণে প্ৰস্ৰাৱ উৎপন্ন কৰিবলৈ আৰম্ভ কৰে।

বিশেষজ্ঞসকলৰ মতে গ্লুক’জৰ মাত্ৰা বেছি হ’লে শৰীৰে বৃক্কৰ জৰিয়তে তেজৰ পৰা পৃথক কৰিবলৈ চেষ্টা কৰে আৰু অধিক পানী ফিল্টাৰ কৰা হয়। কোনো কাৰণ নোহোৱাকৈ কেইবাদিনো অত্যধিক প্ৰস্ৰাৱ ওলাই গ’লে চিকিৎসকৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিয়া হয়। ডায়েবেটিছ ইউ কেৰ তথ্য অনুসৰি ডায়েবেটিছৰ আন লক্ষণসমূহ হ’ল- পিয়াহ বৃদ্ধি, ভাগৰুৱা অনুভৱ আৰু ওজন কমি যোৱা।











FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement