--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহৰ তেজত থকা গ্লুক’জে নিৰ্ধাৰিত সীমা অতিক্ৰম কৰিলে ডায়েবেটিছ ৰোগ হয়। অগ্নাশয়ৰ দ্বাৰা নিৰ্মিত ইনচুলিনে খাদ্যৰ পৰা গ্লুক’জক কোষলৈ ভাঙি শক্তিৰ বাবে ব্যৱহাৰ কৰাত সহায় কৰে। কেতিয়াবা শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন তৈয়াৰ নকৰে বা ইনচুলিন ভালদৰে ব্যৱহাৰ কৰিব নোৱাৰে। তেতিয়া গ্লুক’জ তেজত থাকি কোষৰ ওচৰ নাপায় আৰু তেজত থকা গ্লুক’জ বাঢ়ি যায়।

ডায়েবেটিছ ৰোগত হৃদৰোগ, ষ্ট্ৰোক, বৃক্কৰ সমস্যা, চকুৰ সমস্যা আদি হব পাৰে। শেহতীয়াকৈ মেডিকেল ৱেবছাইট Diabetes.co.uk য়ে জনাইছে যে ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত প্ৰস্ৰাৱৰ সৈতে জড়িত এটা লক্ষণ দেখা যায়। যদি কোনোবাই সেই লক্ষণ দেখা পায়, তেন্তে তেওঁ লগে লগে বিশেষজ্ঞক লগ কৰিব লাগে।

চিকিৎসা ৱেবছাইট Diabetes.co.uk ৰ তথ্য অনুসৰি যিসকল লোকৰ অতিৰিক্ত প্ৰস্ৰাৱ হয় বা যিসকল লোকে সঘনাই প্ৰস্ৰাৱ কৰিবলৈ যায় তেওঁলোকৰ টাইপ ১ আৰু ২ ডায়েবেটিছৰ আশংকা থাকিব পাৰে।

অধিক আৰু বেছিকৈ প্ৰস্ৰাৱ কৰিলে ডিহাইড্ৰেচন হ’ব পাৰে, যাৰ চিকিৎসা নকৰিলে বৃক্কৰ কাৰ্য্যত প্ৰভাৱ পৰিব পাৰে। ডায়েবেটিছত তেজৰ চেনিৰ মাত্ৰা স্বাভাৱিকতকৈ বেছি হয় গতিকে বৃক্কই সকলো চেনি পুনৰ শোষণ কৰিব নোৱাৰে আৰু তেজৰ পৰা অতিৰিক্ত গ্লুক’জ প্ৰস্ৰাৱলৈ যায় আৰু তাৰ পৰা অধিক পানী টানে। অৰ্থাৎ শৰীৰে প্ৰচুৰ পৰিমাণে প্ৰস্ৰাৱ উৎপন্ন কৰিবলৈ আৰম্ভ কৰে।

বিশেষজ্ঞসকলৰ মতে গ্লুক’জৰ মাত্ৰা বেছি হ’লে শৰীৰে বৃক্কৰ জৰিয়তে তেজৰ পৰা পৃথক কৰিবলৈ চেষ্টা কৰে আৰু অধিক পানী ফিল্টাৰ কৰা হয়। কোনো কাৰণ নোহোৱাকৈ কেইবাদিনো অত্যধিক প্ৰস্ৰাৱ ওলাই গ’লে চিকিৎসকৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিয়া হয়। ডায়েবেটিছ ইউ কেৰ তথ্য অনুসৰি ডায়েবেটিছৰ আন লক্ষণসমূহ হ’ল- পিয়াহ বৃদ্ধি, ভাগৰুৱা অনুভৱ আৰু ওজন কমি যোৱা।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন