--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানৰ জীয়ৰী ইৰা খানে এতিয়ালৈকে বলীউডত প্ৰৱেশ কৰা নাই যদিও নিজৰ ব্যক্তিগত জীৱনৰ বাবে চৰ্চাত থাকে। ইৰা ছ'চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয়। ইৰাই প্ৰায়ে প্ৰেমিক নূপুৰ শিখাৰেৰ সৈতে উঠা ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰি থাকে। নূপুৰ শিখাৰে পেছাত এগৰাকী ফিজিকেল ফিটনেছ ট্ৰেইনাৰ। শেহতীয়াকৈ নূপুৰ চৰ্চাত থকাৰ কাৰণ হ'ল তেওঁ আমিৰ খানৰ ভাবী জোঁৱাই। ইৰাতকৈ নূপুৰ ১২ বছৰৰ ডাঙৰ। ফিজিকেল ফিটনেছৰ ট্ৰেইনিং ল'বলৈ গৈয়ে ইৰাই লগ পাইছিল নূপুৰক। শেহতীয়াকৈ ইৰাৰ কেইখন মান ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইৰাই নুপুৰৰ মাকৰ অৰ্থাৎ হ'বলগীয়া শাহুৰ এখন শাৰী পিন্ধি ফটো উঠে আৰু সেই ফটো আমিৰ কন্যাই অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা শ্বেয়াৰ কৰে। ইৰাই পিন্ধিছিল প্ৰেমিকৰ মাতৃৰ বগা ৰঙৰ সৰল এখন কপাহী শাৰী। ইৰাই তেওঁৰ চুলি খোলা ৰাখিছে আৰু হাঁহি থকা দেখা গৈছে। এখন ফটোত ইৰা, নূপুৰ আৰু নূপুৰৰ মাতৃক একেলগে দেখা গৈছে, এখন ফটোত ইৰাক প্ৰেমিক নুপুৰৰ সৈতে দেখা গৈছে আৰু এখন ফটোত ইৰাই অকলে প'জ দিছে। এই সকলোবোৰ ফটোতে ইৰাক সহজ-সৰল ৰূপত ধুনীয়া দেখাইছে। ইৰা খানে ফটোবোৰ শ্বেয়াৰ কৰি কেপশ্যনত লিখিছিল, ''বোম্বাইৰ খাদী কপাহৰ শাৰী। শুভ দেওবাৰ! প্ৰীতম শিখাৰে(নূপুৰৰ মাতৃ) শাৰীখনৰ বাবে আপোনাক ধন্যবাদ!'' নেটিজেনসকলে ইৰা খানৰ এই ফটোবোৰ খুব ভাল পাইছে আৰু সুন্দৰ সুন্দৰ কমেণ্ট কৰিছে। তেওঁলোকৰ প্ৰেম সফল হ'বলৈ অনুৰাগীসকলে শুভকামনা জনাইছে। উল্লেখ্য যে ইৰা খান হৈছে আমিৰ খান আৰু তেওঁৰ প্ৰথমা পত্নী ৰীণা দত্তৰ কন্যা। ১৯৮৬ চনত ৰীণাৰ সৈতে প্ৰেম বিবাহ কৰিছিল আমিৰে। ১৯৯৩ চনত তেওঁলোকৰ পুত্ৰ সন্তান জুনেইদ খানৰ জন্ম হয় আৰু ১৯৯৭ চনত কন্যা সন্তান ইৰা খানৰ জন্ম হয়। ২০০২ চনত ৰীণা দত্তৰ সৈতে বিবাহ বিচ্ছেদ ঘটে আমিৰ খানৰ। আৰু পঢ়কঃ বন্ধুলৈ ঘৃণনীয় মেছেজ প্ৰেৰণ কৰাৰ বাবে এগৰাকী মহিলাক ফাঁচিৰ ৰায় দিলে আদালতে!  

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ