--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানৰ জীয়ৰী ইৰা খানে এতিয়ালৈকে বলীউডত প্ৰৱেশ কৰা নাই যদিও নিজৰ ব্যক্তিগত জীৱনৰ বাবে চৰ্চাত থাকে। ইৰা ছ'চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয়। ইৰাই প্ৰায়ে প্ৰেমিক নূপুৰ শিখাৰেৰ সৈতে উঠা ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰি থাকে। নূপুৰ শিখাৰে পেছাত এগৰাকী ফিজিকেল ফিটনেছ ট্ৰেইনাৰ। শেহতীয়াকৈ নূপুৰ চৰ্চাত থকাৰ কাৰণ হ'ল তেওঁ আমিৰ খানৰ ভাবী জোঁৱাই। ইৰাতকৈ নূপুৰ ১২ বছৰৰ ডাঙৰ। ফিজিকেল ফিটনেছৰ ট্ৰেইনিং ল'বলৈ গৈয়ে ইৰাই লগ পাইছিল নূপুৰক। শেহতীয়াকৈ ইৰাৰ কেইখন মান ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইৰাই নুপুৰৰ মাকৰ অৰ্থাৎ হ'বলগীয়া শাহুৰ এখন শাৰী পিন্ধি ফটো উঠে আৰু সেই ফটো আমিৰ কন্যাই অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা শ্বেয়াৰ কৰে। ইৰাই পিন্ধিছিল প্ৰেমিকৰ মাতৃৰ বগা ৰঙৰ সৰল এখন কপাহী শাৰী। ইৰাই তেওঁৰ চুলি খোলা ৰাখিছে আৰু হাঁহি থকা দেখা গৈছে। এখন ফটোত ইৰা, নূপুৰ আৰু নূপুৰৰ মাতৃক একেলগে দেখা গৈছে, এখন ফটোত ইৰাক প্ৰেমিক নুপুৰৰ সৈতে দেখা গৈছে আৰু এখন ফটোত ইৰাই অকলে প'জ দিছে। এই সকলোবোৰ ফটোতে ইৰাক সহজ-সৰল ৰূপত ধুনীয়া দেখাইছে। ইৰা খানে ফটোবোৰ শ্বেয়াৰ কৰি কেপশ্যনত লিখিছিল, ''বোম্বাইৰ খাদী কপাহৰ শাৰী। শুভ দেওবাৰ! প্ৰীতম শিখাৰে(নূপুৰৰ মাতৃ) শাৰীখনৰ বাবে আপোনাক ধন্যবাদ!'' নেটিজেনসকলে ইৰা খানৰ এই ফটোবোৰ খুব ভাল পাইছে আৰু সুন্দৰ সুন্দৰ কমেণ্ট কৰিছে। তেওঁলোকৰ প্ৰেম সফল হ'বলৈ অনুৰাগীসকলে শুভকামনা জনাইছে। উল্লেখ্য যে ইৰা খান হৈছে আমিৰ খান আৰু তেওঁৰ প্ৰথমা পত্নী ৰীণা দত্তৰ কন্যা। ১৯৮৬ চনত ৰীণাৰ সৈতে প্ৰেম বিবাহ কৰিছিল আমিৰে। ১৯৯৩ চনত তেওঁলোকৰ পুত্ৰ সন্তান জুনেইদ খানৰ জন্ম হয় আৰু ১৯৯৭ চনত কন্যা সন্তান ইৰা খানৰ জন্ম হয়। ২০০২ চনত ৰীণা দত্তৰ সৈতে বিবাহ বিচ্ছেদ ঘটে আমিৰ খানৰ। আৰু পঢ়কঃ বন্ধুলৈ ঘৃণনীয় মেছেজ প্ৰেৰণ কৰাৰ বাবে এগৰাকী মহিলাক ফাঁচিৰ ৰায় দিলে আদালতে!  

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু