--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা নৱতম গ্ৰন্থ ‘Unfinished: A Memoir’ ইতিমধ্যে পাঠক সমাজৰ মাজলৈ মুকলি কৰি দিয়া হৈছে। গ্ৰন্থখন মুকলি হোৱাৰ লগে লগে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। গ্ৰন্থখনত প্ৰিয়ংকা ই তেওঁৰ পেছাদাৰী জীৱনৰ পৰা ব্যক্তিগত জীৱনলৈকে আগেয়ে নোকোৱা বহুতো অলিখিত কাহিনী সন্নিবিষ্ট কৰিছে বুলি জানিবলৈ পোৱা গৈছে। অনুৰাগীৰ মাজতো গ্ৰন্থখনে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে। প্ৰিয়ংকাৰ জীৱনৰ সৈতে জড়িত কাহিনীবোৰ জানিবৰ বাবে অনুৰাগীৰ মাজতো অত্যুগ্ৰ আগ্ৰহ। এনে বহু কাহিনীৰ মাজত এটা কাহিনীয়ে বিশেষভাৱে দৃষ্টিআকৰ্ষণ কৰা দেখা গৈছে।এগৰাকী সুদক্ষ অভিনেত্ৰীৰ উপৰি কাহিনীৰ কথক প্ৰিয়কাই গ্ৰন্থখনত নিৰ্ভীকভাৱে নিজেই নিজৰ জীৱনৰ কথাবোৰ অনৰ্গল কৈ গৈছে। কেইবছৰমানৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত পঢ়া শুনা কৰিছিল প্ৰিয়ংকাই। তেতিয়াই হেনো দশম শ্ৰেণীত অধ্যয়নৰত প্ৰিয়ংকাই প্ৰেমত পৰিছিল। প্ৰেমিকৰ নাম আছিল ব’ব। দশমমান শ্ৰেণীত অধ্যয়ন কৰি থাক সময়তে বিবাহৰ দৰে স্পৰ্শকাতৰ কথাৰে ভৱিষ্যতৰ আঁচনি হাতত লোৱা কিশোৰী প্ৰিয়ংকাই কি ধৰণৰ সমস্যাত পৰিছিল তাকো উল্লেখ কৰি গৈছে সাৱলীলভাৱে। কেবল সেয়াই নহয়। গ্ৰন্থখনৰ মাজেদি প্ৰিয়ংকাই কৈছে, ‘এদিন মই ব’বৰ সৈতে টিভি চাই আছিলো। হঠাতে মোৰ মাহী আমাৰ কোঠালৈ আহিছিল। মই ব’বক কোঠাৰ আলমাৰীত লুকুৱাবলৈ কৈছিলো। মাহীৰ কিন্তু সন্দেহ হৈছিল। তেওঁ মোক মাতি নি আলমাৰিটো খুলিবলৈ কৈছিল। মই যেতিয়া আলমাৰীটো খুলিছিলো তেতিয়া ব’বক দেখা পাই তেওঁৰ প্ৰচণ্ড খং উঠিছিল। তেওঁ মোৰ মাক সকলো কথা কৈছিল। ইয়াৰ ঠিক কেইদিনমান পাছতে মই ভাৰতলৈ গুচি আহিছিলো৷’ ইয়াৰোপৰি এই গ্ৰন্থখনত এগৰাকী চলচ্চিত্ৰ পৰিচালকে কেনেকৈ তেওঁক প্লাষ্টিক ছাৰ্জাৰী কৰিবলৈ পৰামৰ্শ দিছিল৷ প্ৰিয়ংকাই শেহতীয়া সাক্ষাৎকাৰৰ সময়তো এই বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছিল। স্মৰ্তব্য যে, এছিয়ান ষ্টাইল আলোচনীক দিয়া এক সাক্ষাৎকাৰত প্ৰিয়ংকা চোপ্ৰাই কয়, ‘২০০০ চনত ‘মিছ ৱৰ্ল্ড’ৰ মুকুট লাভ কৰাৰ পাছত এগৰাকী চলচ্চিত্ৰ পৰিচালকক লগ পাইছিলো। তেওঁ মোক প্লাষ্টিক ছাৰ্জাৰীৰ পৰামৰ্শ দিছিল।’ অভিনেত্ৰীগৰাকীয়ে লগতে কয়, ‘অলপ সময় কথা পতাৰ পাছত পৰিচালক,প্ৰযোজকে মোক থিয় হ'বলৈ আৰু পিছলৈ খোজ কাঢ়িবলৈ কৈছিল।তেওঁলোকে কোৱাধৰণেই সকলো কৰিছিলো।তেওঁলোকে মোৰ ফালে বহুপৰ ৰ’ লাগি চাই আছিল।পৰৱৰ্তী সময়ত মোক পৰামৰ্শ দিছিল যে, যদি মই এগৰাকী অভিনেত্ৰী হ'ব বিচাৰো তেনেহ’লে মই নিজকে কিছুমান ক্ষেত্ৰত সংশোধন কৰাটো উচিত। আনকি তেওঁ লছ এঞ্জেলছৰ এগৰাকী চিকিৎসককো চিনি পাইছিল যলৈ মোক তেওঁ পঠিয়াব পাৰিলেহেতেঁন।পৰিচালকৰ কথা শুনি সেই সময়ত মোৰ মেনেজাৰেও সন্মতি জনাইছিল।’ এই কথা শুনি অভিনেত্ৰীগৰাকীয়ে হেনো বৰ আঘাত পাইছিল আৰু মেনেজাৰক এৰি দিছিল। প্ৰিয়ংকাই লগতে কয়, ‘মই এই গ্ৰন্থখনত এইবোৰ কথা লিখা নাই। মই নাভাৱো যে, মোৰ জীৱনৰ প্ৰতিটো কথাৰ ক্লিন চিট সকলোকে দিব লাগিব।মই মোৰ জীৱনৰ এনেকোৱা এটা পৰ্যায়ত আছো, য'ত মই মোৰ জীৱনৰ মাইলৰ খুঁটিবোৰৰ বিষয়ে বহি লিখিছো। এইটোও এনে ঘটনাবোৰৰ ভিতৰত এটা যিটো মই মোৰ হৃদয়ত ধৰি ৰাখিছো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু