--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা নৱতম গ্ৰন্থ ‘Unfinished: A Memoir’ ইতিমধ্যে পাঠক সমাজৰ মাজলৈ মুকলি কৰি দিয়া হৈছে। গ্ৰন্থখন মুকলি হোৱাৰ লগে লগে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। গ্ৰন্থখনত প্ৰিয়ংকা ই তেওঁৰ পেছাদাৰী জীৱনৰ পৰা ব্যক্তিগত জীৱনলৈকে আগেয়ে নোকোৱা বহুতো অলিখিত কাহিনী সন্নিবিষ্ট কৰিছে বুলি জানিবলৈ পোৱা গৈছে। অনুৰাগীৰ মাজতো গ্ৰন্থখনে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে। প্ৰিয়ংকাৰ জীৱনৰ সৈতে জড়িত কাহিনীবোৰ জানিবৰ বাবে অনুৰাগীৰ মাজতো অত্যুগ্ৰ আগ্ৰহ। এনে বহু কাহিনীৰ মাজত এটা কাহিনীয়ে বিশেষভাৱে দৃষ্টিআকৰ্ষণ কৰা দেখা গৈছে।এগৰাকী সুদক্ষ অভিনেত্ৰীৰ উপৰি কাহিনীৰ কথক প্ৰিয়কাই গ্ৰন্থখনত নিৰ্ভীকভাৱে নিজেই নিজৰ জীৱনৰ কথাবোৰ অনৰ্গল কৈ গৈছে। কেইবছৰমানৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত পঢ়া শুনা কৰিছিল প্ৰিয়ংকাই। তেতিয়াই হেনো দশম শ্ৰেণীত অধ্যয়নৰত প্ৰিয়ংকাই প্ৰেমত পৰিছিল। প্ৰেমিকৰ নাম আছিল ব’ব। দশমমান শ্ৰেণীত অধ্যয়ন কৰি থাক সময়তে বিবাহৰ দৰে স্পৰ্শকাতৰ কথাৰে ভৱিষ্যতৰ আঁচনি হাতত লোৱা কিশোৰী প্ৰিয়ংকাই কি ধৰণৰ সমস্যাত পৰিছিল তাকো উল্লেখ কৰি গৈছে সাৱলীলভাৱে। কেবল সেয়াই নহয়। গ্ৰন্থখনৰ মাজেদি প্ৰিয়ংকাই কৈছে, ‘এদিন মই ব’বৰ সৈতে টিভি চাই আছিলো। হঠাতে মোৰ মাহী আমাৰ কোঠালৈ আহিছিল। মই ব’বক কোঠাৰ আলমাৰীত লুকুৱাবলৈ কৈছিলো। মাহীৰ কিন্তু সন্দেহ হৈছিল। তেওঁ মোক মাতি নি আলমাৰিটো খুলিবলৈ কৈছিল। মই যেতিয়া আলমাৰীটো খুলিছিলো তেতিয়া ব’বক দেখা পাই তেওঁৰ প্ৰচণ্ড খং উঠিছিল। তেওঁ মোৰ মাক সকলো কথা কৈছিল। ইয়াৰ ঠিক কেইদিনমান পাছতে মই ভাৰতলৈ গুচি আহিছিলো৷’ ইয়াৰোপৰি এই গ্ৰন্থখনত এগৰাকী চলচ্চিত্ৰ পৰিচালকে কেনেকৈ তেওঁক প্লাষ্টিক ছাৰ্জাৰী কৰিবলৈ পৰামৰ্শ দিছিল৷ প্ৰিয়ংকাই শেহতীয়া সাক্ষাৎকাৰৰ সময়তো এই বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছিল। স্মৰ্তব্য যে, এছিয়ান ষ্টাইল আলোচনীক দিয়া এক সাক্ষাৎকাৰত প্ৰিয়ংকা চোপ্ৰাই কয়, ‘২০০০ চনত ‘মিছ ৱৰ্ল্ড’ৰ মুকুট লাভ কৰাৰ পাছত এগৰাকী চলচ্চিত্ৰ পৰিচালকক লগ পাইছিলো। তেওঁ মোক প্লাষ্টিক ছাৰ্জাৰীৰ পৰামৰ্শ দিছিল।’ অভিনেত্ৰীগৰাকীয়ে লগতে কয়, ‘অলপ সময় কথা পতাৰ পাছত পৰিচালক,প্ৰযোজকে মোক থিয় হ'বলৈ আৰু পিছলৈ খোজ কাঢ়িবলৈ কৈছিল।তেওঁলোকে কোৱাধৰণেই সকলো কৰিছিলো।তেওঁলোকে মোৰ ফালে বহুপৰ ৰ’ লাগি চাই আছিল।পৰৱৰ্তী সময়ত মোক পৰামৰ্শ দিছিল যে, যদি মই এগৰাকী অভিনেত্ৰী হ'ব বিচাৰো তেনেহ’লে মই নিজকে কিছুমান ক্ষেত্ৰত সংশোধন কৰাটো উচিত। আনকি তেওঁ লছ এঞ্জেলছৰ এগৰাকী চিকিৎসককো চিনি পাইছিল যলৈ মোক তেওঁ পঠিয়াব পাৰিলেহেতেঁন।পৰিচালকৰ কথা শুনি সেই সময়ত মোৰ মেনেজাৰেও সন্মতি জনাইছিল।’ এই কথা শুনি অভিনেত্ৰীগৰাকীয়ে হেনো বৰ আঘাত পাইছিল আৰু মেনেজাৰক এৰি দিছিল। প্ৰিয়ংকাই লগতে কয়, ‘মই এই গ্ৰন্থখনত এইবোৰ কথা লিখা নাই। মই নাভাৱো যে, মোৰ জীৱনৰ প্ৰতিটো কথাৰ ক্লিন চিট সকলোকে দিব লাগিব।মই মোৰ জীৱনৰ এনেকোৱা এটা পৰ্যায়ত আছো, য'ত মই মোৰ জীৱনৰ মাইলৰ খুঁটিবোৰৰ বিষয়ে বহি লিখিছো। এইটোও এনে ঘটনাবোৰৰ ভিতৰত এটা যিটো মই মোৰ হৃদয়ত ধৰি ৰাখিছো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ