--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰয়াত বলীউড অভিনেতা সুশান্ত সিং ৰাজপুত আজি আমাৰ মাজত নাই যদিও তেওঁৰ উদাৰতা আৰু সমুজ্জ্বল অভিনয়ৰ ছন্দোময় সুহুৰি এতিয়াও অনুৰাগীৰ মন মাজুলীত অনুৰণিত হৈ আছে। তেওঁৰ কায়িক অনুপস্থিতিয়ে আহত কৰে প্ৰিয় অনুৰাগীক। স্মৰ্তব্য যে, ২০২০ চনৰ ১৪ জুনত আত্মহত্যাৰ পথ বাচি লৈছিল বলীউডৰ এইগৰাকী জনপ্ৰিয় অভিনেতাই। জীৱনৰ অগণিত সপোনবোৰক পূৰ্ণতা দিবলৈকে চেষ্টাত কোনো ক্ৰুটি ৰখা নাছিল সুশান্তে। সেই স্বপ্নৰাগৰ চোঁচা ল’বলৈ যাওতে জীৱনৰ বহু কঠিন পৰিস্থিতিৰো মুখামুখী হ’বলগা হৈছিল তেওঁ। জীৱনৰ সৈতে সংপৃক্ত সুশান্তৰ বহু সপোন কলিতে মৰহি হৈছিল, কিছুমানে পাইছিল বাস্তৱ ৰূপ। সুশান্তে তেওঁৰ জীৱনৰ সপোনৰ এখন তালিকাও প্ৰস্তুত কৰিছিল। য'ত তেওঁ খোদিত হৈ আছিল ভৱিষ্যতৰ আঁচনি। শিক্ষাৰ পৰা আৰম্ভ কৰি জাহাজ উৰোৱা, বৃক্ষৰোপণৰ পৰা আদি কৰি মহিলাক আত্মৰক্ষাৰ বাবে প্ৰস্তুত কৰাৰ দৰে বহুতো গুৰুত্বপূৰ্ণ বিষয় সন্নিবিষ্ট হৈ আছে এইখন তালিকাত। সুশান্ত সিং ৰাজপুতৰ সপোনৰ তালিকাত আৰু নো কি আছিল? পৰিতাপৰ বিষয় এই যে, সুশান্তৰ এই তালিকাত ৫০ টা সপোনৰ উল্লেখ আছিল। এই ৫০টা সপোনৰ ৩৯টা আধৰুৱা তথা সুশান্তৰ সংৰুগ্ন সপোন ।জীৱনকালত মাত্ৰ ১১টা সপোনকহে সুশান্তে বাস্তৱ ৰূপ দিছিল। সুশান্ত সিং ৰাজপুতৰ ৩৯টা আধৰুৱা সপোন- - মৰ্চ কোড শিকা -শিশুসকলক মহাকাশৰ বিষয়ে শিকাত সহায় কৰা – টেনিছ চেম্পিয়নৰ সৈতে মেচ খেলা – ফ্লোৰ ক্লেপ পুচ আপ কৰা -চন্দ্ৰ, মঙ্গল, বৃহস্পতি আৰু শনি গ্ৰহক এসপ্তাহৰ বাবে ঘূৰি থকা দেখা – এবাৰ ডাবল শ্লিট ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা -এহেজাৰ জোপা বৃক্ষ ৰোপণ কৰা -১০০টি শিশুক নাছাৰ কৰ্মশালালৈ প্ৰেৰণ কৰা – কৈলাশত ধ্যান কৰা – চেম্পিয়নৰ সৈতে ‘পোকৰ’ খেলা – এখন কিতাপ লিখা – ধ্ৰুৱীয় পোহৰলৈ চাই পেইণ্টিং কৰা – নাছাৰ আন এখন কৰ্মশালাত অংশগ্ৰহণ কৰা – ৬ মাহৰ ভিতৰত ছিক্স পেক বনোৱা – অন্ধ ব্যক্তিক কোডিং শিকোৱা – অৰণ্যত এসপ্তাহ কটোৱাৰ সপোন – বৈদিক জ্যোতিষ শাস্ত্ৰৰ জ্ঞান অৰ্জন কৰা – ‘লেগো’ৰ পৰীক্ষাগাৰলৈ যোৱা – ঘোঁৰা পোহা – ১০ প্ৰকাৰৰ নৃত্য শিকা – বিনামূলীয়া শিক্ষাৰ বাবে কাম কৰা – ক্ৰিয়া যোগ শিকা – মহিলাসকলক আত্ম-প্ৰতিৰক্ষা প্ৰশিক্ষণৰ বাবে সহায় কৰা – কেমেৰাত এটা সক্ৰিয় আগ্নেয়গিৰি বন্দী কৰা – খেতি কৰিবলৈ শিকা – দাদা নৃত্যৰ ৰূপ শিকা – ৰেচনিক-হলিডেৰ বিখ্যাত পদাৰ্থ বিজ্ঞানৰ কিতাপখন পঢ়া – পলিনেচিয়ান জ্যোতিৰ্বিজ্ঞানক বুজা – গীটাৰত বিখ্যাত ৫০টা গীত বজাবলৈ শিকা – চেম্পিয়নৰ সৈতে দবা খেলা – লেম্বৰ্গিনি ক্ৰয় কৰা – ভিয়েনাৰ ছেইণ্ট ষ্টিফেনচ কেথ’ড্ৰেল ভ্ৰমণ –ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ বাবে শিশুসকলক প্ৰস্তুত কৰা – স্বামী বিবেকানন্দৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰা – চাৰ্ফিং – কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত কাম কৰা – ব্ৰাজিলিয়ান নৃত্য আৰু সমৰকলাৰ ৰূপ শিকা –ৰেলৰে সমগ্ৰ ইউৰোপ ভ্ৰমণ।   বাস্তৱ ৰূপ দিয়া সুশান্তৰ ১১টা সপোন- – এখন বিমান উৰুওৱা –‘আইৰন মেন’ৰ বাবে প্ৰশিক্ষণ – বাওঁ হাতেৰে ক্ৰিকেট মেচ খেলা – চাৰ্নলৈ যোৱা – এজন আৰ্চাৰ হোৱা – চেন’টছত সাঁতোৰা –কলেজত এটা সন্ধিয়া কটোৱা। – এটা শক্তিশালী দূৰবীণৰ জৰিয়তে ‘এণ্ড্ৰোমেডা’ক চোৱা – ব্লু হ’লত সাঁতোৰা –ডিজনিলেণ্ড পাৰ্কলৈ যোৱা – সমতাৰ সত্‍ ব্যৱহাৰ
FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা, আজিৰে পৰা কপাল ফুলিব এইকেইটা ৰাশিৰ ভাগ্য
ভাৰতলৈ সুখবৰ ! ভাৰতীয় মূলৰ ছাবিহ খানক এপ'লৰ নতুন COO হিচাপে নিযুক্তি
ত্ৰাণকৰ্তা ৰকী! এটা কুকুৰৰ বাবে প্ৰাণৰক্ষা পৰিল ৬৭জনৰ
পুনৰ প্ৰাণ পাই উঠিল ৱুলাৰ হ্ৰদ! ৩০ বছৰৰ পাছত আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোত ফুলি উঠিল পদুম
ভাৰতৰ শংকাৰ কাৰণ হৈ পৰিছে চীন-পাকিস্তান-বাংলাদেশৰ মিতিৰালি
চলচ্চিত্র মহোৎসৱত পাঁচটা বঁটাৰে উজলিল 'বোর্খা-দ্য ভেইল'