--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'আমি নিৰ্দোষী, হিন্দুসকলে ধৰ্ষণ  কৰিব নোৱাৰে '। এই মন্তব্য কৰিছে বিলকিছ বানোৰ ধৰ্ষণকাৰীয়ে।গুজৰাটৰ দাহোদ জিলাৰ ৰান্ধিকপুৰ গাঁৱত বিলকিছৰ বানুৰ ঘৰ। ২০০২ চনৰ ঘটনাৰ পিছত বিলকিছে গাওঁখনত ভৰি দিয়া নাছিল।২০০২ চনৰ  ভয়ংকৰ ঘটনাৰ পিছত বিলকিছ বানোৱে তেওঁৰ ঘৰ এৰিছিল। 

তেওঁৰ ঘৰটোত  এতিয়া এখন দোকান দিয়া হৈছে। য'ত কাপোৰ বিক্ৰী কৰা হয়। সেই দোকানখন এতিয়া ৰাধেশ্যাম শ্বাহৰ। বিলকিছক ধৰ্ষণ কৰা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক হত্যা কৰাৰ বাবে দোষী সাব্যস্ত হোৱা ১১ জন লোকৰ ভিতৰৰে এজন হৈছে ৰাধেশ্যাম। ৰাধেশ্যামকে ধৰি এঘাৰজন দোষীক যোৱা বছৰ স্বাধীনতা দিৱসত কাৰাগাৰৰ পৰা "ভাল আচৰণ"ৰ বাবে মুক্তি দিয়া হৈছিল। 

বিলকিছৰ ধৰ্ষণকাৰীসকলে কাৰাগাৰৰ পৰা ওলাই অহাৰ সময়তে একাংশ লোকে ফুলৰ মালা পিন্ধাই আদৰণি জনাইছিল, বহুতে তেওঁলোকক মিঠাই খুৱাইছিল। সেইসকল ধৰ্ষণকাৰীৰ মাজৰে বহু কেইজনে এতিয়া নিজকে নিৰ্দোষী বুলি কৈছে।  বিলকিছৰ এজন ধৰ্ষণকাৰীয়ে  কৈছে "আমি নিৰ্দোষ। হিন্দু সমাজত কেতিয়াবা এনে হয় নেকি? নহয়, হিন্দুসকলে তেনে নকৰে। ''

২১ বছৰীয়া বিলকিছক ২০২০ চনৰ ৩ মাৰ্চত দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। বিলকিছ সেই সময়ত পাঁচ মাহৰ গৰ্ভৱতী আছিল। তেওঁৰ তিনি বছৰীয়া জীয়েককে ধৰি ১৪ জন লোকক পিছত ধৰ্ষণকাৰীসকলেই  হত্যা কৰিছিল। এই ঘটনাত সমগ্ৰ দেশ হতবাক হৈ পৰিছিল।

ঘটনাটোৰ পিছত বিলকিছে আতংকিত হৈ ঘৰ এৰিছিল। বিলকিছৰ ১১ জন ধৰ্ষণকাৰীক আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল। কিন্তু ১৫ আগষ্টত, বিলকিছৰ ১১ জন ধৰ্ষণকাৰীক মুকলি কৰি দিয়া হয়। ঘটনাক্ৰমে, স্বাধীনতা দিৱসৰ ভাষণত একেদিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা মহিলাৰ কল্যাণৰ কথা কৈছিল। 

দোষীৰ মুক্তিৰ পিছত বিলকিছে গুজৰাট চৰকাৰক "ভয়ৰ পৰা মুক্ত হৈ  শান্তিৰে জীয়াই থকাৰ ব্যৱস্থা কৰিবলৈ " আহ্বান জনায়। বিলকিছৰ স্বামীয়ে কৈছে যে তেওঁলোকে  নিৰাপত্তাহীনতাত ভুগিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু