--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'আমি নিৰ্দোষী, হিন্দুসকলে ধৰ্ষণ  কৰিব নোৱাৰে '। এই মন্তব্য কৰিছে বিলকিছ বানোৰ ধৰ্ষণকাৰীয়ে।গুজৰাটৰ দাহোদ জিলাৰ ৰান্ধিকপুৰ গাঁৱত বিলকিছৰ বানুৰ ঘৰ। ২০০২ চনৰ ঘটনাৰ পিছত বিলকিছে গাওঁখনত ভৰি দিয়া নাছিল।২০০২ চনৰ  ভয়ংকৰ ঘটনাৰ পিছত বিলকিছ বানোৱে তেওঁৰ ঘৰ এৰিছিল। 

তেওঁৰ ঘৰটোত  এতিয়া এখন দোকান দিয়া হৈছে। য'ত কাপোৰ বিক্ৰী কৰা হয়। সেই দোকানখন এতিয়া ৰাধেশ্যাম শ্বাহৰ। বিলকিছক ধৰ্ষণ কৰা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক হত্যা কৰাৰ বাবে দোষী সাব্যস্ত হোৱা ১১ জন লোকৰ ভিতৰৰে এজন হৈছে ৰাধেশ্যাম। ৰাধেশ্যামকে ধৰি এঘাৰজন দোষীক যোৱা বছৰ স্বাধীনতা দিৱসত কাৰাগাৰৰ পৰা "ভাল আচৰণ"ৰ বাবে মুক্তি দিয়া হৈছিল। 

বিলকিছৰ ধৰ্ষণকাৰীসকলে কাৰাগাৰৰ পৰা ওলাই অহাৰ সময়তে একাংশ লোকে ফুলৰ মালা পিন্ধাই আদৰণি জনাইছিল, বহুতে তেওঁলোকক মিঠাই খুৱাইছিল। সেইসকল ধৰ্ষণকাৰীৰ মাজৰে বহু কেইজনে এতিয়া নিজকে নিৰ্দোষী বুলি কৈছে।  বিলকিছৰ এজন ধৰ্ষণকাৰীয়ে  কৈছে "আমি নিৰ্দোষ। হিন্দু সমাজত কেতিয়াবা এনে হয় নেকি? নহয়, হিন্দুসকলে তেনে নকৰে। ''

২১ বছৰীয়া বিলকিছক ২০২০ চনৰ ৩ মাৰ্চত দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। বিলকিছ সেই সময়ত পাঁচ মাহৰ গৰ্ভৱতী আছিল। তেওঁৰ তিনি বছৰীয়া জীয়েককে ধৰি ১৪ জন লোকক পিছত ধৰ্ষণকাৰীসকলেই  হত্যা কৰিছিল। এই ঘটনাত সমগ্ৰ দেশ হতবাক হৈ পৰিছিল।

ঘটনাটোৰ পিছত বিলকিছে আতংকিত হৈ ঘৰ এৰিছিল। বিলকিছৰ ১১ জন ধৰ্ষণকাৰীক আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল। কিন্তু ১৫ আগষ্টত, বিলকিছৰ ১১ জন ধৰ্ষণকাৰীক মুকলি কৰি দিয়া হয়। ঘটনাক্ৰমে, স্বাধীনতা দিৱসৰ ভাষণত একেদিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা মহিলাৰ কল্যাণৰ কথা কৈছিল। 

দোষীৰ মুক্তিৰ পিছত বিলকিছে গুজৰাট চৰকাৰক "ভয়ৰ পৰা মুক্ত হৈ  শান্তিৰে জীয়াই থকাৰ ব্যৱস্থা কৰিবলৈ " আহ্বান জনায়। বিলকিছৰ স্বামীয়ে কৈছে যে তেওঁলোকে  নিৰাপত্তাহীনতাত ভুগিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement