--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিপদে লগ এৰা নাই বলীউডৰ মোহময়ী অভিনেত্ৰী জেকুলিন ফাৰ্নাণ্ডেজক৷ নিয়মীয়া জামিনত দাখিল কৰা ইডিৰ পত্ৰত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য। এই পত্ৰত প্ৰকাশ পোৱা তথ্য অনুসৰি, তদন্তৰ সময়ত জেকুলিনে প্ৰমাণ নষ্ট কৰিবলৈ মোবাইলৰ পৰা ডাটা ডিলিট কৰিছিল। আনকি, তদন্তৰ সময়তে তেওঁ দেশ এৰি পলায়ন কৰিবলৈ চেষ্টা চলাইছিল বুলিও ইডিয়ে সদৰী কৰিছে৷ কিন্তু, নিষেধাজ্ঞা জাৰি কৰাৰ বাবে সফল হ’ব পৰা নাছিল জেকুলিন৷

ইডিয়ে কয় যে জেকুলিনে কেতিয়াও তদন্তত সহযোগ কৰা নাছিল। যেতিয়াই তেওঁক প্ৰমাণ দেখুৱাই বা আন অভিযুক্তৰ সন্মুখত বহুৱাই জেৰা কৰা হৈছিল, তেতিয়া তেওঁ কেৱল স্বীকাৰোক্তি দিছিল। এই বিশেষ যুক্তিসমূহৰ সৈতে ইডিয়ে পাটিয়ালা আদালতত নিজৰ উত্তৰপত্ৰ দাখিল কৰি জেকলিনক জামিন প্ৰদানৰ বিৰোধিতা কৰে।

তাৎপৰ্যপূৰ্ণভাৱে ২০০ কোটি টকাৰ অবৈধ ধন সৰবৰাহৰ গোচৰত জেকুলিন ফাৰ্নাণ্ডেজক ইডিৰ দ্বাৰা জেৰা কৰা হৈছে। এই গোচৰটো সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত। একেটা গোচৰতে শনিবাৰে দিল্লীৰ পাটিয়ালা হাউছ আদালতত হাজিৰ কৰোৱা হয় জেকলিনক। এই সময়ছোৱাত তেওঁ উকীলৰ দৰে সাজ-পোছাক পৰিধান কৰিছিল৷

১০ নৱেম্বৰত হ’ব এই গোচৰৰ পৰৱৰ্তী শুনানি। তেতিয়ালৈকে জেকুলিনক প্ৰদান কৰা অন্তৱৰ্তীকালীন জামিন বাহাল ৰাখিছে আদালতে। সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত ২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত চলি থকা ইডিৰ তদন্তৰ অন্যতম অভিযুক্ত জেকুলিন ফাৰ্ণাণ্ডেজ। তেওঁৰ নিয়মীয়া জামিন আবেদনৰ শুনানি চলি আছে পাটিয়ালা হাউছ আদালতত। ইয়াৰ পূৰ্বে ২৬ ছেপ্টেম্বৰত আদালতত হাজিৰ কৰোৱা হৈছিল জনপ্ৰিয় অভিনেত্ৰীগৰাকী৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু