--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিপদে লগ এৰা নাই বলীউডৰ মোহময়ী অভিনেত্ৰী জেকুলিন ফাৰ্নাণ্ডেজক৷ নিয়মীয়া জামিনত দাখিল কৰা ইডিৰ পত্ৰত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য। এই পত্ৰত প্ৰকাশ পোৱা তথ্য অনুসৰি, তদন্তৰ সময়ত জেকুলিনে প্ৰমাণ নষ্ট কৰিবলৈ মোবাইলৰ পৰা ডাটা ডিলিট কৰিছিল। আনকি, তদন্তৰ সময়তে তেওঁ দেশ এৰি পলায়ন কৰিবলৈ চেষ্টা চলাইছিল বুলিও ইডিয়ে সদৰী কৰিছে৷ কিন্তু, নিষেধাজ্ঞা জাৰি কৰাৰ বাবে সফল হ’ব পৰা নাছিল জেকুলিন৷

ইডিয়ে কয় যে জেকুলিনে কেতিয়াও তদন্তত সহযোগ কৰা নাছিল। যেতিয়াই তেওঁক প্ৰমাণ দেখুৱাই বা আন অভিযুক্তৰ সন্মুখত বহুৱাই জেৰা কৰা হৈছিল, তেতিয়া তেওঁ কেৱল স্বীকাৰোক্তি দিছিল। এই বিশেষ যুক্তিসমূহৰ সৈতে ইডিয়ে পাটিয়ালা আদালতত নিজৰ উত্তৰপত্ৰ দাখিল কৰি জেকলিনক জামিন প্ৰদানৰ বিৰোধিতা কৰে।

তাৎপৰ্যপূৰ্ণভাৱে ২০০ কোটি টকাৰ অবৈধ ধন সৰবৰাহৰ গোচৰত জেকুলিন ফাৰ্নাণ্ডেজক ইডিৰ দ্বাৰা জেৰা কৰা হৈছে। এই গোচৰটো সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত। একেটা গোচৰতে শনিবাৰে দিল্লীৰ পাটিয়ালা হাউছ আদালতত হাজিৰ কৰোৱা হয় জেকলিনক। এই সময়ছোৱাত তেওঁ উকীলৰ দৰে সাজ-পোছাক পৰিধান কৰিছিল৷

১০ নৱেম্বৰত হ’ব এই গোচৰৰ পৰৱৰ্তী শুনানি। তেতিয়ালৈকে জেকুলিনক প্ৰদান কৰা অন্তৱৰ্তীকালীন জামিন বাহাল ৰাখিছে আদালতে। সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত ২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত চলি থকা ইডিৰ তদন্তৰ অন্যতম অভিযুক্ত জেকুলিন ফাৰ্ণাণ্ডেজ। তেওঁৰ নিয়মীয়া জামিন আবেদনৰ শুনানি চলি আছে পাটিয়ালা হাউছ আদালতত। ইয়াৰ পূৰ্বে ২৬ ছেপ্টেম্বৰত আদালতত হাজিৰ কৰোৱা হৈছিল জনপ্ৰিয় অভিনেত্ৰীগৰাকী৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক