--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শয়নৰ নিয়মৰ ওপৰতো আমাৰ দৈহিক অৱস্থা ভালে খিনি নিৰ্ভৰ কৰে।   কিছুমানে সোঁফালে অথবা বাওঁফালে কাতি হৈ শুৱে। বুকু পেলাই তলমুৱা কৰি শুৱাটো অতি বিপজ্জনক। এনে কৰিলে হৃদযন্ত্ৰৰ ওপৰত গভীৰ হেঁচা পৰে। ফলত মাৰাত্মক বিপদ ঘটিব পাৰে। স্বাস্থ্য বিজ্ঞানীসকলৰ মতে বাওঁফালে কাতি হৈ শোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।

 বাঁওফালে কাতি  হৈ শোৱাটো হৈছে স্বাস্থ্য সন্মত শোৱাৰ এক ভংগী।আমাৰ হৃৎপিণ্ডটো দেহৰ বাঁওফালে থাকে আৰু মাধ্যাকৰ্ষণিক বলে হৃদপিণ্ডত ৰক্ত সঞ্চালনত সহায় কৰে । স্বাস্থ্য বিজ্ঞানীসকলৰ মতে যিহেতু সেয়ে বাওঁফালে কাতি হৈ শুলে আৰু হৃৎপিণ্ডৰ ওপৰত চাপ ভালে খিনি কমকৈ পৰে। ইয়াৰ ফলত হৃদপিণ্ডত তেজৰ চলাচল সুচল হৈ থাকে।

বাওঁফালে কাটি হৈ শুলে মাধ্যাকৰ্ষণিক বলৰ সহায়ত ক্ষুদ্ৰান্ত্ৰৰ পৰা বৃহদান্ত্ৰলৈ বৰ্জিত খাদ্যখিনি ইলিওচিকেল ভালভ বা আইচিভিৰ মাজেৰে সহজে পাৰ হৈ যোৱাত সহায় হয়। ফলত কোষ্ঠকাঠিন্য আদিৰ দৰে সমস্যাৰ পৰা আমি ভালে খিনি হাত সাৰি থাকিব পাৰো।
স্বাস্থ্য বিজ্ঞানীসকলৰ মতে গৰ্ভৱতী মহিলাসকলে পৰাপক্ষত বাঁওফালে কাতি হৈ শোৱাটো ভাল। এনে কৰিলে গৰ্ভৱতী মহিলাৰ ভ্ৰুণ আৰু গৰ্ভাশয়লৈ ৰক্ত সঞ্চালন সুন্দৰ ভাবে হৈ থাকিব পাৰে। বাওঁফালে কাতি কৰি শোৱাটো অধিক আৰামদায়ক কৰি তোলাৰ বাবে আঁঠু অলপ বেঁকা কৰি আঁঠুৰ মাজত এটা গাৰুও ল'ব পাৰি।

প্লীহাই আমাৰ শৰীৰৰ তেজ শোধন কৰাত  ভূমিকা গ্ৰহণ কৰে। বাঁওফালে কাতি কৰি শুলে মাধ্যাকৰ্ষণিক বলে প্লীহালৈ ৰক্ত সঞ্চালন সূচল কৰি ৰখাত সহায় কৰে।

বাঁওফালে কাতি কৰি শোৱাৰ আটাইতকৈ ডাঙৰ উপকাৰটো হ'ল ডিঙি আৰু পিঠিৰ বিষৰ পৰা সকাহ পোৱা। আপুনি যদি ডিঙি আৰু পিঠিৰ বিষত ভুগি আছে তেন্তে বাওঁফালে কাতি কৰি শুই চাওঁকচোন। এনে কৰিলে বিষৰ পৰা কিমান আৰাম পোৱা যায় সেয়া নিজেই অনুভৱ কৰিব পাৰিব। স্বাস্থ্য বিজ্ঞানৰ মতে বাওঁফালে কাতি হৈ শোৱাটো বৃক্ক আৰু যকৃতৰ বাবে উপকাৰী। পিত্তৰোগ, বুকু জ্বলা-পোৰা কৰা মগজুক শান্ত কৰি ৰখা আদি ভাল ফল বোৰতো আছেই।

বাওঁফালে কাতি কৰি শোৱা লোকসকল পাৰ্কিনছন’ছ আৰু আলঝাইমাৰ আদি ৰোগত সহজে আক্ৰান্ত নহয় বুলিও স্বাস্থ্য বিজ্ঞানীসকলে কৈ আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
অহা বছৰ ভাৰতলৈ আহিব ড'নাল্ড ট্রাম্প, সাংবাদিকৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ