--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পলিচিষ্টিক অভাৰিয়ান চিণ্ড্ৰোম থকা মহিলাই  বেছিকৈ কল খোৱা ভালনে?  বহুতৰে মতে ভাল নহয়।কল এবিধ পুষ্টিকৰ ফল। কলত শৰীৰৰ বহুতো গুৰুত্বপূৰ্ণ পুষ্টি থাকে। কলে আমাৰ ভোক নিবাৰণ কৰে। বহুতে কয় যে পিচিঅ'এছ বা পলিচিষ্টিক অভাৰিয়ান চিণ্ড্ৰোম থকা মহিলাসকলে বেছি কল খাব নালাগে।পিচিঅ'এছ হৈছে এক ৰোগ, য'ত মহিলাৰ শৰীৰত হৰমনৰ তাৰতম্য ঘটে।

ফলস্বৰূপে, মহিলাৰ ডিম্বাশয় ডাঙৰ হৈ পৰিব পাৰে। কিছু ক্ষেত্ৰত সৰু চিষ্টো সৃষ্টি হ’ব পাৰে। এই ৰোগৰ এটা অন্যতম কাৰণ হৈছে মেদবহুলতা বা ওজন বৃদ্ধি, অনিয়মীয়া খাদ্যাভ্যাস, ব্যায়াম বা শাৰীৰিক শ্ৰমৰ অভাৱ ইত্যাদি। এইবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা উপায় হৈছে দৈনন্দিন খাদ্যাভ্যাস সঠিক কৰি তোলা। যিসকলৰ পিচিঅ'এছ আছে, তেওঁলোকে কল কমাই খোৱাই ভাল বুলি বহুতেই কয়। বহুতৰ মতে কলে ওজন বৃদ্ধি কৰে বাবেই পিচিঅ'এছ থকাসকলে কল খাব নালাগে। কিন্তু সেয়া সঁচা নহয়।

 বিশেষজ্ঞসকলৰ মতে পিচিঅ'এছ থকাসকলে কল খালে দেহত ইনচুলিন প্ৰতিৰোধৰ মাত্ৰা বেছি হ’ব পাৰে। কাৰণ কলে ইনচুলিন প্ৰতিৰোধত সহায় কৰে। ইনচুলিন প্ৰতিৰোধ হৈছে শৰীৰত ইনচুলিন উৎপাদন হয়, কিন্তু শৰীৰে ইয়াক ব্যৱহাৰ কৰিব নোৱাৰে। ওজন বেছি বা মেদবহুলতা থকা লোকৰ ক্ষেত্ৰত ইনচুলিন প্ৰতিৰোধৰ ঘটনা বেছিকৈ হয়। গতিকে পিচিঅ'এছ থকাসকলে প্ৰতিদিনে কল খালে ইনচুলিন প্ৰতিৰোধৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে।

বিশেষজ্ঞসকলৰ মতে পিচিঅ'এছ থকাসকলে সেয়ে কমাই কল খোৱা ভাল। কলত প্ৰচুৰ পটাছিয়াম, মেগনেছিয়াম আদি থাকে। ইয়াৰ উপৰি আঁহৰ এটা উৎস হৈছে কল। কলত দ্ৰৱণীয় আৰু অদ্ৰৱণীয় আঁহ থাকে। এইবোৰে ওজন বৃদ্ধি নকৰে, কিন্তু ওজন হ্ৰাস কৰাতহে সহায় কৰে।কলত চেনী বা কাৰ্বোহাইড্ৰেট অধিক থাকে। কলত প্ৰকৃততে প্ৰাকৃতিক চেনী থাকে। এই প্ৰাকৃতিক চেনী সমৃদ্ধ কল অধিক স্বাস্থ্যকৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ