--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পলিচিষ্টিক অভাৰিয়ান চিণ্ড্ৰোম থকা মহিলাই  বেছিকৈ কল খোৱা ভালনে?  বহুতৰে মতে ভাল নহয়।কল এবিধ পুষ্টিকৰ ফল। কলত শৰীৰৰ বহুতো গুৰুত্বপূৰ্ণ পুষ্টি থাকে। কলে আমাৰ ভোক নিবাৰণ কৰে। বহুতে কয় যে পিচিঅ'এছ বা পলিচিষ্টিক অভাৰিয়ান চিণ্ড্ৰোম থকা মহিলাসকলে বেছি কল খাব নালাগে।পিচিঅ'এছ হৈছে এক ৰোগ, য'ত মহিলাৰ শৰীৰত হৰমনৰ তাৰতম্য ঘটে।

ফলস্বৰূপে, মহিলাৰ ডিম্বাশয় ডাঙৰ হৈ পৰিব পাৰে। কিছু ক্ষেত্ৰত সৰু চিষ্টো সৃষ্টি হ’ব পাৰে। এই ৰোগৰ এটা অন্যতম কাৰণ হৈছে মেদবহুলতা বা ওজন বৃদ্ধি, অনিয়মীয়া খাদ্যাভ্যাস, ব্যায়াম বা শাৰীৰিক শ্ৰমৰ অভাৱ ইত্যাদি। এইবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা উপায় হৈছে দৈনন্দিন খাদ্যাভ্যাস সঠিক কৰি তোলা। যিসকলৰ পিচিঅ'এছ আছে, তেওঁলোকে কল কমাই খোৱাই ভাল বুলি বহুতেই কয়। বহুতৰ মতে কলে ওজন বৃদ্ধি কৰে বাবেই পিচিঅ'এছ থকাসকলে কল খাব নালাগে। কিন্তু সেয়া সঁচা নহয়।

 বিশেষজ্ঞসকলৰ মতে পিচিঅ'এছ থকাসকলে কল খালে দেহত ইনচুলিন প্ৰতিৰোধৰ মাত্ৰা বেছি হ’ব পাৰে। কাৰণ কলে ইনচুলিন প্ৰতিৰোধত সহায় কৰে। ইনচুলিন প্ৰতিৰোধ হৈছে শৰীৰত ইনচুলিন উৎপাদন হয়, কিন্তু শৰীৰে ইয়াক ব্যৱহাৰ কৰিব নোৱাৰে। ওজন বেছি বা মেদবহুলতা থকা লোকৰ ক্ষেত্ৰত ইনচুলিন প্ৰতিৰোধৰ ঘটনা বেছিকৈ হয়। গতিকে পিচিঅ'এছ থকাসকলে প্ৰতিদিনে কল খালে ইনচুলিন প্ৰতিৰোধৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে।

বিশেষজ্ঞসকলৰ মতে পিচিঅ'এছ থকাসকলে সেয়ে কমাই কল খোৱা ভাল। কলত প্ৰচুৰ পটাছিয়াম, মেগনেছিয়াম আদি থাকে। ইয়াৰ উপৰি আঁহৰ এটা উৎস হৈছে কল। কলত দ্ৰৱণীয় আৰু অদ্ৰৱণীয় আঁহ থাকে। এইবোৰে ওজন বৃদ্ধি নকৰে, কিন্তু ওজন হ্ৰাস কৰাতহে সহায় কৰে।কলত চেনী বা কাৰ্বোহাইড্ৰেট অধিক থাকে। কলত প্ৰকৃততে প্ৰাকৃতিক চেনী থাকে। এই প্ৰাকৃতিক চেনী সমৃদ্ধ কল অধিক স্বাস্থ্যকৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
নতুন দিল্লীত কর্মসংস্থানৰ ভুৱা চক্ৰ উৎখাত, এয়াৰলাইন্‌ত নিযুক্তিৰ দিছিল প্রলোভন
গভীৰ সংকটত ইণ্ডিয়ান চুপাৰ লীগ
সাৱধান! অচিনাকি নম্বৰৰ পৰা আপোনালৈও আহে নেকি ফোন ? পৰিব পাৰে বিপদত
মিচিং ভাষাত সহস্রধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ
বৰপেটাত NHM কৰ্মচাৰীৰ তিনিদিনিয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি
পতঞ্জলি বিশ্ববিদ্যালয় সমাৱৰ্তনঃ মুখ্য অতিথি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
উদুলি-মুদুলি মাজুলীৰ মঞ্চই মঞ্চই কাইলৈৰ পৰা হ'ব ৰাসলীলা, ৬ নৱেম্বৰত মাজুলীত স্থানীয় বন্ধ ঘোষণা প্রশাসনৰ
বটলিফ ফেক্টৰীয়ে পুনৰ ক্ৰয় কৰিব কেঁচা চাহপাত, ডুমডুমাত বিভাগীয় কর্তৃপক্ষৰে বৈঠকৰ পাছত সিদ্ধান্ত