--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছাল খনে আমাক সুৰক্ষা প্ৰদান কৰাৰ লগতে আমাক ধুনীয়া কৰি ৰখাটো সহায় কৰে। আমি বহুতেই দেহৰ বেলেগ অংগৰ প্ৰতি সচেতন হোৱাৰ সময়তে পিছে ছাল খনৰ প্ৰতি বিশেষ সচেতন নহও। সেয়ে কম বয়সতে হেৰাই যায় ছালৰ কমনীয়তা । দৰাচলতে ছাল খনতেই প্ৰথমে পৰে বয়সৰ ছাপ। 

মুখমণ্ডল আৰু ছালত বয়সৰ ছাপ নপৰিবলৈ সাধাৰণ কেইটামান কাম কৰিলেই নিঃসন্দেহে সুফল পাব। বিশেষকৈ ছালক সতেজ কৰি ৰখাত সহায় কৰা খাদ্য গ্ৰহণ কৰিলে  ছালো উজ্বল তথা সতেজ হৈ থাকিব। খাদ্যৰ জৰিয়তেও  দেহত বয়সৰ ছাপ পৰাটো দীৰ্ঘকালৰ বাবে ৰোধ কৰিব পাৰি।

ইয়াৰ বাবে আহাৰত কেইটামান গুৰুত্বপূৰ্ণ খাদ্য ৰাখিব লাগিব। চাওঁ আহক, কি খাদ্য নিয়মীয়াকৈ খাই থাকিলে ছালত  বয়সৰ ছাপ পৰা হ্ৰাস পাব বা ৰোধ হ'ব পাৰে।

বয়সৰ ছাপৰ পৰা মুক্ত হৈ থাকিবলৈ প্ৰচুৰ পৰিমাণে প্ৰ'টিন সমৃদ্ধ খাদ্য খাব লাগে।

প্ৰ'টিন লাভৰ বাবে পুৱাৰ আহাৰত কণী খাব পাৰে। ইয়াৰ লগতে জালুক খালেও ছালৰ কমনীয়তা ধৰি ৰাখিব পাৰি। জালুকে আপোনাৰ হৰমনৰ ভাৰসাম্য বজাই ৰাখিব ।

প্ৰ'টিনৰ এক প্ৰধান উৎস হৈছে পনীৰ । পনীৰ আপুনি তৰকাৰীৰ ৰূপতো খাব পাৰে বা মচলা অবিহনে অলপ ৰন্ধা চীজৰ সৈতেও মিহলি কৰি খাব পাৰে। এনে খাদ্যই ছালক বয়সৰ ছাপৰ পৰা সুৰক্ষিত কৰি ৰাখে।

নিয়মীয়াকৈ গ্ৰীণ টি খাব পাৰে । সদায় একাপকৈ গ্ৰীণ টি পান কৰিলে ছালৰ উজ্বলতা ৰক্ষা পৰিব।

চালাড আৰু ফল-মূল যিমান পাৰে বেছিকৈ খাব। ফল যে বজাৰৰ পৰা কিনি অনা দামী ফল হ'ব লাগিব তেনে কোনো কথা নাই। আমাৰ অসমতে উপলব্ধ থলুৱা ফল খালেও সমান উপকাৰেই পোৱা যাব। চালাড আৰু ফলে ছালখন জিলিকাই ৰখাত সহায় কৰে।

যথেষ্ট বিলাহী খাব। বিলাহীৰ কেইবাটাও উপাদানে বয়সৰ ছাপ প্ৰতিহত কৰে।

তৰমুজেও বয়সৰ ছাপ পৰাত বাধা দিয়ে। বতৰৰ ফল বিধ সেয়ে খোৱাত হেলা নকৰিব।

তৰমুজ পুৱা খালী পেটত খালেও কোনো অপকাৰ হোৱাৰ ভয় নাথাকে। সৰ্বশেষত দিনটোত যিমান পাৰে সিমান বেছিকৈ পানী খাব। পানীয়ে শৰীৰৰ দূষিত পদাৰ্থ বাহিৰ কৰি দিয়াত সহায় কৰাৰ লগতে ছালৰ উজ্বলতাও বৃদ্ধি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ