--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছাল খনে আমাক সুৰক্ষা প্ৰদান কৰাৰ লগতে আমাক ধুনীয়া কৰি ৰখাটো সহায় কৰে। আমি বহুতেই দেহৰ বেলেগ অংগৰ প্ৰতি সচেতন হোৱাৰ সময়তে পিছে ছাল খনৰ প্ৰতি বিশেষ সচেতন নহও। সেয়ে কম বয়সতে হেৰাই যায় ছালৰ কমনীয়তা । দৰাচলতে ছাল খনতেই প্ৰথমে পৰে বয়সৰ ছাপ। 

মুখমণ্ডল আৰু ছালত বয়সৰ ছাপ নপৰিবলৈ সাধাৰণ কেইটামান কাম কৰিলেই নিঃসন্দেহে সুফল পাব। বিশেষকৈ ছালক সতেজ কৰি ৰখাত সহায় কৰা খাদ্য গ্ৰহণ কৰিলে  ছালো উজ্বল তথা সতেজ হৈ থাকিব। খাদ্যৰ জৰিয়তেও  দেহত বয়সৰ ছাপ পৰাটো দীৰ্ঘকালৰ বাবে ৰোধ কৰিব পাৰি।

ইয়াৰ বাবে আহাৰত কেইটামান গুৰুত্বপূৰ্ণ খাদ্য ৰাখিব লাগিব। চাওঁ আহক, কি খাদ্য নিয়মীয়াকৈ খাই থাকিলে ছালত  বয়সৰ ছাপ পৰা হ্ৰাস পাব বা ৰোধ হ'ব পাৰে।

বয়সৰ ছাপৰ পৰা মুক্ত হৈ থাকিবলৈ প্ৰচুৰ পৰিমাণে প্ৰ'টিন সমৃদ্ধ খাদ্য খাব লাগে।

প্ৰ'টিন লাভৰ বাবে পুৱাৰ আহাৰত কণী খাব পাৰে। ইয়াৰ লগতে জালুক খালেও ছালৰ কমনীয়তা ধৰি ৰাখিব পাৰি। জালুকে আপোনাৰ হৰমনৰ ভাৰসাম্য বজাই ৰাখিব ।

প্ৰ'টিনৰ এক প্ৰধান উৎস হৈছে পনীৰ । পনীৰ আপুনি তৰকাৰীৰ ৰূপতো খাব পাৰে বা মচলা অবিহনে অলপ ৰন্ধা চীজৰ সৈতেও মিহলি কৰি খাব পাৰে। এনে খাদ্যই ছালক বয়সৰ ছাপৰ পৰা সুৰক্ষিত কৰি ৰাখে।

নিয়মীয়াকৈ গ্ৰীণ টি খাব পাৰে । সদায় একাপকৈ গ্ৰীণ টি পান কৰিলে ছালৰ উজ্বলতা ৰক্ষা পৰিব।

চালাড আৰু ফল-মূল যিমান পাৰে বেছিকৈ খাব। ফল যে বজাৰৰ পৰা কিনি অনা দামী ফল হ'ব লাগিব তেনে কোনো কথা নাই। আমাৰ অসমতে উপলব্ধ থলুৱা ফল খালেও সমান উপকাৰেই পোৱা যাব। চালাড আৰু ফলে ছালখন জিলিকাই ৰখাত সহায় কৰে।

যথেষ্ট বিলাহী খাব। বিলাহীৰ কেইবাটাও উপাদানে বয়সৰ ছাপ প্ৰতিহত কৰে।

তৰমুজেও বয়সৰ ছাপ পৰাত বাধা দিয়ে। বতৰৰ ফল বিধ সেয়ে খোৱাত হেলা নকৰিব।

তৰমুজ পুৱা খালী পেটত খালেও কোনো অপকাৰ হোৱাৰ ভয় নাথাকে। সৰ্বশেষত দিনটোত যিমান পাৰে সিমান বেছিকৈ পানী খাব। পানীয়ে শৰীৰৰ দূষিত পদাৰ্থ বাহিৰ কৰি দিয়াত সহায় কৰাৰ লগতে ছালৰ উজ্বলতাও বৃদ্ধি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
অহা বছৰ ভাৰতলৈ আহিব ড'নাল্ড ট্রাম্প, সাংবাদিকৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু