--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যাত দেখা গৈছে উদুলি-মুদুলি পৰিৱেশ। নিৰ্মাণৰত ৰাম মন্দিৰৰ নতুন ছবি প্ৰকাশ কপিছে ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ। 

ৰাম মন্দিৰৰ ভব্য সিংহদ্বাৰৰ ছবি প্ৰকাশ কৰিছে নিৰ্মাণকাৰী ট্ৰাষ্টে। নিৰ্মাণকাৰী ট্ৰাষ্টে জনোৱা অনুসৰি ৰাম মন্দিৰত থাকিব ৫ টাকৈ মণ্ডপ। ৰাম মন্দিৰৰ সমীপত নিৰ্মাণ কৰি থকা হৈছে বৃহৎ তীৰ্থযাত্ৰী সুবিধা কেন্দ্ৰ।

প্ৰায় ২৫ হাজাৰ লোকে একে সময়তে চিকিৎসাৰ পৰা আৰম্ভ কৰি বিভিন্ন সুবিধা লাভ কৰিব কেন্দ্ৰটোত। ইপিনে অযোধ্যাত অব্যাহত থকা প্ৰস্তুতিৰ মাজতে ৰাম মন্দিৰক লৈ আন এক বিতৰ্ক। 

ৰামলালাৰ নতুন-পুৰণি মূৰ্তিক লৈ সূত্ৰপাত ঘটিছে বিতৰ্কৰ। পুৰণি মূৰ্তিক একাষৰীয়া কৰি নতুন মূৰ্তি প্ৰতিষ্ঠাক লৈ প্ৰশ্ন তুলিছিল কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে। ইয়াৰ পাছতেই পুৰণি মূৰ্তি প্ৰতিষ্ঠাৰ দাবী উত্থাপন হৈছে একাংশৰ মাজত। যাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাম মন্দিৰৰ মুখ্য পুৰোহিত সত্যেন্দ্ৰ দাসে। নতুন পুৰণি মূৰ্তিক লৈ ৰাজনীতি কৰিব নালাগে বুলি মন্তব্য মুখ্য পুৰোহিতগৰাকীৰ। 

উল্লেখ্য যে, ২২ জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অযোধ্যাত হ'ব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement