--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ  সক্ৰিয় হৈ পৰিছে ইডি। এইবাৰ হাৰিয়ানাৰ এজন কংগ্ৰেছ বিধায়কৰ ঘৰত কেন্দ্ৰীয় সংস্থাটোৱে অভিযা চলাইছে। অভিযানকালত বিধায়ক জনৰ ঘৰৰ পৰা ইডিয়ে নগদ ৫ কোটি টকা, ১০০ বটল সুৰা আৰু ৩০০ গুলী জব্দ কৰিছে। ইডিয়ে  সোনিপতৰ কংগ্ৰেছ বিধায়ক সুৰেন্দ্ৰ পানৱাৰৰ বাসগৃহত উপস্থিত হৈ এই অভিযান চলায়। বিধায়কজন এজন খনি ব্যৱসায়ীও। তেওঁৰ সহযোগীসকলৰ ঘৰ, কাৰ্যালয় আৰু আন ঠাইতো তালাচী চলোৱা হৈছে বুলি জানিব পৰা গৈছে। ইডিয়ে বিধায়কজনৰ  পৰিয়াল আৰু কৰ্মচাৰীসকলৰ ফোনসমূহ  জব্দ কৰিছে।

যমুনানগৰৰ প্ৰাক্তন বিধায়ক দিলবাগ সিঙৰ বাসগৃহতো তালাচী চলোৱা হৈছে বুলি জানিব পৰা গৈছে। যমুনানগৰ, সোনিপত, ফৰিদাবাদ, চণ্ডীগড় আৰু কৰ্ণালকে ধৰি ২০  টা স্থানত ইডিয়ে তালাচী চলাইছে।  প্ৰায়ভাগ অভিযানতে  নগদ ধন আৰু সুৰা জব্দ কৰা হৈছে। ইডিয়ে কংগ্ৰেছ বিধায়ক জনৰ ঘৰৰ পৰা  ৪-৫ কিলোগ্ৰাম সোণৰ বিস্কুটো উদ্ধাৰ কৰিছে।

যোৱা বছৰৰ শেষৰ ফালে ডিচেম্বৰত, ইডিয়ে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ বাসগৃহ, বিভিন্ন কোম্পানী আৰু কাৰ্যালয়ত তালাচী চলাইছিল।এই অভিযানত  ৩৫০ কোটি টকাতকৈও অধিক ধন উদ্ধাৰ কৰা হৈছিল। এইবাৰ  হাৰিয়ানাত ইডিয়ে অভিযান চলাই ধনকে ধৰি নানান সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে।  ইডিয়ে  শুকুৰবাৰে এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰৰ নাতি আৰু বিধায়ক ৰোহিত ৰাজেন্দ্ৰ পাৱাৰৰ কেইবাটাও কাৰ্যালয়তো তালাচী চলায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক