--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ  সক্ৰিয় হৈ পৰিছে ইডি। এইবাৰ হাৰিয়ানাৰ এজন কংগ্ৰেছ বিধায়কৰ ঘৰত কেন্দ্ৰীয় সংস্থাটোৱে অভিযা চলাইছে। অভিযানকালত বিধায়ক জনৰ ঘৰৰ পৰা ইডিয়ে নগদ ৫ কোটি টকা, ১০০ বটল সুৰা আৰু ৩০০ গুলী জব্দ কৰিছে। ইডিয়ে  সোনিপতৰ কংগ্ৰেছ বিধায়ক সুৰেন্দ্ৰ পানৱাৰৰ বাসগৃহত উপস্থিত হৈ এই অভিযান চলায়। বিধায়কজন এজন খনি ব্যৱসায়ীও। তেওঁৰ সহযোগীসকলৰ ঘৰ, কাৰ্যালয় আৰু আন ঠাইতো তালাচী চলোৱা হৈছে বুলি জানিব পৰা গৈছে। ইডিয়ে বিধায়কজনৰ  পৰিয়াল আৰু কৰ্মচাৰীসকলৰ ফোনসমূহ  জব্দ কৰিছে।

যমুনানগৰৰ প্ৰাক্তন বিধায়ক দিলবাগ সিঙৰ বাসগৃহতো তালাচী চলোৱা হৈছে বুলি জানিব পৰা গৈছে। যমুনানগৰ, সোনিপত, ফৰিদাবাদ, চণ্ডীগড় আৰু কৰ্ণালকে ধৰি ২০  টা স্থানত ইডিয়ে তালাচী চলাইছে।  প্ৰায়ভাগ অভিযানতে  নগদ ধন আৰু সুৰা জব্দ কৰা হৈছে। ইডিয়ে কংগ্ৰেছ বিধায়ক জনৰ ঘৰৰ পৰা  ৪-৫ কিলোগ্ৰাম সোণৰ বিস্কুটো উদ্ধাৰ কৰিছে।

যোৱা বছৰৰ শেষৰ ফালে ডিচেম্বৰত, ইডিয়ে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ বাসগৃহ, বিভিন্ন কোম্পানী আৰু কাৰ্যালয়ত তালাচী চলাইছিল।এই অভিযানত  ৩৫০ কোটি টকাতকৈও অধিক ধন উদ্ধাৰ কৰা হৈছিল। এইবাৰ  হাৰিয়ানাত ইডিয়ে অভিযান চলাই ধনকে ধৰি নানান সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে।  ইডিয়ে  শুকুৰবাৰে এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰৰ নাতি আৰু বিধায়ক ৰোহিত ৰাজেন্দ্ৰ পাৱাৰৰ কেইবাটাও কাৰ্যালয়তো তালাচী চলায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু