--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা কৰা ৰামলালাৰ বয়স পাঁচ বছৰ৷ সৰলাৰ্থত ৰামলালা এতিয়াও শিশু৷ অযোধ্যাৰ ৰাম মন্দিৰৰ মুখ্য পুৰোহিতৰ মতে, ৰামলালা যিহেতু এটি ৫বছৰীয়া শিশু আৰু তেওঁ ভক্তক দৰ্শন দি নিৰন্তৰ ১৮ ঘণ্টাৰ বাবে চাপ ল’ব নোৱাৰে৷ গতিকে শিশু দেৱতাক অলপ বিশ্ৰাম দিবলৈ সিদ্ধান্ত লোৱা হৈছে৷ 

এই পৰিপ্ৰেক্ষিতত এতিয়াৰে পৰা মন্দিৰৰ দুৱাৰ দুপৰীয়া ১২.৩০ বজাৰ পৰা ১.৩০  বজালৈ বন্ধ থাকিব, যাতে ৰামলালাই অলপ বিশ্ৰাম ল’ব পাৰে। পুৰোহিতৰ যুক্তি হৈছে যে দেৱতা ৰামলালা এটা শিশু আৰু সেয়ে তেওঁক অত্যধিক চাপ দিব নোৱাৰি৷

ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ পাছত ভক্তসকলৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰ ন্যাসে পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ দৰ্শনৰ সময় বৃদ্ধি কৰিছে। ২৩ জানুৱাৰীৰ পৰা পুৱা ৪ বজাত প্ৰায় দুই ঘণ্টা সময় লোৱা ৰীতি-নীতিৰ বাবে৷ তাৰ পাছত পুৱা ৬ বজাৰ পৰা দৰ্শন আৰম্ভ হয় যি নিশা ১০ বজালৈকে চলি থাকে। তাৰ পাছত সন্ধিয়াৰ ৰীতি-নীতিবোৰৰ বাবেও দুঘণ্টা সময় লোৱা হয়৷

অভিষেক অনুষ্ঠানৰ পূৰ্বে দৰ্শনৰ সময় পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ আছিল, যাৰ ভিতৰত আছিল দুপৰীয়া ১.৩০ বজাৰ পৰা আবেলি ৩.৩০ বজালৈ দুঘণ্টাৰ বিৰতি।
FOLLOW US F
POPULAR
FEATURE
TRENDY
নিমন্ত্ৰণ নোপোৱাকৈয়ে পাকিস্তানলৈ যায়, কিন্তু মণিপুৰলৈ নাযায়: মোদীক তীব্ৰ সমালোচনা মল্লিকার্জুন খৰ্গেৰ
‘আপুনি ইঞ্জিন কিয় বন্ধ কৰি দিলে?’ ভইচ ৰেকৰ্ডাৰত ধৰা পৰিল আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আগ মুহূৰ্তত দুই পাইলটৰ কথা-বতৰা
মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ
মাটিকাদুৰিৰ নানা উপকাৰী গুণ
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান
পাকিস্তানৰ ৮১ শতাংশ অস্ত্র-শস্ত্র চীনত নির্মিত
কোনে হত্যা কৰিলে উদ্যোগপতি গোপাল খেমকাক ? পুত্ৰৰ দৰে একেই কায়দাত ৬ বছৰৰ পাছত হত্যা কৰা হ’ল উদ্যোগপতি পিতৃকো
আমেৰিকাত গ্ৰেপ্তাৰ নীৰৱ মোদীৰ ভাতৃ নেহাল, PNB কেলেংকাৰীত আছিল হাত
ব্ৰহ্মপুত্ৰত নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ
২৩ জুলাইৰ পৰা ডুৰাণ্ড কাপ
কলিয়াবৰত বহু চৰ্চিত এটি ভিডিঅ' ক্লিপ ; এজন যুৱকক পৰিকল্পিত ভাবে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টাৰ অভিযোগ