--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোণৰ চোৰাং বেহাৰ সৈতে জড়িতসকলে সোণ সৰবৰাহ কৰিবলৈ কিমান যে কি পন্থা গ্ৰহণ কৰে। কোনোবাই সোণ সৰবৰাহ কৰিবলৈ সোণ গিলিয়েই পেলায়। এইবাৰ মলদ্বাৰৰ ভিতৰত সোণ লুকুৱাই আনি ধৰা পৰিল এগৰাকী যাত্ৰী।  বিমানত এনেদৰে সোণ চোৰাং কৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাতে শুল্ক বিষয়াসকলে ধৰা পেলায় যাত্ৰীগৰাকীক। শুল্ক বিষয়াসকলৰ মতে ঘটনাটো আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হৈছে।

বিষয়াসকলৰ মতে, যাত্ৰীজন সন্দেহজনক অৱস্থাত থকাটো লক্ষ্য কৰা হৈছিল। ইয়াৰ পিছতে তেওঁক   বিমানবন্দৰৰ পৰা আটক কৰা হয় । পৰীক্ষাৰ পিছত দেখা যায় যে যাত্ৰীজনে মলদ্বাৰৰ ভিতৰত সোণ ভৰ্তি কৰি আনিছিল। সোণ চোৰাংকৈ সৰবৰাহ কৰিবলৈ তেওঁ সোণৰ পেষ্ট তৈয়াৰ কৰিছিল আৰু মলদ্বাৰত ভৰাই দিছিল।


ধৰা পৰাৰ পিছতে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু  অস্ত্ৰোপচাৰৰ জৰিয়তে সোণখিনি উদ্ধাৰ কৰা হয় । বিষয়াসকলে প্ৰকাশ কৰা মতে জব্দ কৰা   সোণৰ ওজন ৫.৫ কিলোগ্ৰাম । তেওঁলোকৰ মতে চোৰাং ব্যৱসায়ীসকলে সাধাৰণতে চিচিটিভি কেমেৰা, মিক্সাৰ গ্ৰাইণ্ডাৰ, বৈদ্যুতিক কেটলীৰ ভিতৰত সোণ ভৰাই চোৰাংকৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰে। 

বহুলোকে সোণৰ পেষ্ট তৈয়াৰ কৰে আৰু সেইবোৰ  কাপোৰ বা শৰীৰৰ ভিতৰত প্ৰৱেশ কৰোৱাই সোণ চোৰাংকৈ সৰবৰাহ কৰাৰ চেষ্টা কৰে।  চলিত বিত্তীয় বৰ্ষত এতিয়ালৈকে চোৰাংকৈ সৰবৰাহ কৰিব বিচৰা ১০০  কিলোগ্ৰামৰো অধিক  ওজনৰ সোণ উদ্ধাৰ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু