--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোণৰ চোৰাং বেহাৰ সৈতে জড়িতসকলে সোণ সৰবৰাহ কৰিবলৈ কিমান যে কি পন্থা গ্ৰহণ কৰে। কোনোবাই সোণ সৰবৰাহ কৰিবলৈ সোণ গিলিয়েই পেলায়। এইবাৰ মলদ্বাৰৰ ভিতৰত সোণ লুকুৱাই আনি ধৰা পৰিল এগৰাকী যাত্ৰী।  বিমানত এনেদৰে সোণ চোৰাং কৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাতে শুল্ক বিষয়াসকলে ধৰা পেলায় যাত্ৰীগৰাকীক। শুল্ক বিষয়াসকলৰ মতে ঘটনাটো আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হৈছে।

বিষয়াসকলৰ মতে, যাত্ৰীজন সন্দেহজনক অৱস্থাত থকাটো লক্ষ্য কৰা হৈছিল। ইয়াৰ পিছতে তেওঁক   বিমানবন্দৰৰ পৰা আটক কৰা হয় । পৰীক্ষাৰ পিছত দেখা যায় যে যাত্ৰীজনে মলদ্বাৰৰ ভিতৰত সোণ ভৰ্তি কৰি আনিছিল। সোণ চোৰাংকৈ সৰবৰাহ কৰিবলৈ তেওঁ সোণৰ পেষ্ট তৈয়াৰ কৰিছিল আৰু মলদ্বাৰত ভৰাই দিছিল।


ধৰা পৰাৰ পিছতে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু  অস্ত্ৰোপচাৰৰ জৰিয়তে সোণখিনি উদ্ধাৰ কৰা হয় । বিষয়াসকলে প্ৰকাশ কৰা মতে জব্দ কৰা   সোণৰ ওজন ৫.৫ কিলোগ্ৰাম । তেওঁলোকৰ মতে চোৰাং ব্যৱসায়ীসকলে সাধাৰণতে চিচিটিভি কেমেৰা, মিক্সাৰ গ্ৰাইণ্ডাৰ, বৈদ্যুতিক কেটলীৰ ভিতৰত সোণ ভৰাই চোৰাংকৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰে। 

বহুলোকে সোণৰ পেষ্ট তৈয়াৰ কৰে আৰু সেইবোৰ  কাপোৰ বা শৰীৰৰ ভিতৰত প্ৰৱেশ কৰোৱাই সোণ চোৰাংকৈ সৰবৰাহ কৰাৰ চেষ্টা কৰে।  চলিত বিত্তীয় বৰ্ষত এতিয়ালৈকে চোৰাংকৈ সৰবৰাহ কৰিব বিচৰা ১০০  কিলোগ্ৰামৰো অধিক  ওজনৰ সোণ উদ্ধাৰ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক