--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাইৰেল ভিডিঅ'টোত আপোনালোকে দেখিব যে ৰাৱণৰ পোছাক পৰিহিত এজন ব্যক্তিয়ে মঞ্চত বন্দুক লৈ গৈ আছে আৰু পিছৰ মুহূৰ্তত তেওঁ এটা পাঞ্জাবী গীতত ভাংগ্ৰা কৰি আছে। এইয়া পাঞ্জাবৰ কোনো এখন অঞ্চলৰ ৰামলীলাৰ এক দৃশ্য।

ৰামলীলা হৈছে প্ৰাচীন মহাকাব্য ৰামায়ণ অনুসৰি ৰামৰ জীৱনৰ এক নাটকীয় লোকপুনৰ অভিনয়। নৱৰাত্ৰিৰ সময়ত নাটক আৰু নৃত্য অনুষ্ঠানসমূহ মঞ্চস্থ কৰা হয়। ভাল বেয়াৰ মাজত হোৱা যুদ্ধৰ চিত্ৰণৰ পিছত ৰাতি ৰাৱণ ৰাৱণৰ বিশাল প্ৰতিমূৰ্তি আতচবাজীৰে জ্বলাই ৰামলীলা উদযাপনৰ সামৰণি পৰে। শেহতীয়াকৈ সমগ্ৰ দেশতে বিজয়াদশমী উদযাপন কৰা হৈছিল আৰু সকলোতে ৰামলীলাৰ আয়োজন কৰা হৈছিল।
এই সময়ত নাটকসমূহত অংশগ্ৰহণ কৰা বিভিন্ন লোকে নিজ নিজ চৰিত্ৰৰ সাজ-পোছাক পৰিধান কৰা সকলে নিজ চৰিত্ৰৰ পৰা ওলাই আহি অনন্য কিবা এটা কৰা দেখা গৈছিল। বৰ্ত্তমান ৰাৱণৰ চৰিত্ৰত অংশগ্ৰহণ কৰা এজন লোকৰ এনে এটা ভিডিঅ’ ভাইৰেল হৈ আছে । যিজনে মঞ্চত এটা পাঞ্জাবী গীতত ভাংগ্ৰা পৰিবেশন কৰা দেখা গৈছে।

ভাইৰেল হৈ থকা এই ভিডিঅ’টোত ৰামলীলাৰ চৰিত্ৰবোৰে নিজৰ সাজ-পোছাক পিন্ধি এটা পাঞ্জাবী গীতত নৃত্য কৰা দেখা গৈছে। একে সময়তে ৰাৱণে ভাংৰা ছিকুৱেন্সত তীব্ৰভাৱে নৃত্য কৰা দেখা গৈছে। তেওঁৰ হাতত এটা বন্দুকও আছে যিটো তেওঁ নৃত্যৰ সময়ত থৈ দিয়ে আৰু তাত উপস্থিত দৰ্শকে তেওঁক উল্লাস কৰা দেখা যায়। ৰাৱণৰ লগতে তেওঁৰ লগত থকা আন আন চৰিত্ৰবোৰো মঞ্চত নৃত্য কৰা দেখা যায়।

ডিঅ'টো চাওক:
ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক মনোৰঞ্জন দি ৰাৱণৰ নৃত্যৰ এই পুৰণি ভিডিঅ’টো পুনৰ টুইটাৰত উত্থাপন হৈছে উৎসৱৰ বতৰত। ৩০ ছেকেণ্ডৰ এই ভাইৰেল ক্লিপত ৰাৱণৰ কাপোৰ পিন্ধা এজন লোকে পঞ্জাৱৰ কোনোবা ঠাইত সংঘটিত হোৱা ৰামলীলাৰ সময়ত পাঞ্জাবী গীত এটাত নাচি থকা দেখা গৈছে। ছচিয়েল মিডিয়াত পুনৰ ভাইৰেল হৈ পৰা এই ভিডিঅ'টোও বহুত ট্ৰেণ্ড কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’