--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাইৰেল ভিডিঅ'টোত আপোনালোকে দেখিব যে ৰাৱণৰ পোছাক পৰিহিত এজন ব্যক্তিয়ে মঞ্চত বন্দুক লৈ গৈ আছে আৰু পিছৰ মুহূৰ্তত তেওঁ এটা পাঞ্জাবী গীতত ভাংগ্ৰা কৰি আছে। এইয়া পাঞ্জাবৰ কোনো এখন অঞ্চলৰ ৰামলীলাৰ এক দৃশ্য।

ৰামলীলা হৈছে প্ৰাচীন মহাকাব্য ৰামায়ণ অনুসৰি ৰামৰ জীৱনৰ এক নাটকীয় লোকপুনৰ অভিনয়। নৱৰাত্ৰিৰ সময়ত নাটক আৰু নৃত্য অনুষ্ঠানসমূহ মঞ্চস্থ কৰা হয়। ভাল বেয়াৰ মাজত হোৱা যুদ্ধৰ চিত্ৰণৰ পিছত ৰাতি ৰাৱণ ৰাৱণৰ বিশাল প্ৰতিমূৰ্তি আতচবাজীৰে জ্বলাই ৰামলীলা উদযাপনৰ সামৰণি পৰে। শেহতীয়াকৈ সমগ্ৰ দেশতে বিজয়াদশমী উদযাপন কৰা হৈছিল আৰু সকলোতে ৰামলীলাৰ আয়োজন কৰা হৈছিল।
এই সময়ত নাটকসমূহত অংশগ্ৰহণ কৰা বিভিন্ন লোকে নিজ নিজ চৰিত্ৰৰ সাজ-পোছাক পৰিধান কৰা সকলে নিজ চৰিত্ৰৰ পৰা ওলাই আহি অনন্য কিবা এটা কৰা দেখা গৈছিল। বৰ্ত্তমান ৰাৱণৰ চৰিত্ৰত অংশগ্ৰহণ কৰা এজন লোকৰ এনে এটা ভিডিঅ’ ভাইৰেল হৈ আছে । যিজনে মঞ্চত এটা পাঞ্জাবী গীতত ভাংগ্ৰা পৰিবেশন কৰা দেখা গৈছে।

ভাইৰেল হৈ থকা এই ভিডিঅ’টোত ৰামলীলাৰ চৰিত্ৰবোৰে নিজৰ সাজ-পোছাক পিন্ধি এটা পাঞ্জাবী গীতত নৃত্য কৰা দেখা গৈছে। একে সময়তে ৰাৱণে ভাংৰা ছিকুৱেন্সত তীব্ৰভাৱে নৃত্য কৰা দেখা গৈছে। তেওঁৰ হাতত এটা বন্দুকও আছে যিটো তেওঁ নৃত্যৰ সময়ত থৈ দিয়ে আৰু তাত উপস্থিত দৰ্শকে তেওঁক উল্লাস কৰা দেখা যায়। ৰাৱণৰ লগতে তেওঁৰ লগত থকা আন আন চৰিত্ৰবোৰো মঞ্চত নৃত্য কৰা দেখা যায়।

ডিঅ'টো চাওক:
ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক মনোৰঞ্জন দি ৰাৱণৰ নৃত্যৰ এই পুৰণি ভিডিঅ’টো পুনৰ টুইটাৰত উত্থাপন হৈছে উৎসৱৰ বতৰত। ৩০ ছেকেণ্ডৰ এই ভাইৰেল ক্লিপত ৰাৱণৰ কাপোৰ পিন্ধা এজন লোকে পঞ্জাৱৰ কোনোবা ঠাইত সংঘটিত হোৱা ৰামলীলাৰ সময়ত পাঞ্জাবী গীত এটাত নাচি থকা দেখা গৈছে। ছচিয়েল মিডিয়াত পুনৰ ভাইৰেল হৈ পৰা এই ভিডিঅ'টোও বহুত ট্ৰেণ্ড কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী