--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এইবাৰ মাহছা আমিনীৰ মৃত্যুৰ প্ৰতিবাদত ইৰাণৰ মহিলাৰ আন্দোলনক সমৰ্থন জনাইছে বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই। বলীউডৰ পৰা হলিউডলৈ যাত্ৰা কৰা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা গ্ল’বেল ইউনিচেফ গুডউইলৰ এম্বেছাদৰো। চলচ্চিত্ৰৰ উপৰিও প্ৰিয়ংকা চোপ্ৰাই সামাজিক কামতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এতিয়া  মাহছা আমিনীৰ মৃত্যুক লৈ প্ৰতিবাদ কৰা ইৰাণৰ মহিলাসকলক সমৰ্থন কৰিছে প্ৰিয়ংকা চোপ্ৰাই।

২২ বছৰীয়া মাহছা আমিনী বিৰুদ্ধে ইৰাণৰ মহিলাৰ আন্দোলনক সমৰ্থন কৰি এটা দীঘলীয়া পোষ্ট লিখিছে প্ৰিয়ংকাই। প্ৰিয়ংকাই নিজৰ ইনষ্টাগ্ৰামত পোষ্ট কৰি লিখিছে যে ইৰাণ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলে মাত মাতিছে, ৰাজহুৱা স্থানত চুলি কাটিছে আৰু মাহছা আমিনীৰ বাবে আন বহু ৰূপত প্ৰতিবাদ কৰিছে।

অভিনেত্ৰীগৰাকীয়ে আৰু লিখিছে যে ইৰাণৰ নৈতিকতা আৰক্ষীয়ে তেওঁৰ হিজাব ‘ভুল’কৈ পিন্ধাৰ বাবে ইমান নিৰ্দয়ভাৱে তেওঁৰ জীৱন কাঢ়ি লৈ ​​গৈছিল। মৌনতাৰ পাছত জোৰকৈ কোৱা মাতবোৰ আগ্নেয়গিৰিৰ দৰে বিস্ফোৰণ হ’ব! আৰু সেইবোৰ বন্ধ নহ’ব আৰু দমন কৰা নহ’ব। আৰু অধিক আন্দোলন কৰি থকা মহিলা সকলক প্ৰশংসা কৰি প্ৰিয়ংকাই লিখিছে যে আপোনালোকৰ সাহস আৰু আপোনালোকৰ উদ্দেশ্য দেখি মই আচৰিত হৈছো। নিজৰ অধিকাৰৰ বাবে যুঁজিবলৈ আৰু প্ৰত্যাহ্বান জনাবলৈ নিজৰ জীৱন বিপন্ন কৰাটো সহজ নহয়। কিন্তু, আপোনালোকেই সেই সাহসী মহিলা সকল যি প্ৰতিদিনে এই কাম কৰি আছে।

ইয়াৰ উপৰিও প্ৰিয়ংকা চোপ্ৰাই আৰু অধিক লোকক এই আন্দোলনত যোগদান কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ সমান্তৰালকৈ তেওঁ ক্ষমতাত বহি থকা ৰাইজক এই মহিলাসকলৰ মাত শুনিবলৈ আৰু বুজিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে ১৩ ছেপ্টেম্বৰত মাহছাক তেহৰাণ মেট্ৰ’ ষ্টেচনত ইৰাণৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। হিজাব সঠিকভাৱে নিপিন্ধাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তিনিদিন ধৰি ক’মাত থাকি মাহছাৰ মৃত্যু হয় আৰু তাৰ পাছৰে পৰা ক্ষোভত ৰাজপথলৈ ওলাই আহিছে ইৰাণৰ মহিলাসকল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী