--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এইবাৰ মাহছা আমিনীৰ মৃত্যুৰ প্ৰতিবাদত ইৰাণৰ মহিলাৰ আন্দোলনক সমৰ্থন জনাইছে বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই। বলীউডৰ পৰা হলিউডলৈ যাত্ৰা কৰা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা গ্ল’বেল ইউনিচেফ গুডউইলৰ এম্বেছাদৰো। চলচ্চিত্ৰৰ উপৰিও প্ৰিয়ংকা চোপ্ৰাই সামাজিক কামতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এতিয়া  মাহছা আমিনীৰ মৃত্যুক লৈ প্ৰতিবাদ কৰা ইৰাণৰ মহিলাসকলক সমৰ্থন কৰিছে প্ৰিয়ংকা চোপ্ৰাই।

২২ বছৰীয়া মাহছা আমিনী বিৰুদ্ধে ইৰাণৰ মহিলাৰ আন্দোলনক সমৰ্থন কৰি এটা দীঘলীয়া পোষ্ট লিখিছে প্ৰিয়ংকাই। প্ৰিয়ংকাই নিজৰ ইনষ্টাগ্ৰামত পোষ্ট কৰি লিখিছে যে ইৰাণ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলে মাত মাতিছে, ৰাজহুৱা স্থানত চুলি কাটিছে আৰু মাহছা আমিনীৰ বাবে আন বহু ৰূপত প্ৰতিবাদ কৰিছে।

অভিনেত্ৰীগৰাকীয়ে আৰু লিখিছে যে ইৰাণৰ নৈতিকতা আৰক্ষীয়ে তেওঁৰ হিজাব ‘ভুল’কৈ পিন্ধাৰ বাবে ইমান নিৰ্দয়ভাৱে তেওঁৰ জীৱন কাঢ়ি লৈ ​​গৈছিল। মৌনতাৰ পাছত জোৰকৈ কোৱা মাতবোৰ আগ্নেয়গিৰিৰ দৰে বিস্ফোৰণ হ’ব! আৰু সেইবোৰ বন্ধ নহ’ব আৰু দমন কৰা নহ’ব। আৰু অধিক আন্দোলন কৰি থকা মহিলা সকলক প্ৰশংসা কৰি প্ৰিয়ংকাই লিখিছে যে আপোনালোকৰ সাহস আৰু আপোনালোকৰ উদ্দেশ্য দেখি মই আচৰিত হৈছো। নিজৰ অধিকাৰৰ বাবে যুঁজিবলৈ আৰু প্ৰত্যাহ্বান জনাবলৈ নিজৰ জীৱন বিপন্ন কৰাটো সহজ নহয়। কিন্তু, আপোনালোকেই সেই সাহসী মহিলা সকল যি প্ৰতিদিনে এই কাম কৰি আছে।

ইয়াৰ উপৰিও প্ৰিয়ংকা চোপ্ৰাই আৰু অধিক লোকক এই আন্দোলনত যোগদান কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ সমান্তৰালকৈ তেওঁ ক্ষমতাত বহি থকা ৰাইজক এই মহিলাসকলৰ মাত শুনিবলৈ আৰু বুজিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে ১৩ ছেপ্টেম্বৰত মাহছাক তেহৰাণ মেট্ৰ’ ষ্টেচনত ইৰাণৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। হিজাব সঠিকভাৱে নিপিন্ধাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তিনিদিন ধৰি ক’মাত থাকি মাহছাৰ মৃত্যু হয় আৰু তাৰ পাছৰে পৰা ক্ষোভত ৰাজপথলৈ ওলাই আহিছে ইৰাণৰ মহিলাসকল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’