--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্তমান যুগত আমি মোবাইল অবিহনে এটা স্বাভাৱিক জীৱন কল্পনা কৰিব নোৱাৰো। মোবাইল অবিহনে যেন পৃথিৱীৰ লগত সংযোগ হেৰাই যাব। যেতিয়ালৈকে মোবাইল নাছিল তেতিয়ালৈকে মানুহৰ বাবে সপোনৰ দৰেই আছিল যে তেওঁলোকে যিকোনো ঠাইৰ পৰা আৰু যিকোনো সময়তে নিজৰ পৰিয়াল, বন্ধু, প্ৰেমিকা বা পত্নীৰ লগত কথা পাতিব পাৰে।

ভাবি চাওকচোন, প্ৰথম মোবাইল কল কৰাৰ সময়ত সেই দিনটো নিশ্চয় আমাৰ দেশৰ জনসাধাৰণৰ বাবে কিমান বিশেষ আৰু ঐতিহাসিক আছিল। এই লেখাটোৰ জৰিয়তে আমি আপোনালোকক জনাম যে ভাৰতত কেতিয়া আৰু ক’ত প্ৰথমবাৰৰ বাবে মোবাইল কল কৰা হৈছিল-

১৯৯৫ চনত অৰ্থাৎ ২৭ বছৰ আগতে আমাৰ দেশত প্ৰথম মোবাইল কল কৰা হৈছিল। ১৯৯৫ চনৰ ৩১ জুলাইত বংগৰ তদানীন্তন মুখ্যমন্ত্ৰী জ্যোতি বসুৱে প্ৰথমটো মোবাইল কল কৰিছিল। তেওঁ কলকাতাৰ ৰাইটাৰ্ছ বিল্ডিঙৰ পৰা নতুন দিল্লীৰ সঞ্চাৰ ভৱনলৈ ভাৰতীয় যোগাযোগ ইতিহাসত প্ৰথমটো মোবাইল কল কৰিছিল। দেশত প্ৰথমবাৰৰ বাবে মোবাইল কলৰ এই দিনটো ইতিহাসত লিপিবদ্ধ হ’ল। এনেদৰে ভাৰতৰ প্ৰথম মোবাইল কলাৰ হিচাপে জ্যোতি বসুৰ নামো ইতিহাসত লিপিবদ্ধ হৈছিল।

মোবাইলত কথা পতাটো আৰম্ভণিতে বৰ ব্যয়বহুল আছিল-

ভাৰতত আৰম্ভণিতে আজিৰ তুলনাত মোবাইলত কথা পাতিবলৈ বহুত টকা দিবলগীয়া হৈছিল। এই কাৰণেই আছিল যে আদিম কালত সকলোৰে মোবাইল ফোনৰ সুবিধা নাছিল। সেই সময়ত কেৱল আউটগোয়িং নহয়, ইনকামিং কলৰ বাবেও টকা খৰচ হৈছিল।

পিছলৈ ভাৰতত এনে এক যোগাযোগ বিপ্লৱ ঘটিল যে অতি কম মূল্যত মোবাইল কলৰ লগতে ইণ্টাৰনেট চলোৱাটো সস্তীয়া হৈ পৰিল। ইয়াৰ বাহিৰেও মোবাইল নিৰ্মাতাসকলৰ মাজত হোৱা প্ৰতিযোগিতাৰ বাবে তেওঁলোকৰ দামও কমি আহিল যাতে সাধাৰণ মানুহেও মোবাইল ক্ৰয় কৰি বিশ্বৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement