--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেনিছ তাৰকা ৰজাৰ ফেডাৰাৰৰ অৱসৰ সন্দৰ্ভত বলীউডৰ বহু চেলিব্ৰিটিয়ে ছ’চিয়েল মিডিয়াত মনৰ বেথা ব্যক্ত কৰিছে।  এনে সময়তে  চলচ্চিত্ৰ নিৰ্মাতা হঞ্চল মেহতাৰ এটা টুইটে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ ৰজাৰ ফেডাৰাৰৰ ঠাইত লগালে বলীউড অভিনেতা আৰবাজ খানৰ ফটো। তেওঁৰ এই পষ্ট ভাইৰেল হৈ পৰিছে। বহু লোকেই পোষ্টটোত ধেমেলীয়া মন্তব্য আগবঢ়াইছে। তেওঁ হেচটেগটোত ৰজাৰ ফেডাৰাৰৰ নাম ৰাখিছে, তথাপিও আৰ্বাজৰ লগত কি হৈছিল সেই সন্দৰ্ভত একাংশ লোকে মন্তব্য কৰিছে।

বৃহস্পতিবাৰে টেনিছৰ পৰা অৱসৰ গ্ৰহণ কৰে ৰজাৰ ফেডাৰাৰে। তেতিয়াৰ পৰাই তেওঁৰ অনুৰাগীসকল আৱেগিক হৈ পৰিছে। ইফালে, বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে তেওঁৰ বাবে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। ৰজাৰৰ বাবে বলীউডৰ অভিনেত্ৰী কৰীনা কাপুৰ, অনুষ্কা শৰ্মা, লাৰা দত্তকে ধৰি বহু লোকে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। ইফালে, হঞ্চল মেহতাৰ এই টুইটে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। হান্সল মেহতাই লিখিছে, ''আপোনাক মিছ কৰিম চেম্পিয়ন। #RogerFederer।'' আমোদজনক কথাটো হ’ল হঞ্চল মেহতাই তেওঁৰ টুইটত ৰজাৰ ফেডাৰাৰৰ সলনি আৰবাজ খানৰ ফটো লগাইছে।

উল্লেখ্য যে ৰজাৰ ফেডাৰাৰ আৰু আৰবাজ খান দেখাত প্ৰায় একেই। দুয়োৰে চেহেৰাৰ যথেষ্ট সাদৃশ্য আছে। বিগত সময়ছোৱাতো তেওঁলোকৰ মিল থকা বহুতো মিম বনোৱা হৈছে। আৰবাজ খানে জানে যে তেওঁক ৰজাৰ ফেডাৰাৰৰ সৈতে তুলনা কৰা হয়। এটা সাক্ষাৎকাৰৰ সময়ত আৰবাজে কৈছিল যে তেওঁ জানে যে তেওঁৰ চেহেৰা ৰজাৰ ফেডাৰাৰৰ দৰে একেই। তেওঁ লগতে কৈছিল যে তেওঁ ৰজাৰ ফেডাৰাৰৰ এজন ডাঙৰ অনুৰাগী আৰু তেওঁক লগ কৰিব বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ