--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেনিছ তাৰকা ৰজাৰ ফেডাৰাৰৰ অৱসৰ সন্দৰ্ভত বলীউডৰ বহু চেলিব্ৰিটিয়ে ছ’চিয়েল মিডিয়াত মনৰ বেথা ব্যক্ত কৰিছে।  এনে সময়তে  চলচ্চিত্ৰ নিৰ্মাতা হঞ্চল মেহতাৰ এটা টুইটে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ ৰজাৰ ফেডাৰাৰৰ ঠাইত লগালে বলীউড অভিনেতা আৰবাজ খানৰ ফটো। তেওঁৰ এই পষ্ট ভাইৰেল হৈ পৰিছে। বহু লোকেই পোষ্টটোত ধেমেলীয়া মন্তব্য আগবঢ়াইছে। তেওঁ হেচটেগটোত ৰজাৰ ফেডাৰাৰৰ নাম ৰাখিছে, তথাপিও আৰ্বাজৰ লগত কি হৈছিল সেই সন্দৰ্ভত একাংশ লোকে মন্তব্য কৰিছে।

বৃহস্পতিবাৰে টেনিছৰ পৰা অৱসৰ গ্ৰহণ কৰে ৰজাৰ ফেডাৰাৰে। তেতিয়াৰ পৰাই তেওঁৰ অনুৰাগীসকল আৱেগিক হৈ পৰিছে। ইফালে, বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে তেওঁৰ বাবে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। ৰজাৰৰ বাবে বলীউডৰ অভিনেত্ৰী কৰীনা কাপুৰ, অনুষ্কা শৰ্মা, লাৰা দত্তকে ধৰি বহু লোকে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। ইফালে, হঞ্চল মেহতাৰ এই টুইটে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। হান্সল মেহতাই লিখিছে, ''আপোনাক মিছ কৰিম চেম্পিয়ন। #RogerFederer।'' আমোদজনক কথাটো হ’ল হঞ্চল মেহতাই তেওঁৰ টুইটত ৰজাৰ ফেডাৰাৰৰ সলনি আৰবাজ খানৰ ফটো লগাইছে।

উল্লেখ্য যে ৰজাৰ ফেডাৰাৰ আৰু আৰবাজ খান দেখাত প্ৰায় একেই। দুয়োৰে চেহেৰাৰ যথেষ্ট সাদৃশ্য আছে। বিগত সময়ছোৱাতো তেওঁলোকৰ মিল থকা বহুতো মিম বনোৱা হৈছে। আৰবাজ খানে জানে যে তেওঁক ৰজাৰ ফেডাৰাৰৰ সৈতে তুলনা কৰা হয়। এটা সাক্ষাৎকাৰৰ সময়ত আৰবাজে কৈছিল যে তেওঁ জানে যে তেওঁৰ চেহেৰা ৰজাৰ ফেডাৰাৰৰ দৰে একেই। তেওঁ লগতে কৈছিল যে তেওঁ ৰজাৰ ফেডাৰাৰৰ এজন ডাঙৰ অনুৰাগী আৰু তেওঁক লগ কৰিব বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ