--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰামায়ণৰ যুদ্ধত অযোধ্যাৰ যুৱৰাজ ৰামৰ কাষত বিপদৰ বন্ধু হিচাপে আছিল হনুমান। শক্তি আৰু বেগেৰে হনুমান হৈ পৰিছিল ৰামায়ণ যুদ্ধত ৰামৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু প্ৰয়োজনীয় হাথিয়াৰ। এতিয়া পিছে সেই ৰামো নাই, অযোধ্যাও নাই, নাই সেই হনুমানো। কিন্তু এই সময়ত যদি কেনেবাকৈ যুদ্ধৰ সম্ভাৱনীয়তা গঢ় লৈ উঠে, মহাশক্তিধৰ আমেৰিকাৰ কাষত হনুমানৰ ভূমিকা পালন কৰিব পৰাকৈ শক্তি আৰু সামৰ্থৰে আছে এজন বিশেষ ব্যক্তি। এই ব্যক্তিজন আন কোনো নহয়, এওঁ হৈছে সাম্প্ৰতিক সময়ত বিশ্বৰ আটাইতকৈ ধনৱন্ত ব্যক্তি এলন মাস্ক। 

টেছলা কোম্পানীৰ মালিক মাস্কে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ বাবে সম্ভাব্য যুদ্ধত পালন কৰিব পাৰে 'হনুমান'ৰ ভূমিকা। মহাকাশ গৱেষণাৰ বাবে উপগ্ৰহ উৎক্ষেপণ কৰা মাস্কে এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে নিৰ্মাণ কৰিব এক বিশেষ প্ৰযুক্তি। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ পৰা বাহিৰ হোৱা কিছু নথিয়ে প্ৰকাশ কৰিছে যে পেন্টাগনে এলান মাস্কৰ ষ্টাৰশ্বিপ ৰকেটৰ এটা ঘাটি নিৰ্মাণ কৰিব বিচাৰে। ইয়াৰ জৰিয়তে আমেৰিকাই কোনো যুদ্ধত অৱতীৰ্ণ হ’বলগীয়া হ’লেই যুদ্ধাস্ত্ৰ আৰু অন্যান্য সামৰিক সঁজুলি ৬০ মিনিটৰ ভিতৰতে পৃথিৱীৰ যিকোনো স্থানলৈ পৰিবহন কৰিব পাৰিব।

এই বাহিৰ হোৱা ডকুমেণ্টখন আমেৰিকাৰ পৰিবহন কমাণ্ডৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে। এই ডকুমেণ্ট অনুসৰি এলন মাস্কৰ কোম্পানীৰ সৈতে এক উচ্চ ক্ষমতাসম্পন্ন ষ্টাৰশ্বিপ ৰকেটৰ জৰিয়তে অহা পাঁচ বছৰৰ ভিতৰত দ্ৰুত গতিত সামগ্ৰী প্ৰেৰণ কৰাৰ কাৰিকৰী সম্ভাৱনীয়তা উদ্ভাৱন কৰাৰ বাবে এক চুক্তি স্বাক্ষৰিত হৈছে। 

যদি এই পৰিকল্পনাত সফল হয়, তেন্তে মাস্কৰ কোম্পানীয়ে স্পেচএক্স সামৰিক ৰকেট নিৰ্মাণ আৰম্ভ কৰিব পাৰে। মাস্ক কোম্পানীৰ দ্বাৰা নিৰ্মিত এই ৰকেটবিধ কেইবাবাৰো ব্যৱহাৰ কৰিব পাৰি আৰু সেয়ে এই প্ৰযুক্তিৰ ব্যৱহাৰ অতি কম ব্যয়বহুল।

মাস্কৰ এই প্ৰযুক্তিৰ সফলতাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে মালবাহী বিমানৰ বাবে অপেক্ষা নকৰাকৈ মাত্ৰ ৬০ মিনিটৰ ভিতৰত এক অবিশ্বাস্য গতিত বিশ্বক যুদ্ধ সামগ্ৰী যোগান ধৰিবলৈ সক্ষম হ'ব। পেন্টাগনে ইংগিত দিছে যে যদিও ইয়াৰ দ্বাৰা সামৰিক সামগ্ৰী প্ৰেৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে, ইয়াৰ জৰিয়তে মানুহকো মহাকাশলৈ প্ৰেৰণ কৰিব পৰা হ’ব।

পেণ্টাগনে উল্লেখ কৰা মতে এই প্ৰযুক্তিক তিনি প্ৰকাৰে ব্যৱহাৰ কৰিব পৰা যাব। প্ৰথমে কোৱা হৈছে যে যদি কোনো যুদ্ধৰ সম্ভাৱনীয়তা গঢ় লৈ উঠে, ইয়াৰ সহায়ত প্ৰশান্ত মহাসাগৰলৈ তাৎক্ষণিক সাহায্য প্ৰেৰণ কৰিব পাৰিব।দ্বিতীয়তে, বায়ু সেনাৰ বাবে পৃথিৱীৰ যিকোনো স্থানতে সামগ্ৰী পৰিবহন কৰিব পৰা যাব। তৃতীয়তে, বিশ্বৰ কোনো এখন দেশত যদি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসত আক্ৰমণ সংঘটিত হয়, তেনে ক্ষেত্ৰত তাৎক্ষণিক সহায় প্ৰেৰণ কৰিব পৰা যাব।

অৱশ্যে এই সমগ্ৰ প্ৰকল্পটো মহাকাশ বাহিনীৰ সৈতে কিমান সংযুক্ত হ’ব সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই মহাকাশ সম্পৰ্কীয় কাৰ্যকলাপৰ মোকাবিলা কৰিবলৈ এক মহাকাশ বাহিনী নিৰ্মাণ কৰিছে। এই নৱনিৰ্মিত টহলদাৰী মহাকাশ বাহিনীয়ে যিকোনো সম্ভাব্য ভাবুকিৰ বাবে অহৰহ সজাগ থাকে । উল্লেখ্য যে এই স্পেচএক্স ৰকেট ১৬৫ ফুট দীঘল আৰু কিছু সময়ৰ পৰা আমেৰিকা চৰকাৰৰ ৰাডাৰত আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনাই ইয়াক যথেষ্ট লাভজনক হিচাপে গণ্য কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
যান-বাহন আৰক্ষীত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ
'GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে! নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ
খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা
ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য! অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
ৰূপহীহাটৰ SI বিষ্ণু দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ