--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰামায়ণৰ যুদ্ধত অযোধ্যাৰ যুৱৰাজ ৰামৰ কাষত বিপদৰ বন্ধু হিচাপে আছিল হনুমান। শক্তি আৰু বেগেৰে হনুমান হৈ পৰিছিল ৰামায়ণ যুদ্ধত ৰামৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু প্ৰয়োজনীয় হাথিয়াৰ। এতিয়া পিছে সেই ৰামো নাই, অযোধ্যাও নাই, নাই সেই হনুমানো। কিন্তু এই সময়ত যদি কেনেবাকৈ যুদ্ধৰ সম্ভাৱনীয়তা গঢ় লৈ উঠে, মহাশক্তিধৰ আমেৰিকাৰ কাষত হনুমানৰ ভূমিকা পালন কৰিব পৰাকৈ শক্তি আৰু সামৰ্থৰে আছে এজন বিশেষ ব্যক্তি। এই ব্যক্তিজন আন কোনো নহয়, এওঁ হৈছে সাম্প্ৰতিক সময়ত বিশ্বৰ আটাইতকৈ ধনৱন্ত ব্যক্তি এলন মাস্ক। 

টেছলা কোম্পানীৰ মালিক মাস্কে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ বাবে সম্ভাব্য যুদ্ধত পালন কৰিব পাৰে 'হনুমান'ৰ ভূমিকা। মহাকাশ গৱেষণাৰ বাবে উপগ্ৰহ উৎক্ষেপণ কৰা মাস্কে এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে নিৰ্মাণ কৰিব এক বিশেষ প্ৰযুক্তি। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ পৰা বাহিৰ হোৱা কিছু নথিয়ে প্ৰকাশ কৰিছে যে পেন্টাগনে এলান মাস্কৰ ষ্টাৰশ্বিপ ৰকেটৰ এটা ঘাটি নিৰ্মাণ কৰিব বিচাৰে। ইয়াৰ জৰিয়তে আমেৰিকাই কোনো যুদ্ধত অৱতীৰ্ণ হ’বলগীয়া হ’লেই যুদ্ধাস্ত্ৰ আৰু অন্যান্য সামৰিক সঁজুলি ৬০ মিনিটৰ ভিতৰতে পৃথিৱীৰ যিকোনো স্থানলৈ পৰিবহন কৰিব পাৰিব।

এই বাহিৰ হোৱা ডকুমেণ্টখন আমেৰিকাৰ পৰিবহন কমাণ্ডৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে। এই ডকুমেণ্ট অনুসৰি এলন মাস্কৰ কোম্পানীৰ সৈতে এক উচ্চ ক্ষমতাসম্পন্ন ষ্টাৰশ্বিপ ৰকেটৰ জৰিয়তে অহা পাঁচ বছৰৰ ভিতৰত দ্ৰুত গতিত সামগ্ৰী প্ৰেৰণ কৰাৰ কাৰিকৰী সম্ভাৱনীয়তা উদ্ভাৱন কৰাৰ বাবে এক চুক্তি স্বাক্ষৰিত হৈছে। 

যদি এই পৰিকল্পনাত সফল হয়, তেন্তে মাস্কৰ কোম্পানীয়ে স্পেচএক্স সামৰিক ৰকেট নিৰ্মাণ আৰম্ভ কৰিব পাৰে। মাস্ক কোম্পানীৰ দ্বাৰা নিৰ্মিত এই ৰকেটবিধ কেইবাবাৰো ব্যৱহাৰ কৰিব পাৰি আৰু সেয়ে এই প্ৰযুক্তিৰ ব্যৱহাৰ অতি কম ব্যয়বহুল।

মাস্কৰ এই প্ৰযুক্তিৰ সফলতাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে মালবাহী বিমানৰ বাবে অপেক্ষা নকৰাকৈ মাত্ৰ ৬০ মিনিটৰ ভিতৰত এক অবিশ্বাস্য গতিত বিশ্বক যুদ্ধ সামগ্ৰী যোগান ধৰিবলৈ সক্ষম হ'ব। পেন্টাগনে ইংগিত দিছে যে যদিও ইয়াৰ দ্বাৰা সামৰিক সামগ্ৰী প্ৰেৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে, ইয়াৰ জৰিয়তে মানুহকো মহাকাশলৈ প্ৰেৰণ কৰিব পৰা হ’ব।

পেণ্টাগনে উল্লেখ কৰা মতে এই প্ৰযুক্তিক তিনি প্ৰকাৰে ব্যৱহাৰ কৰিব পৰা যাব। প্ৰথমে কোৱা হৈছে যে যদি কোনো যুদ্ধৰ সম্ভাৱনীয়তা গঢ় লৈ উঠে, ইয়াৰ সহায়ত প্ৰশান্ত মহাসাগৰলৈ তাৎক্ষণিক সাহায্য প্ৰেৰণ কৰিব পাৰিব।দ্বিতীয়তে, বায়ু সেনাৰ বাবে পৃথিৱীৰ যিকোনো স্থানতে সামগ্ৰী পৰিবহন কৰিব পৰা যাব। তৃতীয়তে, বিশ্বৰ কোনো এখন দেশত যদি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসত আক্ৰমণ সংঘটিত হয়, তেনে ক্ষেত্ৰত তাৎক্ষণিক সহায় প্ৰেৰণ কৰিব পৰা যাব।

অৱশ্যে এই সমগ্ৰ প্ৰকল্পটো মহাকাশ বাহিনীৰ সৈতে কিমান সংযুক্ত হ’ব সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই মহাকাশ সম্পৰ্কীয় কাৰ্যকলাপৰ মোকাবিলা কৰিবলৈ এক মহাকাশ বাহিনী নিৰ্মাণ কৰিছে। এই নৱনিৰ্মিত টহলদাৰী মহাকাশ বাহিনীয়ে যিকোনো সম্ভাব্য ভাবুকিৰ বাবে অহৰহ সজাগ থাকে । উল্লেখ্য যে এই স্পেচএক্স ৰকেট ১৬৫ ফুট দীঘল আৰু কিছু সময়ৰ পৰা আমেৰিকা চৰকাৰৰ ৰাডাৰত আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনাই ইয়াক যথেষ্ট লাভজনক হিচাপে গণ্য কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?