--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ সৰ্বাধিক বাসযোগ্য চহৰ কোন কেইখন, কোনবোৰ চহৰ বসবাসৰ বাবে কম উপযোগী? এই প্ৰশ্নৰ উত্তৰ এতিয়া পোৱা গৈছে। শেহতীয়াকৈ  দ্য ইকনমিষ্ট আলোচনীয়ে প্ৰকাশ কৰিছে বিশ্বৰ সৰ্বাধিক বাসযোগ্য চহৰ আৰু বসবাসৰ বাবে কম উপযোগী চহৰৰ তালিকা। 

বিশ্ব বিখ্যাত আলোচনী খনে চলিত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীৰ পৰা ২৩ মাৰ্চলৈ চলোৱা অধ্যয়ন আৰু সমীক্ষাৰ অন্তত এই তালিকা প্ৰকাশ কৰিছে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল আলোচনী খনে প্ৰকাশ কৰা বাসযোগ্য চহৰৰ তালিকাত ভাৰতৰ এখনো চহৰৰ নাম নাই। বাৰত চৰকাৰে ১০০ খন স্মাৰ্ট চিটিৰ কথাকৈ তালআফাল লগাই থকাৰ পিছতো ভাৰতৰ এখনো চহৰৰ নাম তালিকাত অন্তৰ্ভূক্ত নোহোৱাৰ কথাই বহুতকে আচৰিতো কৰিছে।

 আলোচনী খনৰ জৰীপ অনুসৰি ২০২২ চনত চহৰ সমূহৰ লাইভএবিলিটি ইণ্ডেক্স দ্ৰুতগতিত বৃদ্ধি পাইছে।

ইকনমিষ্ট ইণ্টেলিজেঞ্চ ইউনিটৰ সমীক্ষা অনুসৰি বাসযোগ্য চহৰৰ তালিকাত অষ্ট্ৰিয়াৰ ৰাজধানী চহৰ ভিয়েনাই তালিকাৰ শীৰ্ষত পুনৰ স্থান লাভ কৰিছে।  চহৰ খনে ২০১৯ আৰু ২০১৮ চনত সেই স্থান লাভ কৰিছিল।

ডেনমাৰ্কৰ ৰাজধানী কোপেনহেগেন আৰু চুইজাৰলেণ্ডৰ জুৰিখ ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে। চুইজাৰলেণ্ডৰ আন এখন চহৰ জেনেভা ষষ্ঠ স্থানত আছিল।

ইয়াত শীৰ্ষ ১০ খন আটাইতকৈ বাসযোগ্য চহৰৰ তালিকা দিয়া হৈছে:

চহৰ                দেশ           স্থান
ভিয়েনা          অষ্ট্ৰিয়া           ১
কোপেনহেগেন   ডেনমাৰ্ক        ২
জুৰিখ            চুইজাৰলেণ্ড      ৩
কেলগাৰী        কানাডা          ৩
ভেঙ্কুভাৰ        কানাডা           ৫
জেনেভা         চুইজাৰলেণ্ড        ৬
ফ্ৰেংকফুর্ট       জাৰ্মানী             ৭
টৰণ্টো          কানাডা             ৮
আমষ্টাৰডাম    নেডাৰলেণ্ড        ৯
 ওচাকা           জাপান          ১০
 মেলবৰ্ণ        অষ্ট্ৰেলিয়া         ১০

চিৰিয়াৰ ৰাজধানী চহৰ দামাস্কাছ ১০ খন আটাইতকৈ কম বাসযোগ্য চহৰৰ একেবাৰে তলত আছে।  চিৰিয়াৰ ৰাজধানী দামাস্কাছত জীৱন ধাৰণৰ মান আটাইতকৈ বেয়া হৈ আছে বুলি সমীক্ষাটোত কোৱা হৈছে। 

ইৰাণৰ ৰাজধানী চহৰ তেহৰাণ এইবাৰ তালিকাৰ শীৰ্ষত আছে, তাৰ পিছত আছে কেমেৰুনৰ ডুৱালা চহৰ, জিম্বাবোৱেৰ ৰাজধানী চহৰ হাৰাৰে আৰু বাংলাদেশৰ ৰাজধানী ঢাকা।

শীৰ্ষ ১০ খন আটাইতকৈ কম বাসযোগ্য চহৰ হৈছে:

চহৰ               দেশ                   স্থান
তেহৰাণ         ইৰাণ                  ১৬৩
ডুৱালা        কেমেৰুন                 ১৬৪
হাৰাৰে       জিম্বাবোৱে               ১৬৫
ঢাকা        বাংলাদেশ                 ১৬৬
পোৰ্ট        মৰেচবি পাপুৱা নিউ গিনি ১৬৭
কৰাচী     পাকিস্তান                  ১৬৮
আলজিয়াৰ্ছ   আলজেৰিয়া           ১৬৯
ত্ৰিপলি       লিবিয়া                      ১৭০
লাগোছ      নাইজেৰিয়া               ১৭১
 দামাস্কাছ    চিৰিয়া                    ১৭২

ইফালে, ফেব্ৰুৱাৰীৰ শেষৰ ফালৰ পৰা ৰাছিয়াৰ যুদ্ধৰ বাবে এইবাৰ ইউক্ৰেইনৰ ৰাজধানী কিয়েভক সূচীত অন্তৰ্ভুক্ত কৰা হোৱা নাই। ৰাছিয়াৰ চহৰ মস্কো আৰু ছেইণ্ট পিটাৰ্ছবাৰ্গ "চেঞ্চৰশ্বিপ" আৰু পশ্চিমীয়া নিষেধাজ্ঞাৰ বাবে ৰেংকিঙত ধৰা হোৱা নাছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ