--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোৱাত ৯ দিনীয়া বৰ্ণাঢ্য আয়োজনেৰে আজি উদ্বোধন হ’ল ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ(IFFI)।

অষ্ট্ৰেলিয়াৰ চলচ্চিত্ৰ নিৰ্মাতা মাইকেল গ্ৰেচিৰ 'বেটাৰ মেন'ৰ জৰিয়তে মুকলি হ’ল IFFI ২০২৪।

ভাৰতৰ সাংস্কৃতিক আৰু চলচ্চিত্ৰ ঐতিহ্য উদযাপনৰ এক বৰ্ণিল উদ্বোধনী অনুষ্ঠানত পৰিণত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ।

IFFIৰ উদ্বোধনী অনুষ্ঠানত আছে ভাৰতীয় সাংকেতিক ভাষাৰ প্ৰদৰ্শন।

ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) ৫৫ সংখ্যক সংস্কৰণ আজি সন্ধিয়া ৫ বজাত গোৱাৰ ড০ শ্যামা প্ৰসাদ মুখাৰ্জী ষ্টেডিয়ামত এক অনন্য উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ হয়। 

অষ্ট্ৰেলিয়াৰ চলচ্চিত্ৰ নিৰ্মাতা মাইকেল গ্ৰেচিৰ দ্বাৰা পৰিচালিত উদ্বোধনী চলচ্চিত্ৰ 'বেটাৰ মেন'ৰ ৰেড-কাৰ্পেট প্ৰিমিয়াৰৰ জৰিয়তে গোৱা পাঞ্জিমত উৎসৱৰ শুভাৰম্ভণি হয়।

উদ্বোধনী চলচ্চিত্ৰ প্ৰিমিয়াৰত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ লগতে তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগান উপস্থিত থাকে। অনুষ্ঠানত গোৱাৰ মুখ্যমন্ত্ৰী ড০ প্ৰমোদ সাৱন্তে অতিথিসকলক সুন্দৰ উপকূলীয় ৰাজ্য গোৱালৈ আদৰণি জনায়।

উল্লেখ্য যে উদ্বোধনী অনুষ্ঠানত বহু চলচ্চিত্ৰ ব্যক্তিত্বৰ সমাবেশ ঘটিব। যাৰ উপস্থিতিয়ে চলচ্চিত্ৰ মহোৎসৱক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। 

সুভাষ ঘাই, দীনেশ বিজন, অমৰ কৌশিক, এন এম সুৰেশ, আৰ কে চেলভামণি, ইছাৰী গণেশন, ৰবি কোটাৰাকাৰা আৰু গীতিকাৰ প্ৰসূন যোশীৰ দৰে প্ৰতিষ্ঠিত চলচ্চিত্ৰ নিৰ্মাতা আৰু ছবিৰ সৃষ্টিকৰ্তাসকলে আজিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰখ্যাত অভিনেতা নাগাৰ্জুন, নিত্য মেনন, আমলা, বিক্ৰান্ত মেছী, ৰকুলপ্ৰীত, মানুষী চিল্লাৰ, বোমন ইৰাণী, ৰাজকুমাৰ ৰাও, অভিষেক বেনাৰ্জী, জয়দীপ আহলাৱত, ৰণদীপ হুডা, ছানা মালহোত্ৰা, জয়ম ৰবি, জেকি ভাগনানী, আৰ. শৰৎ কুমাৰ, মুক্তি বাৰ্ভে, সোনালী কুলকাৰ্ণী আৰু অন্যান্য গণ্যমান্য ব্যক্তিয়ে উদ্বোধনী অনুষ্ঠানৰ শোভা বঢ়ায়।

চিনেমা জগতৰ উজ্জ্বল তাৰকাৰ সমাৱেশে সমগ্ৰ অনুষ্ঠানটোক জিলিকাই তুলিব বুলি আশা কৰা হৈছে। আমন্ত্ৰিত তাৰকাৰ তালিকাত শ্ৰী শ্ৰী ৰবি শংকৰো অন্তৰ্ভুক্ত থাকিব, যিয়ে অংশগ্ৰহণকাৰীসকলক বিশেষভাৱে অনুপ্ৰাণিত কৰিব।

সুখৰ খবৰ যে জনপ্ৰিয় অসমীয়া ছবি স্বৰ্গৰথ ইণ্ডিয়ান পেনোৰামা শিতানত প্ৰদৰ্শিত হ'ব ২৪ নৱেম্বৰত। স্বৰ্গৰথৰ পৰিচালনা ৰাজেশ ভূঞাৰ আৰু প্ৰযোজনা ডঃ সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ