--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বচ্চন পৰিয়াল বলীউডৰ এক সন্মানীয় পৰিয়াল। তেওঁলোকৰ অভিনীত চিনেমাৰ বাবে প্ৰায়ে এই পৰিয়ালটো জনপ্ৰিয়। কিন্তু আজিকালি চিনেমাৰ লগতে পৰিয়ালটোত চলি থকা কথিত অসঙ্গতি আৰু মতানৈক্যৰ বাবেই বাতৰিৰ শিৰোনাম দখল কৰিছে বচ্চন পৰিয়াল ৷

बेटी आराध्या के जन्मदिन से बनाई Abhishek Bachchan ने दूरी! अब क्यों कह दी ये बात?

অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ৰ কন্যা আৰাধ্যাৰ ১৬ নৱেম্বৰত ত্ৰয়োদশ জন্মদিন আছিল । এই উপলক্ষে সকলো অনুৰাগীয়ে আশা কৰিছিল যে অভিষেকক নিশ্চিতভাৱে কন্যা আৰাধ্যাৰ সৈতে দেখা যাব। কিন্তু একেলগে দেখাটো দূৰৰে কথা, অভিষেকে ছ’চিয়েল মিডিয়াত কন্যাক জন্মদিনৰ শুভেচ্ছাও নিদিলে। বিগত বছৰ অভিষেকে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত আৰাধ্যাৰ সৈতে নিজৰ এখন ফটো শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জনাইছিল।

Aishwarya Rai Bachchan wishes Pa Amitabh Bachchan on his 82nd birthday,  shares a sweet pic of him with Aaradhya

বচ্চন পৰিয়ালৰ বোৱাৰী অৰ্থাৎ ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চনৰ মাজৰ সম্পৰ্কত ঘূনে ধৰিছে বুলি চৰ্চা চলিছে। দীৰ্ঘদিন ধৰি এই আলোচনা চলি আছে যদিও এই সমগ্ৰ বিষয়ত পৰিয়ালটোৱে মৌনতা অৱলম্বন কৰিছে। শেহতীয়াকৈ ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চনৰ কন্যাৰ ত্ৰয়োদশ জন্মদিন পালন কৰা হয়। কিন্তু এই বিশেষ দিনটোত দেখা নগ’ল বচ্চন পৰিয়ালক ৷ 

‘শ্বলে’, ‘ডন’ আৰু ‘দীৱাৰ’ৰ দৰে ব্লকবাষ্টাৰ ছবিত অভিনয় কৰা বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনে কিছু বিশেষ ফটো শ্বেয়াৰ কৰিছে। ফটোবোৰত বিগ বি বা অভিষেক বচ্চনক দেখা পোৱা নগ’ল। এই বিষয়টোৱে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে ৷ বুধবাৰে শ্বেয়াৰ কৰা এই পোষ্টটোত ঐশ্বৰ্য আৰু আৰাধ্যাক একেলগে কেইবাটাও মুহূৰ্ত একেলগে অতিবাহিত কৰা দেখা গৈছে । মাতৃ-কন্যা দুয়োৱে ঐশ্বৰ্যৰ প্ৰয়াত পিতৃ কৃষ্ণৰাজ ৰায়ক তেওঁৰ ফটোৰ সন্মুখত হাতযোৰ কৰি শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে । অভিনেত্ৰীগৰাকীয়ে কেপশ্যনত তেওঁৰ পিতৃ-কন্যাক তেওঁৰ জীৱনৰ ‘চিৰন্তন প্ৰেম’ বুলি উল্লেখ কৰা হৈছে ৷

শেহতীয়াকৈ ‘আই ৱাণ্ট টু টক’ৰ প্ৰচাৰ অনুষ্ঠানবোৰৰ মাজত অভিষেকে নিজৰ আৰু কন্যাৰ মাজৰ সম্পৰ্কৰ কথা ক’লে। অভিষেকে কয় যে তেওঁৰ কন্যা আৰাধ্যাৰ বাবে তেওঁ সকলো কৰিব। অভিষেকৰ এই বক্তব্যই পুনৰ পুৰণি কথাবোৰ মানুহৰ মনত সতেজ কৰি তুলিছে। কন্যাৰ জন্মদিন উদযাপনৰ বহু ফটো শ্বেয়াৰ কৰিছে ঐশ্বৰ্য ৰায়ে। এই আটাইকেইখন ছবিৰ পৰা বচ্চন পৰিয়াল যেন হেৰাই গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু