--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৰীৰ জগন্নাথ মন্দিৰৰ বিশ্ব বিখ্যাত ৰথযাত্ৰা দেওবাৰে পুৱা আৰম্ভ হয়।এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে শনিবাৰেই ওড়িশাত উপস্থিত হৈছিল  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। এই ৪ দিনীয়া ওড়িশা ভ্ৰমণত দেওবাৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে পুৰীত থাকিব। ৰথযাত্ৰাত   ভিৰ নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰা হৈছে। বিশেষকৈ হাছৰাছৰ পদপিষ্টৰ ঘটনাৰ পিঠত অধিক সতৰ্ক হৈছে  নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াসকল। ওড়িশা আৰক্ষীৰ এডিজি (আইন শৃংখলা) সঞ্জয় কুমাৰ  ​​পুৰীৰ ৰথ যাত্ৰাৰ সামগ্ৰিক নিৰাপত্তাৰ দায়িত্বত আছে। সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় , "ৰথযাত্ৰাৰ সময়ত ৰাষ্ট্ৰপতি উপস্থিত থাকিব। তেওঁৰ লগতে আনসকলো ভক্তৰে  নিৰাপত্তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।" সঞ্জীৱ কুমাৰে কয়, এইবাৰ প্ৰথমবাৰৰ বাবে  সুৰক্ষা ব্যৱস্থাত এআই প্ৰযুক্তিৰ কেমেৰা আৰু ড্ৰ’ন  ব্যৱহাৰ কৰা হৈছে। ইয়াৰ দ্বাৰা ভক্তসকলৰ ওপৰত  তীক্ষ্ণ নিৰীক্ষণ, ট্ৰেফিক নিয়ন্ত্ৰণ আৰু সঠিক সময়ত সঠিক তথ্য লাভ কৰিব পৰা যাব।


 নিৰাপত্তাৰ বাবে  চিআৰপিএফ আৰু এছঅ’জি গ্ৰুপ  আদিও নিয়োগ কৰা হৈছে। পুৰীৰ জগন্নাথ, বলৰাম, সুভদ্ৰাৰ ৰথৰ চাৰিওফালে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ডি তোলা হৈছে।   যাতে কোনেও ৰথ স্পৰ্শ কৰিব নোৱাৰে সেই বিষয়ত অধিক সতৰ্কতা অৱসম্বন কৰা হৈছে।  জৰুৰীকালীন পৰিস্থিতিত এম্বুলেন্সৰ চলাচলৰ বাবে ‘সেউজ কৰিড’ৰ’ৰ ব্যৱস্থা কৰা হৈছে। মন কৰিবলগীয়া যে দেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু এসময়ত ওড়িশাৰ ৰায়ৰাংপুৰৰ বিজেপি বিধায়িকা  আছিল। বিজেডি-বিজেপি মিত্ৰজোঁটৰ চৰকাৰতো তেওঁ  মন্ত্ৰী আছিল। সেই সময়ত তেওঁ প্ৰায়ে জগন্নাথ মন্দিৰলৈ গৈছিল। ২০২২ চনত ৰাষ্ট্ৰপতি হোৱাৰ পিছতো দ্ৰৌপদী মুৰ্মুৱে পুৰী মন্দিৰ পৰিদৰ্শন কৰিছিল। 

এইবাৰ ৰাষ্ট্ৰপতিয়ে পুৰীৰ ৰথ যাত্ৰাত যোগদান কৰিবলৈ আহিছে। উল্লেখ্য  পুৰীৰ বিশ্ব বিখ্যাত জগন্নাথ মন্দিৰৰ ৰহস্যময় ৰত্নভাণ্ডাৰকলৈ কৌতূহলৰ অন্ত নাই। শেহতীয়াকৈ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত  নিৰ্বাচনী প্ৰচাৰৰ সময়ত জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ প্ৰসংগ শুনা গৈছিল।  জগন্নাথ মন্দিৰৰ  গোপন ৰত্ন ভাণ্ডাৰত সাতটা কোঠা আছে। সেই কোঠাবোৰ ঠাহ খাই আছে মূল্যৱান ৰত্ন আৰু  গহনাৰে। সেই ৰত্ন আৰু গহণা দ্বাদশ শতিকাৰ বুলি বিশ্বাস কৰা হয়। মন্দিৰৰ ধনভাণ্ডাৰ শেষবাৰৰ বাবে ১৯৭৮ চনত মুকলি কৰা হৈছিল। উচ্চ ন্যায়ালয়ত দাখিল কৰা  শপতনামাত মন্দিৰ কৰ্তৃপক্ষই কৈছিল যে মন্দিৰটোত ১৫০ কিলোগ্ৰাম সোণ আৰু ১৮৪ কিলোগ্ৰাম ৰূপ আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন