--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৰীৰ জগন্নাথ মন্দিৰৰ বিশ্ব বিখ্যাত ৰথযাত্ৰা দেওবাৰে পুৱা আৰম্ভ হয়।এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে শনিবাৰেই ওড়িশাত উপস্থিত হৈছিল  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। এই ৪ দিনীয়া ওড়িশা ভ্ৰমণত দেওবাৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে পুৰীত থাকিব। ৰথযাত্ৰাত   ভিৰ নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰা হৈছে। বিশেষকৈ হাছৰাছৰ পদপিষ্টৰ ঘটনাৰ পিঠত অধিক সতৰ্ক হৈছে  নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াসকল। ওড়িশা আৰক্ষীৰ এডিজি (আইন শৃংখলা) সঞ্জয় কুমাৰ  ​​পুৰীৰ ৰথ যাত্ৰাৰ সামগ্ৰিক নিৰাপত্তাৰ দায়িত্বত আছে। সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় , "ৰথযাত্ৰাৰ সময়ত ৰাষ্ট্ৰপতি উপস্থিত থাকিব। তেওঁৰ লগতে আনসকলো ভক্তৰে  নিৰাপত্তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।" সঞ্জীৱ কুমাৰে কয়, এইবাৰ প্ৰথমবাৰৰ বাবে  সুৰক্ষা ব্যৱস্থাত এআই প্ৰযুক্তিৰ কেমেৰা আৰু ড্ৰ’ন  ব্যৱহাৰ কৰা হৈছে। ইয়াৰ দ্বাৰা ভক্তসকলৰ ওপৰত  তীক্ষ্ণ নিৰীক্ষণ, ট্ৰেফিক নিয়ন্ত্ৰণ আৰু সঠিক সময়ত সঠিক তথ্য লাভ কৰিব পৰা যাব।


 নিৰাপত্তাৰ বাবে  চিআৰপিএফ আৰু এছঅ’জি গ্ৰুপ  আদিও নিয়োগ কৰা হৈছে। পুৰীৰ জগন্নাথ, বলৰাম, সুভদ্ৰাৰ ৰথৰ চাৰিওফালে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ডি তোলা হৈছে।   যাতে কোনেও ৰথ স্পৰ্শ কৰিব নোৱাৰে সেই বিষয়ত অধিক সতৰ্কতা অৱসম্বন কৰা হৈছে।  জৰুৰীকালীন পৰিস্থিতিত এম্বুলেন্সৰ চলাচলৰ বাবে ‘সেউজ কৰিড’ৰ’ৰ ব্যৱস্থা কৰা হৈছে। মন কৰিবলগীয়া যে দেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু এসময়ত ওড়িশাৰ ৰায়ৰাংপুৰৰ বিজেপি বিধায়িকা  আছিল। বিজেডি-বিজেপি মিত্ৰজোঁটৰ চৰকাৰতো তেওঁ  মন্ত্ৰী আছিল। সেই সময়ত তেওঁ প্ৰায়ে জগন্নাথ মন্দিৰলৈ গৈছিল। ২০২২ চনত ৰাষ্ট্ৰপতি হোৱাৰ পিছতো দ্ৰৌপদী মুৰ্মুৱে পুৰী মন্দিৰ পৰিদৰ্শন কৰিছিল। 

এইবাৰ ৰাষ্ট্ৰপতিয়ে পুৰীৰ ৰথ যাত্ৰাত যোগদান কৰিবলৈ আহিছে। উল্লেখ্য  পুৰীৰ বিশ্ব বিখ্যাত জগন্নাথ মন্দিৰৰ ৰহস্যময় ৰত্নভাণ্ডাৰকলৈ কৌতূহলৰ অন্ত নাই। শেহতীয়াকৈ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত  নিৰ্বাচনী প্ৰচাৰৰ সময়ত জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ প্ৰসংগ শুনা গৈছিল।  জগন্নাথ মন্দিৰৰ  গোপন ৰত্ন ভাণ্ডাৰত সাতটা কোঠা আছে। সেই কোঠাবোৰ ঠাহ খাই আছে মূল্যৱান ৰত্ন আৰু  গহনাৰে। সেই ৰত্ন আৰু গহণা দ্বাদশ শতিকাৰ বুলি বিশ্বাস কৰা হয়। মন্দিৰৰ ধনভাণ্ডাৰ শেষবাৰৰ বাবে ১৯৭৮ চনত মুকলি কৰা হৈছিল। উচ্চ ন্যায়ালয়ত দাখিল কৰা  শপতনামাত মন্দিৰ কৰ্তৃপক্ষই কৈছিল যে মন্দিৰটোত ১৫০ কিলোগ্ৰাম সোণ আৰু ১৮৪ কিলোগ্ৰাম ৰূপ আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
বিশ্ব কাপলৈ ভাৰতৰ যোগ্যতা অর্জন
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী