--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ দৌছাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এগৰাকী  দশম শ্ৰেণীৰ ছাত্ৰই  স্কুলৰ বাৰণ্ডাতে  হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ  মৃত্যুক সাৱটি লয়। মৃত ছাত্ৰজনৰ নাম যতেন্দ্ৰ উপাধ্যায় আৰু তেওঁৰ বয়স আছিল ১৬ বছৰ।  তেওঁ মাত্ৰ এদিন আগতে অৰ্থাৎ ৫ জুলাইত নিজৰ  জন্মদিন পালন কৰিছিল।  শনিবাৰে পুৱা প্ৰায় ৭ বজাত বন্দিকুই চহৰৰ এখন ব্যক্তিগত  বিদ্যালয়ৰ বাৰাণ্ডাৰে  শ্ৰেণী অভিমুখে গৈ থকা অৱস্থাতে ছাত্ৰ জন ঢলি পৰে আৰু মৃত্যুক সাৱটি লয়। 

 ভিতৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। ইফালে হঠাৎ উজুটি খাই বাৰাণ্ডাত পৰি যোৱা কাষতে থকা লোকে প্ৰত্যক্ষ কৰি ছাত্ৰ জনক তুলিবলৈ যায় যদিও তেতিয়ালৈকে ছাত্ৰ জনৰ দেহত প্ৰাণ নাছিল।  ঘটনাৰ চিচিটিভি ফুটেজ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।  ফুটেজত  যতেন্দ্ৰক বাৰাণ্ডাৰে খোজকাঢ়ি গৈ থকা অৱস্থাতে  পৰি যোৱা দেখা গৈছে। ইয়াৰ পিছত ওচৰতে বহি থকা স্কুলৰ কৰ্মচাৰী এজনে দৌৰি আহি তেওঁৰ ওচৰ পায়  আৰু তেওঁক ওপৰলৈ তুলিবলৈ চেষ্টা কৰে। লগে লগে বিদ্যালয় প্ৰশাসনে ছাত্ৰ জনক  চিকিৎসালয়লৈ লৈ যায় আৰু তাত চিকিৎসকে  তেওঁক মৃত ঘোষণা কৰে। চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসক পৱন জাৰৱালে কয়, ‘বিদ্যালয়ৰ কৰ্মচাৰীয়ে ল’ৰাটোক চিকিৎসালয়লৈ লৈ আহিছিল। যেতিয়া তেওঁক অনা হৈছিল তেতিয়া তেওঁৰ হৃদযন্ত্ৰই কোনো কাম কৰা নাছিল।  আমি চিপিআৰ (কাৰ্ডিঅ’পালমোনাৰী ৰিচাইচিটেচন) দিলো, কিন্তু কোনো লাভ নহ’ল।’

পৰিয়ালৰ লোকে ছাত্ৰজনৰ  মৰণোত্তৰ পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰিছে। এনে পৰিস্থিতিত আৰক্ষীক খবৰ দিয়াৰ পিছতে ছাত্ৰজনৰ মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়া হৈছে। এই সন্দৰ্ভত  বন্দিকুই আৰক্ষী থানাৰ এছ এইচ অ’ প্ৰেম চান্দে কয় যে যতেন্দ্ৰ উপাধ্যায়ৰ হাৰ্ট এটেক হোৱা বুলি চিকিৎসকে সন্দেহ কৰিছে। অৱশ্যে ল’ৰাটোৰ পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষাৰ বাবে সন্মতি নিদিলে। ব্যক্তিগত বিদ্যালয় প্ৰশাসনে উপাধ্যায়ক ততাতৈয়াকৈ বান্দিকুই মহকুমা চিকিৎসালয়লৈ লৈ গৈছিল, য’ত চিকিৎসকে তেওঁক মৃত বুলি  ঘোষণা কৰিছিল। ছাত্ৰজনৰ পৰিয়ালৰ লোকে আৰক্ষীক জনোৱা মতে, ছাত্ৰজনৰ জন্ম গাঁৱত আলোৱাৰত মৃতদেহ দাহ কৰা হ’ব

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন