--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ দৌছাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এগৰাকী  দশম শ্ৰেণীৰ ছাত্ৰই  স্কুলৰ বাৰণ্ডাতে  হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ  মৃত্যুক সাৱটি লয়। মৃত ছাত্ৰজনৰ নাম যতেন্দ্ৰ উপাধ্যায় আৰু তেওঁৰ বয়স আছিল ১৬ বছৰ।  তেওঁ মাত্ৰ এদিন আগতে অৰ্থাৎ ৫ জুলাইত নিজৰ  জন্মদিন পালন কৰিছিল।  শনিবাৰে পুৱা প্ৰায় ৭ বজাত বন্দিকুই চহৰৰ এখন ব্যক্তিগত  বিদ্যালয়ৰ বাৰাণ্ডাৰে  শ্ৰেণী অভিমুখে গৈ থকা অৱস্থাতে ছাত্ৰ জন ঢলি পৰে আৰু মৃত্যুক সাৱটি লয়। 

 ভিতৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। ইফালে হঠাৎ উজুটি খাই বাৰাণ্ডাত পৰি যোৱা কাষতে থকা লোকে প্ৰত্যক্ষ কৰি ছাত্ৰ জনক তুলিবলৈ যায় যদিও তেতিয়ালৈকে ছাত্ৰ জনৰ দেহত প্ৰাণ নাছিল।  ঘটনাৰ চিচিটিভি ফুটেজ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।  ফুটেজত  যতেন্দ্ৰক বাৰাণ্ডাৰে খোজকাঢ়ি গৈ থকা অৱস্থাতে  পৰি যোৱা দেখা গৈছে। ইয়াৰ পিছত ওচৰতে বহি থকা স্কুলৰ কৰ্মচাৰী এজনে দৌৰি আহি তেওঁৰ ওচৰ পায়  আৰু তেওঁক ওপৰলৈ তুলিবলৈ চেষ্টা কৰে। লগে লগে বিদ্যালয় প্ৰশাসনে ছাত্ৰ জনক  চিকিৎসালয়লৈ লৈ যায় আৰু তাত চিকিৎসকে  তেওঁক মৃত ঘোষণা কৰে। চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসক পৱন জাৰৱালে কয়, ‘বিদ্যালয়ৰ কৰ্মচাৰীয়ে ল’ৰাটোক চিকিৎসালয়লৈ লৈ আহিছিল। যেতিয়া তেওঁক অনা হৈছিল তেতিয়া তেওঁৰ হৃদযন্ত্ৰই কোনো কাম কৰা নাছিল।  আমি চিপিআৰ (কাৰ্ডিঅ’পালমোনাৰী ৰিচাইচিটেচন) দিলো, কিন্তু কোনো লাভ নহ’ল।’

পৰিয়ালৰ লোকে ছাত্ৰজনৰ  মৰণোত্তৰ পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰিছে। এনে পৰিস্থিতিত আৰক্ষীক খবৰ দিয়াৰ পিছতে ছাত্ৰজনৰ মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়া হৈছে। এই সন্দৰ্ভত  বন্দিকুই আৰক্ষী থানাৰ এছ এইচ অ’ প্ৰেম চান্দে কয় যে যতেন্দ্ৰ উপাধ্যায়ৰ হাৰ্ট এটেক হোৱা বুলি চিকিৎসকে সন্দেহ কৰিছে। অৱশ্যে ল’ৰাটোৰ পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষাৰ বাবে সন্মতি নিদিলে। ব্যক্তিগত বিদ্যালয় প্ৰশাসনে উপাধ্যায়ক ততাতৈয়াকৈ বান্দিকুই মহকুমা চিকিৎসালয়লৈ লৈ গৈছিল, য’ত চিকিৎসকে তেওঁক মৃত বুলি  ঘোষণা কৰিছিল। ছাত্ৰজনৰ পৰিয়ালৰ লোকে আৰক্ষীক জনোৱা মতে, ছাত্ৰজনৰ জন্ম গাঁৱত আলোৱাৰত মৃতদেহ দাহ কৰা হ’ব

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত