--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত দীৰ্ঘদিনীয়া জল্পনা-কল্পনাত ন-প্ৰাণ দি দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সভাপতি পদৰ কুচকাৱাজ আৰম্ভ হৈছে। সভাপতি পদৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছতে দলৰ জেষ্ঠ নেতা তথা তিৰুৱন্তপুৰমৰ সাংসদ শশী থাৰুৰে মনোনয়ন পত্ৰ সংগ্ৰহ কৰে। শশী থাৰুৰৰ হৈ তেওঁৰ কেইগৰাকীমান প্ৰতিনিধিয়ে দিল্লীত দলৰ ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া মধুসূদন মিস্ত্ৰীৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰে। এইদৰে থাৰুৰ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰা প্ৰথমগৰাকী প্ৰাৰ্থী হিচেপে বিবেচিত হৈছে। শশী থাৰুৰে মনোনয়ন পত্ৰ সংগ্ৰহ কৰাৰ লগে লগে দীৰ্ঘদিনৰ পিছত কংগ্ৰেছত গান্ধী পৰিয়ালৰ কৰ্তৃত্ব আঁতৰ হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি চৰ্চিত হৈছে।

ইফালে সভাপতি পদৰ বাবে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে বৰ্তমান ভাৰত জোড়ো যাত্ৰাত ব্যস্ত থকা ৰাহুল গান্ধীয়ে পুনৰ এবাৰ কংগ্ৰেছৰ সভাপতিৰ পদত গান্ধী পৰিয়ালৰ সদস্য অধিষ্ঠিত হোৱাৰ সম্ভাৱনা নাকচ কৰিছিল। সভাপতি পদৰ অন্যতম সম্ভাব্য প্ৰাৰ্থী তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে শুকুৰবাৰে কেৰালাত এক সংবাদ মেলত ৰাহুল গান্ধীৰ এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰিছিল।  

সংবাদ মেলত গেহলটে কয় যে ৰাহুল গান্ধীক কংগ্ৰেছৰ সভাপতি পদ গ্ৰহণৰ প্ৰস্তাৱ কেইবাবাৰো আগবঢ়োৱা হৈছে যদিও তেওঁ বাৰে বাৰে সেই প্ৰস্তাৱ নাকচ কৰিছে। তেওঁ পুনৰ গান্ধী পৰিয়ালৰ কোনো ব্যক্তিয়ে পৰৱৰ্তী সভাপতি নহয় বুলি স্পষ্ট কৰি দিছে। গেহলটে লগতে সভাপতি নিৰ্বাচনৰ বাবে তেওঁ শীঘ্ৰেই মনোনয়ন দাখিল কৰিব বুলিও জানিবলৈ দিয়ে।

উল্লেখ্য যে, ভাৰতীয় ৰাজনীতিৰ কথা যেতিয়াই আলোচিত হয়, তেতিয়াই সমুখলৈ আহে কংগ্ৰেছত গান্ধী পৰিয়ালৰ কৰ্তৃত্ব তথা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ দিশটো। গান্ধী পৰিয়ালৰ এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ দোহাই দিয়ে ২০১৪ চনত শাসনলৈ অহাৰ পথ সুচল কৰি তুলিছিল বিজেপিয়ে। দলৰ ভিতৰত গান্ধী পৰিয়ালৰ এই কৰ্তৃত্বৰ বিৰোধিতাৰে কংগ্ৰেছত বহুসময়ত সৃষ্টি হৈছে আভ্যন্তৰীণ সংঘাতৰো। ১৯৯৮ চনত সীতাৰাম কেশৰীৰ পাছত দলৰ সভাপতিৰ আসনত ছোনীয়া গান্ধী অধিষ্ঠিত হোৱাৰ পৰা এই সূদীৰ্ঘ সময়ছোৱা গান্ধী পৰিয়ালৰ হাততে আছে দলটোৰ নেতৃত্ব। পিছে এইবাৰ কংগ্ৰেছত গান্ধী পৰিয়ালৰ এই ধাৰাবাহিক কৰ্তৃত্বৰ অৱসান ঘটাৰ দিশে আগবাঢ়িছে। সূদীৰ্ঘ এই ২৪ বছৰত প্ৰথমবাৰৰ বাবে গান্ধী পৰিয়ালৰ বাহিৰৰ এজন ব্যক্তি কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

স্বাধীনোত্তৰ ভাৰতত অধিক সময়ে শাসনত অধিষ্ঠিত থকা ভাৰতীয় জাতীয় কংগ্ৰেছ বৰ্তমান ৰাজনৈতিক সংকটেৰে জৰ্জৰিত হৈ পৰিছে। সম্প্ৰতি দেশৰ প্ৰধান বিৰোধী দল হিচাপে থকা কংগ্ৰেছে লাহে লাহে সমগ্ৰ দেশতে হেৰুৱাই পেলাইছে গণভিত্তি তথা জনপ্ৰিয়তা। একালত সমগ্ৰ দেশৰ ৰাজনীতিত অপ্ৰতিৰোধ্য কংগ্ৰেছে এতিয়া মাত্ৰ দুখন ৰাজ্যতহে নিজাকৈ চৰকাৰ গঠন কৰি থকাৰ বিপৰীতে আন দুখন ৰাজ্যত মিত্ৰজোঁটৰ চৰকাৰৰ অংশ হৈ আছে। দলটোৰ এনে হতাশাজনক স্থিতিৰ বাবে সমালোচিত হৈ আহিছে শীৰ্ষ নেতৃত্ব। শেহতীয়া এই ব্যৰ্থতাৰ বাবে বিশেষকৈ গান্ধী পৰিয়ালৰ পৰিয়ালকেন্দ্ৰিক নেতৃত্বৰ বিৰোধৰ সৃষ্টি হৈছে কংগ্ৰেছত। 

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰাই কংগ্ৰেছে ক্ৰমান্বয়ে সমগ্ৰ দেশতে গণভিত্তি হেৰুৱাই পেলাইছে। ইয়াৰ পিছতে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত চূড়ান্ত বিফলতাৰ সন্মুখীন হোৱাৰ ফলত ৰাহুল গান্ধীয়ে সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল আৰু ছোনিয়া গান্ধীয়ে দলৰ অন্তৱৰ্তীকালীন নেতা হিচাপে এই পদ গ্ৰহণ কৰিছিল। কিন্তু তাৰ পাছতে দলটোৱে কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত মুখঠেকেচা খায়।

দলীয় সংকটৰ এনে চৰম পৰ্যায়ৰ মাজতে অহা ১৭ অক্টোবৰত দেশৰ ৰাজনীতিৰ প্ৰধান বিৰোধী দলটোৰ নতুন সভাপতি নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। এই নিৰ্বাচনৰ পাছতে ১৯ অক্টোবৰত দলটোৱে লাভ কৰিব নতুন সভাপতি। ইতিমধ্যে দলৰ দুই জেষ্ঠ নেতা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু সাংসদ শশী থাৰুৰৰ মাজত সভাপতি পদৰ বাবে যুঁজ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। আনহাতে ৰাহুল গান্ধীক পুনৰ এবাৰ দলৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিবলৈ দলৰ কেইবাগৰাকীও নেতাই অনুৰোধ জনাই আহিছে যদিও গান্ধীয়ে বাৰে বাৰে এই অনুৰোধ প্ৰত্যাখ্যান কৰি আহিছে। তেওঁ লগতে গান্ধী পৰিয়ালৰ কোনো সদস্যই কংগ্ৰেছৰ সভাপতি আসনত নবহে বুলিও মন্তব্য কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে