--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
 চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং গৃহবন্দী হোৱা তথা  আৰু ৰাষ্ট্ৰখনত সামৰিক অভ্যুত্থানৰ  উৰাবাতৰিৰে এতিয়া ভৰি পৰিছে  ছ’চিয়েল মিডিয়া৷  জুৰুলা হৈ পৰিছে, ইয়াৰ দুজন প্ৰাক্তন মন্ত্ৰীক দুৰ্নীতিৰ বাবে শাস্তি দিয়াৰ এসপ্তাহৰ পাছত - যিটো দেশৰ ইতিহাসত এক অতি বিতৰ্কিত সিদ্ধান্ত।

এনে উৰাবাতৰিসমূহ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ হোৱাত চীনৰ ৰাজনৈতিক বিশেষজ্ঞসকলৰো প্ৰভাৱ থকাৰ সম্ভাৱনা নোহোৱা নহয়৷ 

 একেসময়তে , বেইজিঙত ছি জিনপিঙৰ বাসগৃহৰ প্ৰতি এক  সামৰিক আন্দোলনো প্ৰতক্ষ্য কৰা হৈছে৷  লগতে তেওঁৰ বাসগৃহৰ সন্মুখত সামৰিক বাহন চলাচল কৰাও দেখা গৈছে৷আনহাতে, ছ’চিয়েল মিডিয়াত প্ৰচাৰিত  ভিডিঅ’ও সমূহৰ ভিত্তিত বিষয়টো একাষাৰে উৰাবাতৰি বুলিবও নোৱাৰি৷ 
 

চীনৰ কেইবাজনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কয় যে,দেশখনে কোনো নিৰ্দিষ্ট কাৰণ নিদিয়াকৈ ৯ হাজাৰৰো অধিক ঘৰুৱা বিমান বাতিল কৰাৰ লগে লগে অভ্যুত্থান প্ৰায় নিশ্চিত হৈছে। আনকি বহু স্থানীয় লোকে কয় যে, সামৰিক মুৰব্বী জেনেৰেল লি কিয়াওমিং পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’বলৈ সাজু হৈছে।

পি এল এৰ সামৰিক বাহনসমূহ ২২ ছেপ্টেম্বৰত বেইজিংলৈ গৈ আছে। বেইজিঙৰ ওচৰৰ হুয়ানলাই কাউন্টিৰ পৰা আৰম্ভ কৰি হেবেই প্ৰদেশৰ জাংজিয়াকো চহৰত শেষ হৈ, ৮০ কিলোমিটাৰ পৰ্যন্ত সমগ্ৰ শোভাযাত্ৰাও হয়৷  ইফালে,  চি চি পিৰ মুৰব্বী  
ছি জিনপিঙক পদচ্যুত কৰা হৈছে বুলিও শুনিবলৈ পোৱা গৈছে৷ এই কথা জেনিফাৰ জেং নামৰ এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে উল্লেখ কৰিছে৷ 
সমান্তৰালভাৱে ষ্টিভ স্মিথ নামৰ এজন ব্যক্তিয়ে কয় যে, চীনত কিবা এটা ডাঙৰ ঘটি আছে৷ 

 জেনিফাৰ জেং নামেৰে জনাজাত এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে কয়।
ষ্টিভ স্মিথ নামেৰে যোৱা এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কয় যে,  "চীনত কিবা এটা ডাঙৰ ঘটি আছে.. হয়তো সামৰিক অভ্যুত্থান। ৬০০০ খন বিমান বাতিল কৰা হৈছে আৰু ডাঙৰ সামৰিক আন্দোলন চলি আছে।"

চৰকাৰীভাৱে এতিয়ালৈকে কোনো আনুষ্ঠানিক নিৰ্দেশনা পোৱা নাই যদিও চীনৰ ৰাজনীতিৰ আভ্যন্তৰত যে এতিয়া কিছু বিশৃংখলতাৰ সৃষ্টি হৈছে সেইয়া স্পষ্ট হৈ উঠিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান