--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাত সন্ধান পোৱা গৈছে এবিধ “মাংস ভক্ষক” বেক্টেৰিয়াৰ। ইয়াৰ সংক্ৰমণৰ মাত্ৰা ইমানেই ভয়ংকৰ যে এদিনৰ পৰা দুদিনৰ ভিতৰতে ৰোগীৰ মৃত্যুও ঘটিব পাৰে।

কি এই ‘মাংস খোৱা’ বেক্টেৰিয়া? আমেৰিকাৰ ‘চেণ্টাৰ ফৰ ডিজিজ কন্ট্ৰ’ল এণ্ড প্ৰিভেনচন অফ দ্য ইউনাইটেড ষ্টেচছ’ৰ তথ্য অনুসৰি এই বেক্টেৰিয়াৰ নাম হৈছে ভিব্ৰিও ভালনিফিকাছ (Vibrio vulnificus)।

এই বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত ব্যক্তিয়ে অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগে। তেনেহ’লে আক্ৰান্ত অংগটো অস্ত্ৰোপচাৰ কৰি আঁতৰাই পেলাব লাগে। দেখা গৈছে যে আক্ৰান্তৰ মাজৰ ৫ জনৰ ভিতৰত এজনৰ এদিনৰ পৰা দুদিনৰ ভিতৰত মৃত্যু হৈছে।

কিন্তু এই প্ৰাণীবোৰক কিয় ‘মাংস ভক্ষক’ বুলি কোৱা হয়? আচলতে দেখা গৈছে যে কেইবাটাও ক্ষেত্ৰত সংক্ৰমণৰ ফলত হোৱা ঘাঁৰ চাৰিওফালে থকা মাংস গুৰুতৰ সংক্ৰমণৰ বাবে নষ্ট হৈ গৈছে। বহু সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে সেই বেক্টেৰিয়াবোৰ ‘মাংস ভক্ষক’।

এই সন্দৰ্ভত এখন গৱেষণা পত্ৰ ছায়েন্টিফিক ৰিপ’টাৰ্ছ’ নামৰ এখন আলোচনীত প্ৰকাশ পাইছে। তাত ১৯৮৮ চনৰ পৰা ২০১৬ চনৰ ভিতৰত ১১০০ টা ঘাঁৰ সংক্ৰমণৰ ওপৰত গৱেষণাৰ বাতৰি পোৱা গৈছে। তাতেই উল্লেখ কৰা হৈছে সেই বেক্টেৰিয়াৰ কথা।

গৱেষকসকলে আশংকা কৰিছে যে এই বেক্টেৰিয়াটো মূলতঃ আমেৰিকাৰ পূব উপকূলত পোৱা গৈছে। ২০৪১ চনৰ পৰা ২০৬০ চনৰ ভিতৰত নিউ জাৰ্চি আৰু নিউয়ৰ্কত এই বেক্টেৰিয়াৰ প্ৰাধান্য দেখা যাব বুলিও গৱেষকসকলে আশংকা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস