--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক অশ্লীল ভাষাৰে আক্ৰমণ কৰি পুনৰ শিৰোনাম দখল কৰিছে ডনাল্ড ট্ৰাম্পে। পৰ্ণ ষ্টাৰক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখীন হয় আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী।

তাত তেওঁ দাবী কৰে যে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত আমেৰিকাৰ গুৰুত্ব কমি আহিছে। তাতে তেওঁ এটা বিতৰ্কিত মন্তব্য কৰি কয় যে- “মোৰ বন্ধু মেক্ৰনে এতিয়া চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ পশ্বাদেশত চুমা খাইছে।”

এই অশ্লীল মন্তব্যক লৈ হুলস্থুলৰ সৃষ্টি হৈছে। ট্ৰাম্পে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক লৈ ঠাট্টা-মস্কৰা কৰিলেও তেওঁৰ ‘বন্ধু’ বুলিও সম্বোধন কৰে।
 
উল্লেখ্য যে কিছুদিন পূৰ্বে মেক্ৰনে চীন ভ্ৰমণ কৰিছিল। চীন ভ্ৰমণৰ পিছৰে পৰা ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে কয় যে ইউৰোপীয় দেশসমূহৰ বৈদেশিক নীতি আমেৰিকাৰ বৈদেশিক নীতিৰ দ্বাৰা পৰিচালিত হ’ব নালাগে।

সাধাৰণতে ফ্ৰান্সক আমেৰিকাৰ ‘মিত্ৰ দেশ’ বুলি জনা যায়। কিন্তু মেক্ৰনৰ এই মন্তব্যৰ পিছতে আৰম্ভ হ’ল নতুন জল্পনা-কল্পনা। ফ্ৰান্সে আমেৰিকাৰ সৈতে বন্ধুত্ব বজাই ৰাখিবলৈ অনিচ্ছুক নেকি বুলিও প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে।

সংবাদ মাধ্যমৰ সন্মুখীন হোৱাৰ পাছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে টাইৱানক লৈ ৱাশ্বিংটন আৰু বেইজিঙৰ মাজত সংঘাত চলি থাকিলেও ইউৰোপীয় দেশসমূহে ইয়াত হস্তক্ষেপ কৰা উচিত নহয়। মেক্ৰনে লগতে কয় যে তেওঁ চীনৰ সৈতে টাইৱানৰ বিষয়ে কথা পাতিছিল।

যদিও চীনে টাইৱানক নিজৰ মূল ভূখণ্ডৰ অবিচ্ছেদ্য অংগ বুলি গণ্য কৰে, তথাপিও আমেৰিকাই দ্বীপটোৰ স্বায়ত্তশাসনক সদায় সমৰ্থন কৰি আহিছে। এই পৰিস্থিতিত বহুতে ফ্ৰান্সৰ এই সুৰৰ পৰিৱৰ্তনক উল্লেখযোগ্য বুলি গণ্য কৰে। সেইবাবেই ট্ৰাম্পে বিশ্ব ৰাজনীতিত আমেৰিকাৰ গুৰুত্ব হ্ৰাস পাইছে বুলি কটাক্ষ কৰিছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা