--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক অশ্লীল ভাষাৰে আক্ৰমণ কৰি পুনৰ শিৰোনাম দখল কৰিছে ডনাল্ড ট্ৰাম্পে। পৰ্ণ ষ্টাৰক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখীন হয় আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী।

তাত তেওঁ দাবী কৰে যে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত আমেৰিকাৰ গুৰুত্ব কমি আহিছে। তাতে তেওঁ এটা বিতৰ্কিত মন্তব্য কৰি কয় যে- “মোৰ বন্ধু মেক্ৰনে এতিয়া চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ পশ্বাদেশত চুমা খাইছে।”

এই অশ্লীল মন্তব্যক লৈ হুলস্থুলৰ সৃষ্টি হৈছে। ট্ৰাম্পে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক লৈ ঠাট্টা-মস্কৰা কৰিলেও তেওঁৰ ‘বন্ধু’ বুলিও সম্বোধন কৰে।
 
উল্লেখ্য যে কিছুদিন পূৰ্বে মেক্ৰনে চীন ভ্ৰমণ কৰিছিল। চীন ভ্ৰমণৰ পিছৰে পৰা ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে কয় যে ইউৰোপীয় দেশসমূহৰ বৈদেশিক নীতি আমেৰিকাৰ বৈদেশিক নীতিৰ দ্বাৰা পৰিচালিত হ’ব নালাগে।

সাধাৰণতে ফ্ৰান্সক আমেৰিকাৰ ‘মিত্ৰ দেশ’ বুলি জনা যায়। কিন্তু মেক্ৰনৰ এই মন্তব্যৰ পিছতে আৰম্ভ হ’ল নতুন জল্পনা-কল্পনা। ফ্ৰান্সে আমেৰিকাৰ সৈতে বন্ধুত্ব বজাই ৰাখিবলৈ অনিচ্ছুক নেকি বুলিও প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে।

সংবাদ মাধ্যমৰ সন্মুখীন হোৱাৰ পাছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে টাইৱানক লৈ ৱাশ্বিংটন আৰু বেইজিঙৰ মাজত সংঘাত চলি থাকিলেও ইউৰোপীয় দেশসমূহে ইয়াত হস্তক্ষেপ কৰা উচিত নহয়। মেক্ৰনে লগতে কয় যে তেওঁ চীনৰ সৈতে টাইৱানৰ বিষয়ে কথা পাতিছিল।

যদিও চীনে টাইৱানক নিজৰ মূল ভূখণ্ডৰ অবিচ্ছেদ্য অংগ বুলি গণ্য কৰে, তথাপিও আমেৰিকাই দ্বীপটোৰ স্বায়ত্তশাসনক সদায় সমৰ্থন কৰি আহিছে। এই পৰিস্থিতিত বহুতে ফ্ৰান্সৰ এই সুৰৰ পৰিৱৰ্তনক উল্লেখযোগ্য বুলি গণ্য কৰে। সেইবাবেই ট্ৰাম্পে বিশ্ব ৰাজনীতিত আমেৰিকাৰ গুৰুত্ব হ্ৰাস পাইছে বুলি কটাক্ষ কৰিছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস