--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দেশৰ বহু ঠাইত তাপমাত্ৰা বৃদ্ধি পোৱা পৰিলক্ষিত হয়। উষ্ণতা বৃদ্ধি হোৱা দেখি অনাগত দিনত ভয়াৱহ গ্ৰীষ্মপ্ৰবাহৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি অনুমান কৰা হৈছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে এই গ্ৰীষ্ম প্ৰবাহ সন্দৰ্ভত এক সতৰ্কবাণীও জাৰি কৰিছে। বিভাগটোৰ তথ্য অনুসৰি চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গৰমে যোৱা ১২২ বছৰৰ অভিলেখ ভংগ কৰিছে। ফেব্ৰুৱাৰী মাহত প্ৰায়ে মৃদু ঠাণ্ডা অনুভৱ কৰা হয় যদিও এইবাৰ আগতীয়াকৈ গৰম পৰা পৰিলক্ষিত হয়, যিটো চিন্তনীয় কথা। যদি ফেব্ৰুৱাৰী মাহত গ্ৰীষ্মকালৰ অৱস্থা এনেকুৱা হয়, তেন্তে মে’-জুন কিমান কঠিন হ’ব সেই কথা অনুমান কৰিব পৰা নাযায়। সেয়েহে উষ্ণতা বৃদ্ধিৰ প্ৰভাৱৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানো আহক।

১. গৰমৰদিনত উচ্চ প্ৰটিনযুক্ত খাদ্য খোৱা আৰু ৰন্ধা পৰা বিৰত থাকক।

২. বিশেষকৈ দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত প্ৰচণ্ড ৰ’দৰ পোহৰত ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থকা উচিত।

৩. পিয়াহ নাথাকিলেও পৰ্যাপ্ত পৰিমাণৰ পানী খাবলৈ নাপাহৰিব।

৪. গ্ৰীষ্মকালত পানীলগাৰ পৰা হাত সাৰিবলৈ লেমনেড, দৈ, লাচিৰ লগতে ফলৰ ৰস যথেষ্ট পৰিমাণে খাওক।

৫. অধিক পানীযুক্ত ফল যেনে-তৰমুজ, নেমু, কমলা আদি সেৱন কৰক।

৬. পাতল ৰঙৰ আৰু ঢিলা কপাহী কাপোৰ পৰিধান কৰক।

৭. খালী ভৰিৰে বাহিৰলৈ যোৱাৰ পৰা বিৰত থাকিব লাগে। বাহিৰলৈ বা মুকলি ৰ’দত যাওঁতে ছাতি, টুপী, টাৱেল বা যিকোনো বস্তুৰে মূৰটো ঢাকি ৰাখক।

৮. গৰমৰ চাপৰ লক্ষণ, যেনে-মূৰ ঘূৰোৱা, মূৰ্চ্ছা যোৱা, বমি হোৱা, মূৰৰ বিষ, অত্যধিক পিয়াহ, গাঢ় হালধীয়া প্ৰস্ৰাৱ, প্ৰস্ৰাৱ কমি যোৱা, উশাহ-নিশাহৰ গতি বৃদ্ধি আৰু হৃদস্পন্দন আদিৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে।

৯. ৰখাই থোৱা বাহনত শিশু আৰু পোহনীয়া জন্তুবোৰক অকলে এৰি নিদিব, কিয়নো গাড়ীৰ ভিতৰৰ উষ্ণতা বৃদ্ধি হৈ বিপজ্জনক পৰিস্থিতিৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

১০. ৰ’দত ওলাই যোৱাৰ আগতে ছানস্ক্ৰীণ ব্যৱহাৰ কৰাটো নিশ্চিত কৰক আৰু নিয়মিতভাৱে প্ৰয়োগ কৰি থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল