--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দেশৰ বহু ঠাইত তাপমাত্ৰা বৃদ্ধি পোৱা পৰিলক্ষিত হয়। উষ্ণতা বৃদ্ধি হোৱা দেখি অনাগত দিনত ভয়াৱহ গ্ৰীষ্মপ্ৰবাহৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি অনুমান কৰা হৈছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে এই গ্ৰীষ্ম প্ৰবাহ সন্দৰ্ভত এক সতৰ্কবাণীও জাৰি কৰিছে। বিভাগটোৰ তথ্য অনুসৰি চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গৰমে যোৱা ১২২ বছৰৰ অভিলেখ ভংগ কৰিছে। ফেব্ৰুৱাৰী মাহত প্ৰায়ে মৃদু ঠাণ্ডা অনুভৱ কৰা হয় যদিও এইবাৰ আগতীয়াকৈ গৰম পৰা পৰিলক্ষিত হয়, যিটো চিন্তনীয় কথা। যদি ফেব্ৰুৱাৰী মাহত গ্ৰীষ্মকালৰ অৱস্থা এনেকুৱা হয়, তেন্তে মে’-জুন কিমান কঠিন হ’ব সেই কথা অনুমান কৰিব পৰা নাযায়। সেয়েহে উষ্ণতা বৃদ্ধিৰ প্ৰভাৱৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানো আহক।

১. গৰমৰদিনত উচ্চ প্ৰটিনযুক্ত খাদ্য খোৱা আৰু ৰন্ধা পৰা বিৰত থাকক।

২. বিশেষকৈ দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত প্ৰচণ্ড ৰ’দৰ পোহৰত ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থকা উচিত।

৩. পিয়াহ নাথাকিলেও পৰ্যাপ্ত পৰিমাণৰ পানী খাবলৈ নাপাহৰিব।

৪. গ্ৰীষ্মকালত পানীলগাৰ পৰা হাত সাৰিবলৈ লেমনেড, দৈ, লাচিৰ লগতে ফলৰ ৰস যথেষ্ট পৰিমাণে খাওক।

৫. অধিক পানীযুক্ত ফল যেনে-তৰমুজ, নেমু, কমলা আদি সেৱন কৰক।

৬. পাতল ৰঙৰ আৰু ঢিলা কপাহী কাপোৰ পৰিধান কৰক।

৭. খালী ভৰিৰে বাহিৰলৈ যোৱাৰ পৰা বিৰত থাকিব লাগে। বাহিৰলৈ বা মুকলি ৰ’দত যাওঁতে ছাতি, টুপী, টাৱেল বা যিকোনো বস্তুৰে মূৰটো ঢাকি ৰাখক।

৮. গৰমৰ চাপৰ লক্ষণ, যেনে-মূৰ ঘূৰোৱা, মূৰ্চ্ছা যোৱা, বমি হোৱা, মূৰৰ বিষ, অত্যধিক পিয়াহ, গাঢ় হালধীয়া প্ৰস্ৰাৱ, প্ৰস্ৰাৱ কমি যোৱা, উশাহ-নিশাহৰ গতি বৃদ্ধি আৰু হৃদস্পন্দন আদিৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে।

৯. ৰখাই থোৱা বাহনত শিশু আৰু পোহনীয়া জন্তুবোৰক অকলে এৰি নিদিব, কিয়নো গাড়ীৰ ভিতৰৰ উষ্ণতা বৃদ্ধি হৈ বিপজ্জনক পৰিস্থিতিৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

১০. ৰ’দত ওলাই যোৱাৰ আগতে ছানস্ক্ৰীণ ব্যৱহাৰ কৰাটো নিশ্চিত কৰক আৰু নিয়মিতভাৱে প্ৰয়োগ কৰি থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন