--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ফিফা বিশ্বকাপত ভাৰতৰ হৈ পৰিবেশন কৰা নোৰাই নিজৰ প্ৰচণ্ড প্ৰদৰ্শনেৰে সকলোৰে হৃদয় জয় কৰিলে। নোৰাআ লুকৰ পৰা আৰম্ভ কৰি ড্ৰেছলৈকে বৰ্তমান চৰ্চাত। কিন্তু বিশেষ কাৰণত ট্ৰ’লৰ টাৰ্গেটলৈ আহিছে নোৰা। মঞ্চত নৃত্য প্ৰদৰ্শন কৰি থাকোঁতে তেওঁ যিদৰে হাতত জাতীয় পতাকাখন লৈ নৃত্য প্ৰদৰ্শন কৰিছিল তাক লৈ আৰম্ভ হৈছে ট্ৰলিং। হয় এতিয়া যেন  নোৰা বিপদত। জাতীয় পতাকা অসন্মান কৰাৰ অভিযোগ স্পষ্টভাৱে নোৰাৰ ওপৰত।


Nora Fatehi gets slammed for holding Indian flag 'upside down' at FIFA  Fanfest - YouTube

নোৰাৰ বিৰুদ্ধে কিয় এনে অভিযোগ ?
আচলতে নোৰাই মঞ্চত নৃত্য প্ৰদৰ্শন কৰি থাকোঁতে তলৰ পৰা জাতীয় পতাকাখন পেলাই দিয়া হৈছিল, যিখন‌মঞ্চত পৰিল, তাৰ পাছত নোৰাই পতাকাখন তুলি লৈ ওলোটাকৈ জোকাৰিবলৈ ধৰিলে। কেৱল এয়াই নহয়, কোৱা হৈছে যে তেওঁ জাতীয় পতাকা উত্তোলন কৰাৰ শৈলীও একেবাৰে শোচনীয়, যেন হাতত এখন চূৰ্ণী লৈ জোঁকাৰি আছে। যাৰ বাবেই নোৰা এতিয়া বিতৰ্কৰ মাজলৈ আহিছে। এই ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত অহাৰ লগে লগে ভাইৰেল হ’বলৈ বেছি সময় নালাগিল আৰু এতিয়া মানুহে ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰাৰ সুযোগ এৰি দিয়া নাই। অৱশ্যে আৰম্ভণিতে ভাৰতৰ প্ৰতি তেওঁৰ প্ৰেম দেখি মানুহে তেওঁক প্ৰশংসা কৰি ভাগৰি পৰা নাছিল।

কানাডাত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছিল নোৰা। নোৰা ফাতেহী মৰক্কোৰ পৰিয়ালৰ যদিও তেওঁৰ জন্ম আৰু ডাঙৰ-দীঘল কানাডাত। তেওঁৰ পৰিয়ালে মৰক্কোৰ আচাৰ-ব্যৱহাৰ অনুসৰি সন্তান ডাঙৰ-দীঘল কৰিছিল যদিও বলীউডৰ প্ৰতি তেওঁৰ সদায় প্ৰৱণতা আছিল, সেয়েহে তেওঁ কম বয়সতে সিদ্ধান্ত লৈছিল যে তেওঁ কি কৰিব লাগিব। তেওঁ ভাৰতলৈ আহিছিল কেৱল নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ। য'ত বহু বছৰৰ সংগ্ৰামৰ অন্তত আজি নোৰা এনে এটা পৰ্যায়ত উপনীত হৈছে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা