--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানক কাষত পাই উল্লাসিত হৈ পৰিল হলিউডৰ এগৰাকী নামজ্বলা অভিনেত্ৰী। শেহতীয়াকৈ শ্বাহৰুখে চৌদী আৰৱিয়াৰ জেদ্দাহত অনুষ্ঠিত ৰেড ছী ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত অংশ লয়। শ্বাহৰুখৰ উপৰিও বলিউডৰ প্ৰিয়ংকা চোপ্ৰা, কাজল আৰু এ আৰ ৰহমানো তাত উপস্থিত আছিল।

অনুষ্ঠানত শ্বাহৰুখে হলিউডৰ অভিনেত্ৰী শ্বাৰ’ন ষ্ট’নৰ কাষত বহে। যেতিয়া অনুষ্ঠানটোৰ ঘোষকে শ্বাহৰুখ খানৰ নাম লয়, তেতিয়া শ্বাৰ’ণ ষ্ট’ন হতবাক হৈ পৰে। কৈ উঠে- “হে ভগৱান, এইজনেই শ্বাহৰুখ খান!’ শ্বাৰ’নৰ এই প্ৰতিক্ৰিয়াৰ প্ৰত্যুত্তৰ হিচাপে শ্বাহৰুখে অভিনেত্ৰীগৰাকীক ‘নমস্তে’ বুলি কয়। সমগ্ৰ মুহূৰ্তটোৰ ভিডিঅ’ই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে শ্বাৰ’ন ষ্ট’ন হৈছে ৯০ দশকত হলিউডত তোলপাৰ লগোৱা এগৰাকী অভিনেত্ৰী। যিসকলে বেচিক ইনষ্টিংক্ট, কেছিন’ৰ দৰে ছৱিসমূহ উপভোগ কৰিছে, তেওঁলোকৰ বাবে শ্বাৰ’ন ষ্ট’ন চিনাকি নাম। হলিউডৰ অন্যতম যৌন আবেদময়ী তাৰকা হিচাপে শ্বাৰণক কোৱা হয়।

আনহাতে, উক্ত অনুষ্ঠানটোত শ্বাহৰুখক বিশেষভাৱে সন্মানিত কৰা হয়। অনুষ্ঠানত আৰবিক ভাষাত তেওঁ বক্তৃতাও প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক