--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পথেৰ পাঁচালী। সত্যজিৎ ৰায়ৰ এই কালজয়ী ছৱিখনে আন এক স্বীকৃতি লাভ কৰিছে। প্ৰসিদ্ধ ব্ৰিটিছ চলচ্চিত্ৰ আলোচনী ‘চাইট এণ্ড চাউণ্ড’ৰ সমীক্ষা অনুসৰি বিশ্বৰ অনত্যম শ্ৰেষ্ঠ ছৱি হিচাপে পৰগণিত হৈছে পথেৰ পাঁচালীয়ে।

আলোচনীখনৰ সমীক্ষাটোত পথেৰ পাঁচালীয়ে একমাত্ৰ ভাৰতীয় ছৱি হিচাপে স্থান লাভ কৰিছে। সমীক্ষাটোত বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ চিনেমা হিচাপে ৩৫ সংখ্যক স্থান লাভ কৰিছে সত্যজিৎ ৰায়ৰ অমৰ সৃষ্টি ‘পথেৰ পাঁচালী’য়ে। 

উল্লেখ্য যে ১৯৫৫ চনত মুক্তি লাভ কৰা পথেৰ পাঁচালীৰ আজিও সমাদৰ অনন্য। ছৱিখনক স্বাধীনোত্তৰ ভাৰতৰ দলিল বুলি ক’ব পাৰি। ছৱিখনৰ চৰিত্ৰসমূহ আজিও চিৰসেউজ হৈ আছে। কেৱল ভাৰতীয় দৰ্শকেই নহয়, বিদেশৰ দৰ্শককো পথেৰ পাঁচালীয়ে চুই যায়।

আনহাতে, ‘চাইট এণ্ড চাউণ্ড’ আলোচনীখন নব্বৈ বছৰ ধৰি প্ৰকাশ হৈ আছে। ব্ৰিটিছ ফিল্ম ইনষ্টিউটে প্ৰকাশ কৰি অহা আলোচনীখনত বিশ্বৰ চিনেমাজগতৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়।

শেহতীয়াকৈও বিশ্বৰ ১০০ খন শ্ৰেষ্ঠ চিনেমাৰ সমীক্ষা প্ৰকাশ কৰিছে আলোচনীখনে। সমীক্ষাটোত অংশ লৈছে ডেৰ হাজাৰৰো বেছি চলচ্চিত্ৰ সমালোচক, দৰ্শক আৰু চিনেমাৰ স’তে জড়িত বিশিষ্ট ব্যক্তিসকলে।

১০০ খন বিশ্বৰ শ্ৰেষ্ঠ চিনেমাৰ শীৰ্ষত আছে ফৰাচী পৰিচালক চাণ্টাল আকেৰমানৰ ছৱি ‘জেন ডিয়েলমেন ২৩ কোৱাই দু কমাৰ্চ ১০৮০ ব্ৰাক্সেলছ’ নামৰ ছৱিখন। দ্বিতীয় স্থানত আছে আলফ্ৰেড হিচককৰ বহুচৰ্চিত ‘ভাৰ্টিগো’। তৃতীয় স্থানত আছে জাপানৰ প্ৰসিদ্ধ পৰিচালক ইয়াচুজিৰো অজুৰ ‘টকিঅ’ ষ্ট’ৰী’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক