--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই সময়ত সমগ্ৰ দেশ যেন ৰাম ভক্তিত নিমগ্ন হৈ পৰিছে। অযোধ্যাত কেতিয়া ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব সেই মুহূৰ্তলৈ সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে। বছৰ বছৰ ধৰি ৰামভক্তই সপোন দেখি থকা ৰাম মন্দিৰৰ সপোন এতিয়া বাস্তৱ হোৱাৰ উপক্ৰম হৈছে। 

২২ জানুৱাৰীত অযোধ্যাত নিৰ্মিত ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব। প্ৰভু ৰামৰ প্ৰতি ভক্তিৰ আভাস কেৱল মানুহৰ মাজতে নহয়, জীৱ-জন্তুৰ মাজতো দেখা যায়। আজি আমি আপোনালোকক চিনাকি কৰাই দিম এনে এজন ৰাম ভক্তৰ সৈতে, যাৰ ভক্তি দেখি সকলোৱে আচৰিত হয়। যোৱা ২২ বছৰে এইগৰাকী ৰামভক্তই তপস্যাত নিয়োজিত হৈ প্ৰতিদিনে ৰামলালাৰ প্ৰদক্ষিণ কৰে। গতিকে সেই মহান ৰাম ভক্তৰ বিষয়ে জানো আহক।

আমি যি ৰাম ভক্তৰ কথা কৈছো। সেয়া এজনী গাই গাৰু। তাইৰ নাম সৰযু। হয়, আপুনি ঠিকেই শুনিছে, যোৱা ২২ বছৰ ধৰি গোমাতা সৰযুৱে তপস্যা কৰি প্ৰতিদিনে ভগৱান ৰামৰ প্ৰতি ভক্তি দেখুৱাই আহিছে। কেৱল এয়াই নহয়, শ্যাম একাদশীৰ দিনাও সৰযুৱে ব্ৰত ৰাখে। একাদশীৰ দিনা গোমতা সৰযুৰ জন্ম হৈছিল। অযোধ্যাৰ ৰং মহলত সৰযুৱে বাস কৰে আৰু যোৱা ২২ বছৰে প্ৰতিদিনে ৰামলালাক প্ৰদক্ষিণ কৰে আৰু প্ৰদক্ষিণ সম্পূৰ্ণ কৰাৰ পিছত ভগৱান ৰামৰ ফালে একান্ত মনে মূৰ তুলি থিয় হৈ ৰয়। 

সৰযুৰ ৰামভক্তিয়ে সকলোকে আচৰিত কৰি আহিছে। ৰামক প্ৰাৰ্থনা কৰিবলৈকে যেন জন্ম হৈছে এই গোমাতাৰ, সেই বিশ্বাস কৰে অঞ্চলবাসীয়ে।

উল্লেখ্য যে বহু অপেক্ষা আৰু সংগ্ৰামৰ অন্তত অযোধ্যামত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে। ভগৱান ৰামৰ মন্দিৰ সম্পূৰ্ণ সাজু হৈছে আৰু ২০২৪ চনৰ ২২ জানুৱাৰীত উদ্বোধন কৰা হ’ব। নতুন ৰাম মন্দিৰত ৰামলালাৰ অভিষেক চাবলৈ সমগ্ৰ দেশবাসী আগ্ৰহী। এই বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি দেশৰ বহু ভিভিআইপি লোকে অংশগ্ৰহণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু