--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই সময়ত সমগ্ৰ দেশ যেন ৰাম ভক্তিত নিমগ্ন হৈ পৰিছে। অযোধ্যাত কেতিয়া ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব সেই মুহূৰ্তলৈ সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে। বছৰ বছৰ ধৰি ৰামভক্তই সপোন দেখি থকা ৰাম মন্দিৰৰ সপোন এতিয়া বাস্তৱ হোৱাৰ উপক্ৰম হৈছে। 

২২ জানুৱাৰীত অযোধ্যাত নিৰ্মিত ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব। প্ৰভু ৰামৰ প্ৰতি ভক্তিৰ আভাস কেৱল মানুহৰ মাজতে নহয়, জীৱ-জন্তুৰ মাজতো দেখা যায়। আজি আমি আপোনালোকক চিনাকি কৰাই দিম এনে এজন ৰাম ভক্তৰ সৈতে, যাৰ ভক্তি দেখি সকলোৱে আচৰিত হয়। যোৱা ২২ বছৰে এইগৰাকী ৰামভক্তই তপস্যাত নিয়োজিত হৈ প্ৰতিদিনে ৰামলালাৰ প্ৰদক্ষিণ কৰে। গতিকে সেই মহান ৰাম ভক্তৰ বিষয়ে জানো আহক।

আমি যি ৰাম ভক্তৰ কথা কৈছো। সেয়া এজনী গাই গাৰু। তাইৰ নাম সৰযু। হয়, আপুনি ঠিকেই শুনিছে, যোৱা ২২ বছৰ ধৰি গোমাতা সৰযুৱে তপস্যা কৰি প্ৰতিদিনে ভগৱান ৰামৰ প্ৰতি ভক্তি দেখুৱাই আহিছে। কেৱল এয়াই নহয়, শ্যাম একাদশীৰ দিনাও সৰযুৱে ব্ৰত ৰাখে। একাদশীৰ দিনা গোমতা সৰযুৰ জন্ম হৈছিল। অযোধ্যাৰ ৰং মহলত সৰযুৱে বাস কৰে আৰু যোৱা ২২ বছৰে প্ৰতিদিনে ৰামলালাক প্ৰদক্ষিণ কৰে আৰু প্ৰদক্ষিণ সম্পূৰ্ণ কৰাৰ পিছত ভগৱান ৰামৰ ফালে একান্ত মনে মূৰ তুলি থিয় হৈ ৰয়। 

সৰযুৰ ৰামভক্তিয়ে সকলোকে আচৰিত কৰি আহিছে। ৰামক প্ৰাৰ্থনা কৰিবলৈকে যেন জন্ম হৈছে এই গোমাতাৰ, সেই বিশ্বাস কৰে অঞ্চলবাসীয়ে।

উল্লেখ্য যে বহু অপেক্ষা আৰু সংগ্ৰামৰ অন্তত অযোধ্যামত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে। ভগৱান ৰামৰ মন্দিৰ সম্পূৰ্ণ সাজু হৈছে আৰু ২০২৪ চনৰ ২২ জানুৱাৰীত উদ্বোধন কৰা হ’ব। নতুন ৰাম মন্দিৰত ৰামলালাৰ অভিষেক চাবলৈ সমগ্ৰ দেশবাসী আগ্ৰহী। এই বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি দেশৰ বহু ভিভিআইপি লোকে অংশগ্ৰহণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক