--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকাশ্মীৰত শীঘ্ৰে বিধানসভা নিৰবাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ক্ৰমাৎ প্ৰকট হৈ পৰিছে। উপত্যকাটোত বিজেপিক প্ৰতিহত কৰিবলৈ গঠন হোৱা গুপকাৰ মিত্ৰজোঁটকলৈ নানান ধৰণৰ জল্পনা-কল্পনা চলি থকাৰ মাজতে হঠাতে গুপকাৰ মিত্ৰজোঁট ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে ওমৰ আব্দুল্লাৰ নেচনেল কনফাৰেন্সে।নেচনেল কনফাৰেন্সে জম্মু-কাশ্মীৰত পিপলছ এলায়েন্স ফৰ গুপকাৰ ডিক্লেৰেচন (পিএজিডি)ৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত ঘোষণা কৰিছে। 

দলটোৰ  প্ৰাদেশিক সমিতিৰ এখন বৈঠক উপ-সভাপতি ওমৰ আব্দুল্লাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল। বৈঠকৰ পিছতে দলটোৱে এক বিবৃতি প্ৰকাশ কৰিছে। বিবৃতিটোত কোৱা হৈছে যে  নেচনেল কনফাৰেন্সে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত নিজাববীয়াকৈ ৯০ খন আসনত প্ৰতিদ্বন্দিতা কৰিব। 

পিডিপি নেতা মেহবুবা মুফতি আৰু নেচনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লাই জুলাইত কুপৱাৰাত এখন সংবাদমেল অনুষ্ঠিত কৰিছিল আৰু কৈছিল যে পিএজিডিৰ দলসমূহে ঐক্যবদ্ধভাৱে নিৰ্বাচনত যুঁজিব। অৱশ্যে শেহতীয়া  বৈঠকৰ পিছত নেচনেল কনফাৰেন্সে কৈছে  যে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ সামগ্ৰিক ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা কৰাৰ অন্তত তেওঁলোকে গুপকাৰ মিত্ৰতা ত্যাগ কৰাৰ সিদ্ধান্ত লয়।উল্লেখ্য কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত এয়াই হ’ব বিধানসভাৰ প্ৰথম নিৰ্বাচন।

২০২১ চনত কাশ্মীৰত জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল।উক্ত নিৰ্বাচনত গুপকাৰ মিত্ৰজোঁটে ১০০ খনৰো অধিক আসন লাভ কৰাৰ লগতে বিজেপিয়ে লাভ কৰিছিল ৭৪ খন আসন।উক্ত নিৰ্বাচনত কাশ্মীৰত বিজেপিয়ে অভাৱনীয় সফলতা লাভ কৰাৰ পিছতে সেয়ে হয়তো কেন্দ্ৰই ৰাজ্য খনত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আগ্ৰহী হৈ উঠিছে।

ইপিনে দিল্লীৰ সৈতে এঘৰী যুঁজাৰ বাবে সাজু হোৱা কাশ্মীৰ উপত্যকাৰ ছটাকৈ বিৰোধী ৰাজনৈতিক দলৰ মাজত ভাঙন আৰম্ভ হোৱাত উপত্যকাটোৰ ৰাজনীতিয়ে নতুন পাক লৈছে।কাশ্মীৰত পুনৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰৱৰ্তন কৰাৰ দাবীৰে ঐক্যৱদ্ধ হোৱা দল কেইটাই এইবুলি অভিযোগ কৰি আহিছে যে ২০১৯ চনৰ ৫ আগষ্টৰ দিনা কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদৰ লগতে ৩৫(ক) অনুচ্ছেদ বাতিল কৰি কাশ্মীৰী জনতাৰ অধিকাৰ কাঢ়ি নিছে।

কাশ্মীৰৰ জনতাক তেওঁলোকে হেৰুওৱা অধিকাৰ পুনৰ ঘূৰাই দিয়াৰ বাবেই কাশ্মীৰত শীঘ্ৰে সংবিধানৰ ৩৭০ আৰু ৩৫(ক) অনুচ্ছেদ প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰি আহিছে দল কেইটাই।

সংবিধানৰ ৩৭০ অনুচ্ছেদ বিলোপৰ বিৰুদ্ধে থিয় দিয়া ৬ টা দলৰ ভিতৰত দুটা সৰ্বভাৰতীয় দল ক্ৰমে কংগ্ৰেছ আৰু চিপিএমো আছে।

বিৰোধী ঐক্যত থকা আন দল কেইটা হৈছে ক্ৰমে নেচনেল কনফাৰেন্স,পিপ’লছ ডেম’ক্ৰেটিক পাৰ্টী,আৱামী নেছনেল কনফাৰেন্স আৰু জম্মু-কাশ্মীৰ পিপ’লছ কনফাৰেন্স। কিন্তু নেচনেল কনফাৰেন্সে আজি গুপকাৰ মিত্ৰজোঁটৰ পৰা ওলাই অহাত মিত্ৰজোঁটত থকা দলৰ সংখ্যা ৫ লৈ হ্ৰাস পালে।

উল্লেখ্য ২০১৮ চনত বিজেপিয়ে মেহবুবা মুফটিৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছৰে পৰা কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হোৱা নাই।











FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement