--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ বাবে মানুহে সকলো কৰিবলৈ প্ৰস্তুত থাকে। কিছুমানৰ বাবে নিজৰ জীৱনতকৈ প্ৰেম ডাঙৰ হৈ পৰে, সেয়েহে মৃত্যুৰ পথত ভৰি দিবলৈও কুণ্ঠাবোধ নকৰে। শেহতীয়াকৈ এক খবৰ পোহৰলৈ আহিছে য’ত আত্মহত্যা কৰিম বুলি প্ৰেমিকাক ভয় খুৱাবলৈ গৈ সঁচাকৈয়ে এজন লোকৰ মৃত্যু ঘটে। লোকজনে আত্মহত্যাৰ ভাও ধৰিছিল আৰু দুৰ্ভাগ্যজনকভাৱে সেই ভাও ধৰোতেই তেওঁৰ মৃত্যু হৈছিল। 

নিহত লোকজন ৪২ বছৰীয়া ৰাজা বুলি জানিব পৰা গৈছে। মৃত ৰাজা তামিলনাডুৰ ভেলোৰ জিলাৰ বাসিন্দা আছিল আৰু তেওঁ এজন গায়ক আছিল। 

ৰাজা এটা মিউজিক বেণ্ডৰ অংশ আছিল আৰু একেটা বেণ্ডতে কাম কৰা চিত্ৰা নামৰ এগৰাকী যুৱতীৰ সৈতে তেওঁৰ অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল। প্ৰেমিকাৰ সৈতে কাজিয়া লাগি প্ৰেমিক ৰাজাই আত্মহত্যা কৰাৰ অভিনয় কৰি থাকোতে সঁচাকৈ ডিঙিত ফাঁচ লাগি মৃত্যু হয়৷ এই সমগ্ৰ ঘটনাৰ দৃশ্য এটা ভিডিঅ’ত বন্দী হৈছে। ৰাজাই নিজেই ভিডিঅ’টো শ্বুটিং কৰি আছিল। ডিঙিত শাৰী এখন মেৰিয়াই আত্মহত্যাৰ অভিনয় কৰি থকাতে ভুলবশতঃ ৰাজাৰ ডিঙিত ফাঁচ লাগি যায়। 

কোঠাটোত প্ৰৱেশ কৰি চিত্ৰাই থতমত খাই ৰাজাৰ ডিঙিত মেৰিয়াই থোৱা কাপোৰখন উলিয়াবলৈ চেষ্টা কৰে। প্ৰেমিকাই ৰাজাৰ ডিঙিৰ ফাঁচটো এৰুৱাই বচাবলৈ চেষ্টা কৰাৰ লগতে আৰক্ষীকো খবৰ দিয়ে৷ আৰক্ষীয়ে ৰাজাক ততাতৈয়াকৈ ভেলোৰৰ চৰকাৰী চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। আৰক্ষীয়ে ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ৰাজাই এই সংসাৰত পত্নীৰ লগতে তিনি সন্তানক এৰি থৈ গৈছে। ঘটনাটোত শোকত ভাগি পৰিছে পত্নীৰ লগতে সন্তান তিনিটি। অবৈধ প্ৰেমৰ সম্পৰ্কই এনেদৰে সকলো ফালৰ শেষ কৰি দিয়ে বুলি বহু লোকেই মন্তব্য প্ৰকাশ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ