--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ বাবে মানুহে সকলো কৰিবলৈ প্ৰস্তুত থাকে। কিছুমানৰ বাবে নিজৰ জীৱনতকৈ প্ৰেম ডাঙৰ হৈ পৰে, সেয়েহে মৃত্যুৰ পথত ভৰি দিবলৈও কুণ্ঠাবোধ নকৰে। শেহতীয়াকৈ এক খবৰ পোহৰলৈ আহিছে য’ত আত্মহত্যা কৰিম বুলি প্ৰেমিকাক ভয় খুৱাবলৈ গৈ সঁচাকৈয়ে এজন লোকৰ মৃত্যু ঘটে। লোকজনে আত্মহত্যাৰ ভাও ধৰিছিল আৰু দুৰ্ভাগ্যজনকভাৱে সেই ভাও ধৰোতেই তেওঁৰ মৃত্যু হৈছিল। 

নিহত লোকজন ৪২ বছৰীয়া ৰাজা বুলি জানিব পৰা গৈছে। মৃত ৰাজা তামিলনাডুৰ ভেলোৰ জিলাৰ বাসিন্দা আছিল আৰু তেওঁ এজন গায়ক আছিল। 

ৰাজা এটা মিউজিক বেণ্ডৰ অংশ আছিল আৰু একেটা বেণ্ডতে কাম কৰা চিত্ৰা নামৰ এগৰাকী যুৱতীৰ সৈতে তেওঁৰ অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল। প্ৰেমিকাৰ সৈতে কাজিয়া লাগি প্ৰেমিক ৰাজাই আত্মহত্যা কৰাৰ অভিনয় কৰি থাকোতে সঁচাকৈ ডিঙিত ফাঁচ লাগি মৃত্যু হয়৷ এই সমগ্ৰ ঘটনাৰ দৃশ্য এটা ভিডিঅ’ত বন্দী হৈছে। ৰাজাই নিজেই ভিডিঅ’টো শ্বুটিং কৰি আছিল। ডিঙিত শাৰী এখন মেৰিয়াই আত্মহত্যাৰ অভিনয় কৰি থকাতে ভুলবশতঃ ৰাজাৰ ডিঙিত ফাঁচ লাগি যায়। 

কোঠাটোত প্ৰৱেশ কৰি চিত্ৰাই থতমত খাই ৰাজাৰ ডিঙিত মেৰিয়াই থোৱা কাপোৰখন উলিয়াবলৈ চেষ্টা কৰে। প্ৰেমিকাই ৰাজাৰ ডিঙিৰ ফাঁচটো এৰুৱাই বচাবলৈ চেষ্টা কৰাৰ লগতে আৰক্ষীকো খবৰ দিয়ে৷ আৰক্ষীয়ে ৰাজাক ততাতৈয়াকৈ ভেলোৰৰ চৰকাৰী চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। আৰক্ষীয়ে ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ৰাজাই এই সংসাৰত পত্নীৰ লগতে তিনি সন্তানক এৰি থৈ গৈছে। ঘটনাটোত শোকত ভাগি পৰিছে পত্নীৰ লগতে সন্তান তিনিটি। অবৈধ প্ৰেমৰ সম্পৰ্কই এনেদৰে সকলো ফালৰ শেষ কৰি দিয়ে বুলি বহু লোকেই মন্তব্য প্ৰকাশ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু