--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেন্নাই ছুপাৰ কিংছৰ হৈ ২০০ সংখ্যক মেচত নেতৃত্ব দিব মহেন্দ্ৰ সিং ধোনীয়ে। আই পি এলত বুধবাৰে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলিব চেন্নাই ছুপাৰ কিংছে। সেই মেচখনত টছৰ সময়ত ধোনীয়ে এটা মাইলৰ খুঁটি স্পৰ্শ কৰিব। ২০০ সংখ্যক মেচত তেওঁ নেতৃত্ব দিব।

এই অবিস্মৰণীয় মেচখনক লৈ উৎসাহ ব্যক্ত কৰিছে ধোনীৰ সতীৰ্থ ৰবীন্দ্ৰ জাদেজাই। তেওঁ মেচখন স্মৰণীয় কৰি তুলিব বিচাৰে।

উল্লেখ্য যে ২০০৮ চনৰ পৰা আৰম্ভ হৈছিল আই পি এল। তেতিয়াৰ পৰাই ধোনীয়ে চেন্নাই দলৰ অধিনায়ক হিচাপে কাম কৰি আহিছে। চেন্নাইক দুবছৰৰ বাবে আই পি এলৰ পৰা নিষিদ্ধ কৰাৰ সময়ত ধোনীয়ে আন এটা দলৰ হৈ খেলিছিল। যোৱা বছৰ তেওঁৰ সলনি জাদেজাক অধিনায়কৰ দায়িত্ব দিয়া হয়। কিন্তু জাডেজাক দায়িত্বৰ পৰা আঁতৰাই ধোনীক পুনৰ অধিনায়কৰ পদ দিয়া হয়।

২০০ তম মেচৰ আগমুহূৰ্তত জাদেজাই ক’লে, “ধোনী এজন কিংবদন্তি। কেৱল চেন্নাই ছুপাৰ কিংছ নহয়, ভাৰতীয় ক্ৰিকেটৰো কিংবদন্তি। ধোনীলৈ অভিনন্দন। আশাকৰোঁ ৰাজস্থানৰ বিৰুদ্ধে আমি জয়ী হ’ম। ধোনীয়ে অধিনায়ক হিচাপে ২০০ সংখ্যক মেচ খেলিব, জয় তেওঁৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ হ’ব পাৰে। আশাকৰোঁ আমি ধাৰাবাহিকভাৱে জয়ী হ'ব পাৰিম।"

চেন্নাই আৰু ৰাজস্থান দুয়োটা দলতে ভাল স্পিনাৰ আছে। চেন্নাইৰ খেলপথাৰত সহায় লাভ কৰিব স্পিনাৰে। জাদেজাই কয়- ‘দুয়োটা দলৰ স্পিনাৰৰ মাজত ভাল যুঁজ হ’ব। দুয়োটা দলৰ স্পিনাৰ আছে। আমি আমাৰ বেটিং ভালদৰে খেলিব লাগিব।’’

উল্লেখ্য চলিত চিজনত একেৰাহে দুখন মেচত জয়লাভ কৰি চেন্নাইয়ে ছন্দ লাভ কৰিছে। আনহাতে ৰাজস্থানেও শেষৰখন খেলত জয়লাভ কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে