--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেন্নাই ছুপাৰ কিংছৰ হৈ ২০০ সংখ্যক মেচত নেতৃত্ব দিব মহেন্দ্ৰ সিং ধোনীয়ে। আই পি এলত বুধবাৰে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলিব চেন্নাই ছুপাৰ কিংছে। সেই মেচখনত টছৰ সময়ত ধোনীয়ে এটা মাইলৰ খুঁটি স্পৰ্শ কৰিব। ২০০ সংখ্যক মেচত তেওঁ নেতৃত্ব দিব।

এই অবিস্মৰণীয় মেচখনক লৈ উৎসাহ ব্যক্ত কৰিছে ধোনীৰ সতীৰ্থ ৰবীন্দ্ৰ জাদেজাই। তেওঁ মেচখন স্মৰণীয় কৰি তুলিব বিচাৰে।

উল্লেখ্য যে ২০০৮ চনৰ পৰা আৰম্ভ হৈছিল আই পি এল। তেতিয়াৰ পৰাই ধোনীয়ে চেন্নাই দলৰ অধিনায়ক হিচাপে কাম কৰি আহিছে। চেন্নাইক দুবছৰৰ বাবে আই পি এলৰ পৰা নিষিদ্ধ কৰাৰ সময়ত ধোনীয়ে আন এটা দলৰ হৈ খেলিছিল। যোৱা বছৰ তেওঁৰ সলনি জাদেজাক অধিনায়কৰ দায়িত্ব দিয়া হয়। কিন্তু জাডেজাক দায়িত্বৰ পৰা আঁতৰাই ধোনীক পুনৰ অধিনায়কৰ পদ দিয়া হয়।

২০০ তম মেচৰ আগমুহূৰ্তত জাদেজাই ক’লে, “ধোনী এজন কিংবদন্তি। কেৱল চেন্নাই ছুপাৰ কিংছ নহয়, ভাৰতীয় ক্ৰিকেটৰো কিংবদন্তি। ধোনীলৈ অভিনন্দন। আশাকৰোঁ ৰাজস্থানৰ বিৰুদ্ধে আমি জয়ী হ’ম। ধোনীয়ে অধিনায়ক হিচাপে ২০০ সংখ্যক মেচ খেলিব, জয় তেওঁৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ হ’ব পাৰে। আশাকৰোঁ আমি ধাৰাবাহিকভাৱে জয়ী হ'ব পাৰিম।"

চেন্নাই আৰু ৰাজস্থান দুয়োটা দলতে ভাল স্পিনাৰ আছে। চেন্নাইৰ খেলপথাৰত সহায় লাভ কৰিব স্পিনাৰে। জাদেজাই কয়- ‘দুয়োটা দলৰ স্পিনাৰৰ মাজত ভাল যুঁজ হ’ব। দুয়োটা দলৰ স্পিনাৰ আছে। আমি আমাৰ বেটিং ভালদৰে খেলিব লাগিব।’’

উল্লেখ্য চলিত চিজনত একেৰাহে দুখন মেচত জয়লাভ কৰি চেন্নাইয়ে ছন্দ লাভ কৰিছে। আনহাতে ৰাজস্থানেও শেষৰখন খেলত জয়লাভ কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?
গোৱালপাৰা জিলাৰ দুধনৈত নিষিদ্ধ ড্ৰাগছ জব্দ
বাংলাদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা !
আমেৰিকাই ভাৰতত বিক্ৰী কৰিব বিচৰা 'নন-ভেজ মিল্ক' কি ?
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত