--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ যাবলৈ ইচ্ছুক নহয় ভাৰতীয় দল। তাত থকা নিৰাপত্তা ব্যৱস্থাৰ ওপৰত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ আস্থা নাই। বিচিচিআইৰ এই সিদ্ধান্তক সমালোচনা কৰে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক জাভেদ মিয়াদাঁদে। তেওঁৰ যুক্তি হ’ল কোনোবাই যদি মৰিবলৈ যায় তেন্তে তেওঁৰ মৃত্যু হ’বই।

মিয়াদাঁদৰ মতে, সুৰক্ষা কেতিয়াও ভ্ৰমণ নকৰাৰ কাৰণ হ’ব নালাগে। তেওঁ ক'লে- ''নিৰাপত্তাৰ কথা পাহৰি যাওক। আমি বিশ্বাস কৰোঁ, যদি কাৰোবাৰ মৃত্যু হ’বলগা থাকে, তেন্তে তেওঁলোকৰ মৃত্যু হ’বই। জীৱন আৰু মৃত্যু সকলো ঈশ্বৰৰ হাতত। আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰো।''

মিয়াদাঁদে ক'লে- "আজি যদি আমাক মাতে আমি নিশ্চয় যাম। মই বিচাৰো সকলো আহক। কথাটো হ’ল, শেষবাৰৰ বাবে আমি ভাৰত ভ্ৰমণলৈ গৈছিলো। তেতিয়াৰ পৰা ভাৰতীয় দলটো পাকিস্তানলৈ অহা নাই। কিন্তু এইবাৰ তেওঁলোকৰ অহাৰ পাল পৰিল।’’

অহা ছেপ্টেম্বৰ মাহত পাকিস্তানত অনুষ্ঠিত হ’ব এছিয়া কাপ। যোৱা টি-২০ বিশ্বকাপৰ সময়ত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে কয় যে ভাৰতীয় দলটোৱে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাযায়। প্রয়োজনত প্রতিযোগিতাৰ স্থান সলনি কৰা হ’ব৷

মিয়াদাঁদৰ মতে নিৰাপত্তা আচলতে ভাৰতীয় ব’ৰ্ডৰ অজুহাত। জন্ম-মৃত্যুৰ ওপৰত মানুহে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। কাৰ কি হ’ব কোনেও নাজানে। মৃত্যুক কোনেও ৰোধ কৰিব নোৱাৰে।

এক সাক্ষাৎকাৰত মিয়ান্দাদে এছিয়া কাপৰ সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ স্থিতিক সমালোচনা কৰি এই কথা কয়। মন কৰিব যে এছিয়ান ক্ৰিকেট কনফেডাৰেচনে এছিয়া কাপ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত এতিয়াও ঘোষণা কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ