--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ যাবলৈ ইচ্ছুক নহয় ভাৰতীয় দল। তাত থকা নিৰাপত্তা ব্যৱস্থাৰ ওপৰত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ আস্থা নাই। বিচিচিআইৰ এই সিদ্ধান্তক সমালোচনা কৰে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক জাভেদ মিয়াদাঁদে। তেওঁৰ যুক্তি হ’ল কোনোবাই যদি মৰিবলৈ যায় তেন্তে তেওঁৰ মৃত্যু হ’বই।

মিয়াদাঁদৰ মতে, সুৰক্ষা কেতিয়াও ভ্ৰমণ নকৰাৰ কাৰণ হ’ব নালাগে। তেওঁ ক'লে- ''নিৰাপত্তাৰ কথা পাহৰি যাওক। আমি বিশ্বাস কৰোঁ, যদি কাৰোবাৰ মৃত্যু হ’বলগা থাকে, তেন্তে তেওঁলোকৰ মৃত্যু হ’বই। জীৱন আৰু মৃত্যু সকলো ঈশ্বৰৰ হাতত। আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰো।''

মিয়াদাঁদে ক'লে- "আজি যদি আমাক মাতে আমি নিশ্চয় যাম। মই বিচাৰো সকলো আহক। কথাটো হ’ল, শেষবাৰৰ বাবে আমি ভাৰত ভ্ৰমণলৈ গৈছিলো। তেতিয়াৰ পৰা ভাৰতীয় দলটো পাকিস্তানলৈ অহা নাই। কিন্তু এইবাৰ তেওঁলোকৰ অহাৰ পাল পৰিল।’’

অহা ছেপ্টেম্বৰ মাহত পাকিস্তানত অনুষ্ঠিত হ’ব এছিয়া কাপ। যোৱা টি-২০ বিশ্বকাপৰ সময়ত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে কয় যে ভাৰতীয় দলটোৱে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাযায়। প্রয়োজনত প্রতিযোগিতাৰ স্থান সলনি কৰা হ’ব৷

মিয়াদাঁদৰ মতে নিৰাপত্তা আচলতে ভাৰতীয় ব’ৰ্ডৰ অজুহাত। জন্ম-মৃত্যুৰ ওপৰত মানুহে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। কাৰ কি হ’ব কোনেও নাজানে। মৃত্যুক কোনেও ৰোধ কৰিব নোৱাৰে।

এক সাক্ষাৎকাৰত মিয়ান্দাদে এছিয়া কাপৰ সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ স্থিতিক সমালোচনা কৰি এই কথা কয়। মন কৰিব যে এছিয়ান ক্ৰিকেট কনফেডাৰেচনে এছিয়া কাপ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত এতিয়াও ঘোষণা কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement