--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাচিকোক মনত আছেনে? অফিচলৈ যাওঁতে তেওঁ নিয়মিতভাৱে ৰেল ষ্টেচন পৰ্যন্ত মালিকক লগ দিছিল। অফিচৰ পৰা উভতি অহাৰ পথত তেওঁ মালিকৰ বাবে অপেক্ষা কৰিছিল। কিন্তু এদিন তেওঁ অফিচৰ পৰা উভতি নাহিল। হাচিকোৱে হেৰুৱালে নিজৰ বেষ্ট ফ্ৰেইণ্ডক। হাচিকো তাৰ পাছতো ৰেল ষ্টেচনৰ সন্মুখত ৰৈ থাকিছিল।

এই ঘটনাৰ আধাৰত ২০০৯ চনত এখন ছবিও মুক্তি পাইছিল। শেহতীয়াকৈ আমেৰিকাৰ ডেইজী উড্ৰাফৰ কাহিনীয়েও হাচিকোৰ কথা মনত পেলাই দিয়ে। হাচিকোৱে নিজৰ মালিকৰ বাবে অপেক্ষা কৰিলে, ডেইজীয়ে নিজৰ মৰা সন্তানৰ বাবে অপেক্ষা কৰিলে।

২০১৭ চনৰ ঘটনা। ডেইজীয়ে জন্ম দিলে সাতটা সন্তান। তেওঁ লেব্ৰাডৰ জাতৰ কুকুৰ। কুকুৰ পোৱালিকেইটা জন্ম দিয়াৰ পিছত তাই মালিকৰ গুদামঘৰত আশ্ৰয় লৈছিল।

৭টা সন্তান জন্ম দিয়াৰ তিনি সপ্তাহৰ পিছত সংঘটিত হয় এটি দুৰ্ঘটনা। ডেইজীৰ মালিক জেচিকা উড্ৰাফে এক সাক্ষাৎকাৰত এই ঘটনাৰ কথা উল্লেখ কৰে। জেচিকা আমেৰিকাৰ অৰেগনৰ ৰ’জবাৰ্গৰ বাসিন্দা।

২০১৭ চনৰ ২০ ফেব্ৰুৱাৰীত জেচিকাৰ ঘৰৰ গুদামত অগ্নিকাণ্ড সংঘটিত হয়। সেই সময়ত ডেইজী গুদামত নাছিল। কিন্তু  আবদ্ধ হৈ পৰিছিল তাইৰ সাতটা সন্তান।

গুদামটোত জুই লগাত ডেইজীয়ে জ্বলন্ত গুদামঘৰটোতে জপিয়াই পৰিবলৈ চেষ্টা কৰিছিল। জেচিকাই ক'লে, "কেনেবাকৈ ডেইজীক বাধা দিয়া হৈছিল। ইতিমধ্যে বহু দেৰি হৈ গ’ল।”

জেচিকাই কয় যে ডেইজীৰ সাতটা সন্তানৰ মৃত্যু হৈছিল এই জুইত। তেতিয়াৰ পৰাই ডেইজী মানসিকভাৱে সম্পূৰ্ণৰূপে ভাঙি গৈছিল। গুদামৰ সন্মুখত বহি ডেইজীয়ে চিঞৰি থাকে। জেচিকাই ক’লে যে কেতিয়াবা ডেইজীয়ে কেৱল গুদামটোলৈ চাই কান্দি থাকে।

জেচিকাই ডেইজীৰ কষ্ট আৰু সহ্য কৰিব নোৱাৰিলে। ডেইজীৰ মানসিক অৱস্থাৰ বিষয়ে তেওঁ ছচিয়েল মিডিয়াত লিখিছিল। জেচিকাই আন এটা কুকুৰ পোৱালি দত্তক লোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে।

জেচিকাই ভাবিছিল যে আন কুকুৰ পোৱালিৰ লগত থাকিলে ডেইজীৰ মানসিক অৱস্থা উন্নত হ’ব। ছ’চিয়েল মিডিয়াত জেচিকাৰ পোষ্ট দেখাৰ পিছত লৰ্না মাৰ্ফীয়ে জেচিকাৰ সৈতে যোগাযোগ কৰে।

পাঁচ বছৰীয়া ক্ল’য়ি আছিল লৰ্নাৰ পোহনীয়া জন্তু। আঠটা কুকুৰ পোৱালি জন্ম দিয়াৰ পিছতে মৃত্যু হয় ক্ল’য়িৰ। লৰ্ণাই ক’লে, কুকুৰ পোৱালিকেইটাই জন্মৰ পৰাই মাক নোহোৱাকৈয়ে দিন কটাবলগীয়া হৈছে।

জেচিকা আৰু লৰ্নাই সিদ্ধান্ত লয় যে ডেইজীয়ে আঠটা কুকুৰ পোৱালিৰ যত্ন ল’ব। প্ৰতিশ্ৰুতি অনুসৰি লৰ্ণাই কুকুৰ পোৱালিকেইটাক জেচিকাৰ ঘৰলৈ পঠিয়াই দিলে।

জেচিকাইকয় যে কুকুৰ পোৱালিকেইটা ডেইজীৰ ওচৰলৈ অনাৰ পিছত ডেইজীৰ আচৰণৰ নাটকীয় পৰিৱৰ্তন ঘটিছিল। ডেইজীয়ে কুকুৰ পোৱালিবোৰক নিজৰ সন্তানৰ দৰেই ব্যৱহাৰ কৰে।

ডেইজী আনন্দত আত্মহাৰা হৈ পৰিল, ঠিক যেনেকৈ নিজৰ সন্তানৰ দ্বাৰা বিধ্বস্ত হৈ পৰিল। এতিয়া ডেইজী আৰু আঠটা কুকুৰ পোৱালীয়ে সুখেৰে বাস কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ