--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক অদ্ভুত ডকাইতি কাণ্ডই এতিয়া বেছ চৰ্চা লাভ কৰিছে। দুজন ডকাইতে  ডকাইতি কৰিছিল এটা মোবাইল ফোন। দামী আইফোন বুলি ভাবি কাঢ়ি নিয়া  ফোনটো পিছে এণ্ড্ৰইড ফোনহে আছিল। সেয়ে ডকাইতে  সেই ফোনটো ৰাখি কোনো কামত নাহিব বুলি নিশ্চিত হৈছিল। ইয়াৰ পিছতে দুই ডকাইতে  স্পোৰ্টিং মাস্ক পৰিধান কৰি  ফোনৰ গৰাকীৰ কাষলৈ গৈ  স-সন্মানে এণ্ড্ৰইড ফোন ঘূৰাই দিয়ে । 

ডকাইতে হঠাতে আৱিষ্কাৰ কৰিলে যে তেওঁলোকে বন্দুক দেখুৱাই  কাঢ়ি নিয়া  ফোনটো তেওঁলোকৰ আকাংক্ষিত আইফোন নহয়। সেয়ে তেওঁলোকে  ফোনটোৰ গৰাকী  দম্পতীহালৰ কাষলৈ দৌৰি যায় আৰু এণ্ড্ৰইড ফোনটো ঘূৰাই দিয়ে। ঘটনাটো ঘটিছে ৱাশ্বিংটনত। ঘটনাটো সংঘটিত হৈছিল যোৱা মাহত। কিন্তু ঘটনাটোৰ কথা এতিয়াহে পোহৰলৈ আহিছে।  যোৱা মাহত এজন ব্যক্তি সশস্ত্ৰ চোৰৰ কবলত পৰিছিল। ডকাইতে তেওঁৰ গাড়ীৰ চাবি আৰু স্মাৰ্টফোন কাঢ়ি নিছিল।  ৰূপালী আৱৰণেৰে ঢকা  ফোনটো এণ্ড্ৰইড আছিল। কিন্তু ডকাইতে সেয়া আইফোন বুলি ভাবিছিল।তেওঁলোকে  ফোনটো ভালদৰে চাই সেয়া আইফোন নহয় বুলি নিশ্চিত হৈছিল আৰু লগে লগে লোকজনক ফোনটো ঘূৰাই দিছিল।

 এ.বি.চি.৭-ৰ প্ৰতিবেদন অনুসৰি ৱাশ্বিংটন, ডি.চি.-ৰ দম্পতীহালে এই ঘটনাটো প্ৰকাশ কৰিব বিচৰা নাছিল। অৱশ্যে শেষত ঘটনাটো পোহৰলৈ আহে। তেওঁলোকে গাড়ী খন পাৰ্কিং কৰাৰ পিছতে   বন্দুকেৰে সজ্জিত দুজন মুখাপিন্ধা ডকাইতৰ কবলত পৰে। মহিলাগৰাকীয়ে কয়, "তেওঁলোকে সকলো লুণ্ঠন কৰিছিল, তেওঁৰ পকেটত থকা সকলো খিনি লৈ গৈছিল, মোৰ গাড়ীৰ চাবিলৈ লৈ গৈছিল ।লগে লগে তেওঁলোক উভতি আহিছিল আৰু ফোনটো আমাক ঘূৰাই দিছিল"।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ