--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক অদ্ভুত ডকাইতি কাণ্ডই এতিয়া বেছ চৰ্চা লাভ কৰিছে। দুজন ডকাইতে  ডকাইতি কৰিছিল এটা মোবাইল ফোন। দামী আইফোন বুলি ভাবি কাঢ়ি নিয়া  ফোনটো পিছে এণ্ড্ৰইড ফোনহে আছিল। সেয়ে ডকাইতে  সেই ফোনটো ৰাখি কোনো কামত নাহিব বুলি নিশ্চিত হৈছিল। ইয়াৰ পিছতে দুই ডকাইতে  স্পোৰ্টিং মাস্ক পৰিধান কৰি  ফোনৰ গৰাকীৰ কাষলৈ গৈ  স-সন্মানে এণ্ড্ৰইড ফোন ঘূৰাই দিয়ে । 

ডকাইতে হঠাতে আৱিষ্কাৰ কৰিলে যে তেওঁলোকে বন্দুক দেখুৱাই  কাঢ়ি নিয়া  ফোনটো তেওঁলোকৰ আকাংক্ষিত আইফোন নহয়। সেয়ে তেওঁলোকে  ফোনটোৰ গৰাকী  দম্পতীহালৰ কাষলৈ দৌৰি যায় আৰু এণ্ড্ৰইড ফোনটো ঘূৰাই দিয়ে। ঘটনাটো ঘটিছে ৱাশ্বিংটনত। ঘটনাটো সংঘটিত হৈছিল যোৱা মাহত। কিন্তু ঘটনাটোৰ কথা এতিয়াহে পোহৰলৈ আহিছে।  যোৱা মাহত এজন ব্যক্তি সশস্ত্ৰ চোৰৰ কবলত পৰিছিল। ডকাইতে তেওঁৰ গাড়ীৰ চাবি আৰু স্মাৰ্টফোন কাঢ়ি নিছিল।  ৰূপালী আৱৰণেৰে ঢকা  ফোনটো এণ্ড্ৰইড আছিল। কিন্তু ডকাইতে সেয়া আইফোন বুলি ভাবিছিল।তেওঁলোকে  ফোনটো ভালদৰে চাই সেয়া আইফোন নহয় বুলি নিশ্চিত হৈছিল আৰু লগে লগে লোকজনক ফোনটো ঘূৰাই দিছিল।


 এ.বি.চি.৭-ৰ প্ৰতিবেদন অনুসৰি ৱাশ্বিংটন, ডি.চি.-ৰ দম্পতীহালে এই ঘটনাটো প্ৰকাশ কৰিব বিচৰা নাছিল। অৱশ্যে শেষত ঘটনাটো পোহৰলৈ আহে। তেওঁলোকে গাড়ী খন পাৰ্কিং কৰাৰ পিছতে   বন্দুকেৰে সজ্জিত দুজন মুখাপিন্ধা ডকাইতৰ কবলত পৰে। মহিলাগৰাকীয়ে কয়, "তেওঁলোকে সকলো লুণ্ঠন কৰিছিল, তেওঁৰ পকেটত থকা সকলো খিনি লৈ গৈছিল, মোৰ গাড়ীৰ চাবিলৈ লৈ গৈছিল ।লগে লগে তেওঁলোক উভতি আহিছিল আৰু ফোনটো আমাক ঘূৰাই দিছিল"।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ