--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰজাল ৰেভান্নাৰ পিছত এইবাৰ কৰ্ণাটকৰ আন এজন নেতাক যৌন নিৰ্যাতনৰ গোচৰত গ্ৰেপ্তাৰ হ’ব পাৰে। ইতিমধ্যে এগৰাকী নাবালকৰ অভিযোগৰ ভিত্তিত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বি এছ য়েডুৰাপ্পাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ৰাজ্যখনৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ আৰক্ষী মন্ত্ৰী জি পৰমেশ্বৰে বৃহস্পতিবাৰে কয় যে তেওঁক তদন্তৰ উদ্দেশ্যে গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।

কৰ্ণাটকৰ আৰক্ষী মন্ত্ৰীগৰাকীয়ে কয় যে, "যেডিয়ুৰাপ্পাৰ বিৰুদ্ধে POCSO আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে চি আই ডিৰ বিশেষ তদন্তকাৰী দলে। প্ৰয়োজন হ’লে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব।'' 

কাকতলীয়াকৈ মাৰ্চ মাহৰ আৰম্ভণিতে ১৭ বছৰীয়া নাবালিকাগৰাকী আৰু তেওঁৰ মাতৃৰ অভিযোগৰ ভিত্তিত ৮৫ বছৰীয়া য়েডিউৰাপ্পাৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হয় বেংগালুৰুৰ সদাশিৱনগৰ থানাত। পিছত ঘটনাৰ তদন্তৰ বাবে ‘SIT’ গঠন কৰা হয়।

আৰক্ষীৰ সূত্ৰৰ মতে, ২ ফেব্ৰুৱাৰীত নাবালিকাগৰাকী আৰু তেওঁৰ মাতৃয়ে য়েডিউৰাপ্পাৰ ওচৰলৈ গৈ প্ৰৱঞ্চনাৰ গোচৰত সহায় বিচাৰিছিল। অভিযোগ অনুসৰি সেই সময়ত যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল। এই সপ্তাহত এছ আই টিয়ে তদন্তৰ উদ্দেশ্যে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীক মাতি আনিছিল। কিন্তু হাজিৰ নহৈ অধিবক্তাৰ জৰিয়তে সময় বিচাৰি চিঠি প্ৰেৰণ কৰে। ইয়াৰ পিছত কৰ্ণাটকৰ আৰক্ষী মন্ত্ৰীয়ে সেই উল্লেখযোগ্য মন্তব্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ