--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰজাল ৰেভান্নাৰ পিছত এইবাৰ কৰ্ণাটকৰ আন এজন নেতাক যৌন নিৰ্যাতনৰ গোচৰত গ্ৰেপ্তাৰ হ’ব পাৰে। ইতিমধ্যে এগৰাকী নাবালকৰ অভিযোগৰ ভিত্তিত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বি এছ য়েডুৰাপ্পাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ৰাজ্যখনৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ আৰক্ষী মন্ত্ৰী জি পৰমেশ্বৰে বৃহস্পতিবাৰে কয় যে তেওঁক তদন্তৰ উদ্দেশ্যে গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।

কৰ্ণাটকৰ আৰক্ষী মন্ত্ৰীগৰাকীয়ে কয় যে, "যেডিয়ুৰাপ্পাৰ বিৰুদ্ধে POCSO আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে চি আই ডিৰ বিশেষ তদন্তকাৰী দলে। প্ৰয়োজন হ’লে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব।'' 

কাকতলীয়াকৈ মাৰ্চ মাহৰ আৰম্ভণিতে ১৭ বছৰীয়া নাবালিকাগৰাকী আৰু তেওঁৰ মাতৃৰ অভিযোগৰ ভিত্তিত ৮৫ বছৰীয়া য়েডিউৰাপ্পাৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হয় বেংগালুৰুৰ সদাশিৱনগৰ থানাত। পিছত ঘটনাৰ তদন্তৰ বাবে ‘SIT’ গঠন কৰা হয়।

আৰক্ষীৰ সূত্ৰৰ মতে, ২ ফেব্ৰুৱাৰীত নাবালিকাগৰাকী আৰু তেওঁৰ মাতৃয়ে য়েডিউৰাপ্পাৰ ওচৰলৈ গৈ প্ৰৱঞ্চনাৰ গোচৰত সহায় বিচাৰিছিল। অভিযোগ অনুসৰি সেই সময়ত যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল। এই সপ্তাহত এছ আই টিয়ে তদন্তৰ উদ্দেশ্যে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীক মাতি আনিছিল। কিন্তু হাজিৰ নহৈ অধিবক্তাৰ জৰিয়তে সময় বিচাৰি চিঠি প্ৰেৰণ কৰে। ইয়াৰ পিছত কৰ্ণাটকৰ আৰক্ষী মন্ত্ৰীয়ে সেই উল্লেখযোগ্য মন্তব্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু