--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১১ বৰ্ষৰ আই এ এছ বিষয়া অভিষেক সিঙে এতিয়া পুনৰ কাম কৰিব বিচাৰিছে। তেওঁ সেৱালৈ ঘূৰি অহাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মী আৰু প্ৰশিক্ষণ বিভাগ (ডি অ’ পি টি)লৈ আবেদন জনাইছে, যিখন আবেদন ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে।

সেৱালৈ ঘূৰি অহাৰ ক্ষেত্ৰত মতানৈক্য প্ৰকাশ কৰি ৰাজ্য চৰকাৰে আবেদন নাকচ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ পৰামৰ্শৰ প্ৰতিবেদন প্ৰেৰণ কৰিছে।

অভিষেক ২০১০ বেচৰ আই এ এছ বিষয়া তথা বান্দাৰ ডি এম দুৰ্গা শক্তি নাগপালৰ স্বামী। চলচ্চিত্ৰ অভিনেত্ৰী ছানী লিয়নৰ সৈতে এলবাম নিৰ্মাণ কৰি তেওঁ লাইমলাইটলৈ আহে। জৌনপুৰৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পদত্যাগ কৰি বিজেপিৰ পৰা টিকট দাবী কৰিছিল।

বিজেপিয়ে জৌনপুৰৰ পৰা কৃপাশংকৰ সিঙক প্ৰক্ষেপ কৰিছিল। কোনো ৰাজনৈতিক ভৱিষ্যত নেদেখি তেওঁ পুনৰ চৰকাৰী সেৱালৈ ঘূৰি আহিবলৈ আবেদন কৰিলে।

সূত্রৰ পৰা জানিব পৰা মতে, কেন্দ্রই প্রেৰণ কৰা আৱেদনত ৰাজ্য চৰকাৰে সন্মতি নিদিলে৷ নিযুক্তি আৰু কৰ্মী বিভাগে সেৱালৈ ঘূৰি অহাৰ কথা নাকচ কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰলৈও পৰামৰ্শ প্ৰেৰণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু