--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কণ্ঠশিল্পী নেহা কক্কৰৰ শেহতীয়া গীত ‘মেইনে পায়ল হায় ছনকাই’ৰ ৰিমিক্স ভাৰ্চনে যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছে। ফাল্গুনী পাঠকৰ চিৰসেউজ গীত ‘মেইনে পায়ল হায় ছনকাই’ৰ ৰিমিক্স ভাৰ্চন বনাই ট্ৰ’লৰ সন্মুখীন হৈছে নেহা। 

গানটো মুক্তিৰ পোৱাৰ পৰাই সমালোচনাৰ সন্মুখীন হৈছে নেহা কক্কৰ। নেহাই ফাল্গুনী পাঠকৰ সেই সুমধুৰ গীতটি নষ্ট কৰি পেলোৱা বুলি ক্ষোভ উজাৰে নেটিজেনসকলে। নেহা কক্কৰক লৈ খং উঠিছে ফাল্গুনী পাঠকৰো। এতিয়া চৰ্চালৈ আহিছে সংগীত জগতৰ প্ৰসিদ্ধ শিল্পী এ আৰ ৰহমানৰ প্ৰতিক্ৰিয়া।

এ আৰ ৰহমানে ৰিমিক্স সংস্কৃতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ নেহা কক্কৰৰ নাম লোৱা নাই যদিও তেওঁ এই কথা যে নেহাকে লক্ষ্য কৰি কৈছে সেই কথা সকলোৱে বুজি পাইছে। এ আৰ ৰহমানে কয় যে- ''যিমানেই ৰিমিক্স কালচাৰ হৈছে সিমানেই বিকৃত হৈছে। ৰিমিক্সত সুৰকাৰৰ উদ্দেশ্য বিকৃত হৈ পৰে। মানুহে কয় – মই গানটোক লৈ পুনৰ কল্পনা কৰিছো। পুনৰ কল্পনা কৰিবলৈ আপুনি কোন? আন কাৰোবাৰ কামত মই সদায় সাৱধান হৈ থাকোঁ। আপুনি আনৰ কামক সন্মান কৰা উচিত। এনেকুৱা কামবোৰৰ সমাধান আমি কৰিব লাগিব।''

এ আৰ ৰহমানৰ কথাৰ পৰা স্পষ্ট যে তেওঁ ৰিমিক্স সংস্কৃতিক সমৰ্থন নকৰে। বৰঞ্চ মূল কামটোৰ ওপৰত অধিক গুৰুত্ব দিয়ে। অৰিজিনেল ভাল পোৱা গায়ক আৰু সংগীতজ্ঞসকলে সদায় ৰিমিক্স বনোৱাৰ বিৰোধ কৰি আহিছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী