--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কণ্ঠশিল্পী নেহা কক্কৰৰ শেহতীয়া গীত ‘মেইনে পায়ল হায় ছনকাই’ৰ ৰিমিক্স ভাৰ্চনে যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছে। ফাল্গুনী পাঠকৰ চিৰসেউজ গীত ‘মেইনে পায়ল হায় ছনকাই’ৰ ৰিমিক্স ভাৰ্চন বনাই ট্ৰ’লৰ সন্মুখীন হৈছে নেহা। 

গানটো মুক্তিৰ পোৱাৰ পৰাই সমালোচনাৰ সন্মুখীন হৈছে নেহা কক্কৰ। নেহাই ফাল্গুনী পাঠকৰ সেই সুমধুৰ গীতটি নষ্ট কৰি পেলোৱা বুলি ক্ষোভ উজাৰে নেটিজেনসকলে। নেহা কক্কৰক লৈ খং উঠিছে ফাল্গুনী পাঠকৰো। এতিয়া চৰ্চালৈ আহিছে সংগীত জগতৰ প্ৰসিদ্ধ শিল্পী এ আৰ ৰহমানৰ প্ৰতিক্ৰিয়া।

এ আৰ ৰহমানে ৰিমিক্স সংস্কৃতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ নেহা কক্কৰৰ নাম লোৱা নাই যদিও তেওঁ এই কথা যে নেহাকে লক্ষ্য কৰি কৈছে সেই কথা সকলোৱে বুজি পাইছে। এ আৰ ৰহমানে কয় যে- ''যিমানেই ৰিমিক্স কালচাৰ হৈছে সিমানেই বিকৃত হৈছে। ৰিমিক্সত সুৰকাৰৰ উদ্দেশ্য বিকৃত হৈ পৰে। মানুহে কয় – মই গানটোক লৈ পুনৰ কল্পনা কৰিছো। পুনৰ কল্পনা কৰিবলৈ আপুনি কোন? আন কাৰোবাৰ কামত মই সদায় সাৱধান হৈ থাকোঁ। আপুনি আনৰ কামক সন্মান কৰা উচিত। এনেকুৱা কামবোৰৰ সমাধান আমি কৰিব লাগিব।''

এ আৰ ৰহমানৰ কথাৰ পৰা স্পষ্ট যে তেওঁ ৰিমিক্স সংস্কৃতিক সমৰ্থন নকৰে। বৰঞ্চ মূল কামটোৰ ওপৰত অধিক গুৰুত্ব দিয়ে। অৰিজিনেল ভাল পোৱা গায়ক আৰু সংগীতজ্ঞসকলে সদায় ৰিমিক্স বনোৱাৰ বিৰোধ কৰি আহিছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে