--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু বছৰ ধৰি কমেডী শ্ব’ৰ বিচাৰক হিচাপে কাম কৰি অহা অৰ্চনা পূৰণ সিং এগৰাকী সফল অভিনেত্ৰীও হয়। চিনেমাত মূল নায়িকা হ’ব নোৱাৰিলেও তেওঁৰ বহু চৰিত্ৰ আইকনিক। অৰ্চনাই প্ৰায় ৩৫ বছৰ ধৰি এই উদ্যোগত কাম কৰি আহিছে যদিও ইয়াৰ পিছতো এনে এক অভাৱ ঘটিছে অভিনেত্ৰীগৰাকীৰ জীৱনত, যাৰ বেদনা এতিয়া বছৰ বছৰ হৈ যোৱাৰ পাছতো বাহিৰলৈ ওলাই আহিছে। শেহতীয়াকৈ অৰ্চনাই কোৱা এক কথা চৰ্চাৰ বিষয় হৈ পৰিছে।

এটা সাক্ষাৎকাৰত অৰ্চনা পূৰণ সিঙে বছৰ বছৰ ধৰি দমন কৰি ৰখা এক দুখৰ বিষয়ে কয়। তাই নিজৰ পেছাদাৰী জীৱনৰ বিষয়ে মুকলিকৈ আলোচনা কৰি স্বীকাৰ কৰে যে মানুহে তেওঁক মাত্ৰ এটা চৰিত্ৰতে চাব বিচাৰে, দৰ্শকে অনুভৱ কৰে যে তেওঁ কেৱল কমেডীহে কৰিব পাৰে। অভিনেত্ৰীগৰাকীৰ মতে- এগৰাকী অভিনেত্ৰী হিচাপে মই নিজকে বঞ্চিত, প্ৰতাৰিত অনুভৱ কৰোঁ। নিজকে ঠগন খাই থকাৰ দৰে লাগে।

অৰ্চনা পূৰণ সিঙৰ মতে, তেওঁ এতিয়াও ভাল চৰিত্ৰৰ বাবে হাহাকাৰ কৰি আছে যিবোৰ কমেডীৰ পৰা পৃথক। তাইৰ মতে- ''মই এজন শিল্পী হিচাপে বেলেগ কিবা এটা কৰিবলৈ হাবিয়াস কৰি আছোঁ, কাৰণ কমেডীৰ বাহিৰেও মই বহুত কৰিব পাৰো। মই কান্দিব পাৰো আৰু কন্দুৱাবও পাৰো। মই আশা কৰিছো এদিন নহয় এদিন এনে এটা দিন আহিব য’ত মোৰ আশা পূৰণ হ'ব।''

অৰ্চনা পূৰণ সিঙৰ মনৰ আশা পূৰণ হয় নে নাই সেয়া সময়তহে লক্ষ্যণীয় হ’ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ