--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু বছৰ ধৰি কমেডী শ্ব’ৰ বিচাৰক হিচাপে কাম কৰি অহা অৰ্চনা পূৰণ সিং এগৰাকী সফল অভিনেত্ৰীও হয়। চিনেমাত মূল নায়িকা হ’ব নোৱাৰিলেও তেওঁৰ বহু চৰিত্ৰ আইকনিক। অৰ্চনাই প্ৰায় ৩৫ বছৰ ধৰি এই উদ্যোগত কাম কৰি আহিছে যদিও ইয়াৰ পিছতো এনে এক অভাৱ ঘটিছে অভিনেত্ৰীগৰাকীৰ জীৱনত, যাৰ বেদনা এতিয়া বছৰ বছৰ হৈ যোৱাৰ পাছতো বাহিৰলৈ ওলাই আহিছে। শেহতীয়াকৈ অৰ্চনাই কোৱা এক কথা চৰ্চাৰ বিষয় হৈ পৰিছে।

এটা সাক্ষাৎকাৰত অৰ্চনা পূৰণ সিঙে বছৰ বছৰ ধৰি দমন কৰি ৰখা এক দুখৰ বিষয়ে কয়। তাই নিজৰ পেছাদাৰী জীৱনৰ বিষয়ে মুকলিকৈ আলোচনা কৰি স্বীকাৰ কৰে যে মানুহে তেওঁক মাত্ৰ এটা চৰিত্ৰতে চাব বিচাৰে, দৰ্শকে অনুভৱ কৰে যে তেওঁ কেৱল কমেডীহে কৰিব পাৰে। অভিনেত্ৰীগৰাকীৰ মতে- এগৰাকী অভিনেত্ৰী হিচাপে মই নিজকে বঞ্চিত, প্ৰতাৰিত অনুভৱ কৰোঁ। নিজকে ঠগন খাই থকাৰ দৰে লাগে।

অৰ্চনা পূৰণ সিঙৰ মতে, তেওঁ এতিয়াও ভাল চৰিত্ৰৰ বাবে হাহাকাৰ কৰি আছে যিবোৰ কমেডীৰ পৰা পৃথক। তাইৰ মতে- ''মই এজন শিল্পী হিচাপে বেলেগ কিবা এটা কৰিবলৈ হাবিয়াস কৰি আছোঁ, কাৰণ কমেডীৰ বাহিৰেও মই বহুত কৰিব পাৰো। মই কান্দিব পাৰো আৰু কন্দুৱাবও পাৰো। মই আশা কৰিছো এদিন নহয় এদিন এনে এটা দিন আহিব য’ত মোৰ আশা পূৰণ হ'ব।''

অৰ্চনা পূৰণ সিঙৰ মনৰ আশা পূৰণ হয় নে নাই সেয়া সময়তহে লক্ষ্যণীয় হ’ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী