--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাছ হৈছে প্ৰ’টিনকে ধৰি আন বহু খনিজ পদাৰ্থ তথা ভিটামিনৰ ভাণ্ডাৰ। কিন্তু সকলো মাছৰ ভিতৰত ৰৌ মাছত আমাৰ দেহৰ বাবে প্ৰয়োজনীয় কেতবোৰ বিশেষ উপাদান বেছিকৈ থাকে। সেয়ে মাছৰ ভিতৰত অন্যতম উপকাৰী মাছ হৈছে এই ৰৌ মাছ। ৰৌ মাছে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিব পাৰে।

ৰৌ মাছত আন বহু মাছৰ তুলনাত কেল’ৰিৰ পৰিমাণ কম থাকে বাবে মেদবহুল লোকসকলেও নিয়মিত এই মাছ খাব পাৰে।

ৰৌ মাছৰ তেলত থকা থকা ওমেগা-৩ নামৰ ফেটি এচিডে তেজৰ বাবে ক্ষতিকাৰক কলেষ্ট’ৰেল এলডিএল তথা ভিএলডিএল হ্ৰাস কৰাৰ লগতে উপকাৰী কলেষ্ট’ৰেল এইচডিএলৰ পৰিমাণ বৃদ্ধি কৰে।

ফলত হৃদযন্ত্ৰত চৰ্বি জমা হোৱাত বাধাৰ সৃষ্টি হয়।ৰৌ মাছত অমেগা ৩ ফেটি এচিড থাকে। অমেগা ৩ ফেটি এচিড হৈছে অত্যাৱশ্যকীয় ফেটি এচিড, যি বিধ এচিড শৰীৰে নিজে সৃষ্টি কৰিব নোৱাৰে। আমি সেইবোৰ খাদ্যৰ পৰা লাভ কৰিব লাগিব। অমেগা ৩ ফেটি এচিডৰ বহুতো লাভালাভ আছে। এইবোৰে বেয়া কলেষ্টেৰল হ্ৰাস কৰে, ই আনকি ৰক্তচাপ হ্ৰাস কৰিব পাৰে।

আমেৰিকাৰ স্কুল অফ নিউট্ৰিশ্যনৰ জাৰ্ণেলত প্ৰকাশ পোৱা অনুসৰি ৰৌ মাছে উচ্চ ৰক্তচাপৰ পৰা হ’ব পৰা বিপদ হ্ৰাস কৰে । কাৰণ ৰৌ মাছত থকা অমেগা ৩ ফেটি এচিডে উচ্চ ৰক্তচাপ থাকিলে সেয়া হ্ৰাস কৰাত অনুঘটকৰ ভূমিকা পালন কৰে।

নেশ্যনেল চেন্টাৰ ফৰ বায়’লজিকেল ইনফৰ্মেশ্যনৰ তথ্য অনুসৰি,অমেগা ৩ ফেটি এচিডে তেজৰ অনুচক্ৰিকাক গোট মৰাত বাধা দিয়ে ফলত ষ্ট্ৰোক হোৱাৰ আশংকা কমি যায়।

ৰৌ মাছত উচ্চ প্ৰ’টিন থাকে। সেয়ে এই মাছে দেহৰ বিকাশতো সহায় কৰে।ৰৌ মাছত ভিটামিন এ, ডি, ই আদি প্ৰচুৰ পৰিমাণে থাকে।সেইদৰে কেলচিয়াম, জিংক, ছডিয়াম, পটাছিয়াম, আইৰণ তথা খনিজ পদাৰ্থও ৰৌ মাছৰ পৰা পাব পাৰি।

খাদ্য বিশেষজ্ঞসকলৰ মতে ৰৌ মাছত কোলিন নামৰ এবিধ বিশেষ পদাৰ্থ থাকে। এই পদাৰ্থ বিধে শৰীৰত বিভিন্ন প্ৰয়োজনীয় পদাৰ্থ সৃষ্টিত সহায় কৰে। সেয়ে খাদ্য তালিকাত ৰৌ মাছ অন্তৰ্ভূক্ত কৰিবলৈ খাদ্য বিশেষজ্ঞসকলে পৰামৰ্শ দি আহিছে।  মাছ খোৱাৰ সময়ত লগতে এই কথাও মন কৰিব যাতে বাহিৰৰ পৰা  অনা ফৰ্মেলিনযুক্ত মাছৰ সলনি আমাৰ ইয়াতেই স্থানীয়ভাবে উৎপাদিত মাছহে খোৱা হয়। কাৰণ ফৰ্মেলিন আমাৰ দেহৰ বাবে অত্যন্ত অপকাৰী।  









FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ